--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত আইনী সমস্যাৰ সন্মুখীন হৈছে মেঘালয়ৰ এজন প্ৰাক্তন বিধায়ক। বিধায়কজনৰ নাম- জুলিয়াছ ড’ৰফাঙ। ধৰ্ষণৰ অপৰাধত দোষী বিবেচিত হোৱাৰ পাছতে তেওঁক নিম্ন আদালতে ২৫ বছৰৰ কাৰাদণ্ড আৰু ২০ লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ দিছিল। আদালতৰ এই সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক আগন্তুক তিনিমাহৰ ভিতৰত ভুক্তভোগীক ২০ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে প্ৰাক্তন বিধায়কগৰাকীয়ে দাখিল কৰা আবেদন খাৰিজ কৰাৰ সময়তে কয় যে, “দোষী ব্যক্তিৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি এনে শাস্তি ১৫ বছৰ, ২০ বছৰ বা ৩০ বছৰ বা ইয়াৰ মাজৰ যিকোনো বছৰ হ’ব পাৰে। দোষীক সৰ্বোচ্চ শাস্তি নিদিলে ইয়াৰ দ্বাৰা দোষীক ব্যক্তিগত সুবিধা প্ৰদান কৰা হ’ব।”

উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত ৰি-ভয় জিলাৰ বিশেষ বিচাৰপতি এফ এছ চাংমাই POCSOৰ অধীনত দিয়া শাস্তিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দোষী প্ৰাক্তন বিধায়ক জুলিয়াছ ড’ৰফাঙে।

২০১৭ চনত তেওঁ বিধায়ক হৈ থকা অৱস্থাত ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইন আৰু বেআইনী সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

উক্ত গোচৰতে তেওঁক নংপোহ জিলা কাৰাগাৰত কাৰাৰুদ্ধ কৰা হৈছিল যদিও চিকিৎসাজনিত কাৰণত ২০২০ চনত মেঘালয় উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। ২০২১ চনৰ আগষ্ট মাহত POCSOৰ অধীনত আদালতে দোষী সাব্যস্ত হোৱাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিধায়কগৰাকীক।

নিষিদ্ধ ঘোষিত সংগঠন হ্নিউট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড’ৰফাঙে ২০০৭ চনত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত ৰি-ভয় জিলাৰ মাৱাহাটী বিধানসভা নিৰ্বাচনৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement