--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাবালিকাক ধৰ্ষণ কৰাৰ অপৰাধত আইনী সমস্যাৰ সন্মুখীন হৈছে মেঘালয়ৰ এজন প্ৰাক্তন বিধায়ক। বিধায়কজনৰ নাম- জুলিয়াছ ড’ৰফাঙ। ধৰ্ষণৰ অপৰাধত দোষী বিবেচিত হোৱাৰ পাছতে তেওঁক নিম্ন আদালতে ২৫ বছৰৰ কাৰাদণ্ড আৰু ২০ লাখ টকাৰ জৰিমনাৰ নিৰ্দেশ দিছিল। আদালতৰ এই সিদ্ধান্তত হস্তক্ষেপ কৰিবলৈ অস্বীকাৰ কৰিছে মেঘালয় উচ্চ ন্যায়ালয়ে।

বৃহস্পতিবাৰে মুখ্য ন্যায়াধীশ সঞ্জীৱ বেনাৰ্জীৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰি ৰাজ্য চৰকাৰক আগন্তুক তিনিমাহৰ ভিতৰত ভুক্তভোগীক ২০ লাখ টকা ক্ষতিপূৰণ দিবলৈ নিৰ্দেশ দিয়ে।

উচ্চ ন্যায়ালয়ৰ বিভাগীয় বিচাৰপীঠে প্ৰাক্তন বিধায়কগৰাকীয়ে দাখিল কৰা আবেদন খাৰিজ কৰাৰ সময়তে কয় যে, “দোষী ব্যক্তিৰ বয়সৰ প্ৰতি লক্ষ্য ৰাখি এনে শাস্তি ১৫ বছৰ, ২০ বছৰ বা ৩০ বছৰ বা ইয়াৰ মাজৰ যিকোনো বছৰ হ’ব পাৰে। দোষীক সৰ্বোচ্চ শাস্তি নিদিলে ইয়াৰ দ্বাৰা দোষীক ব্যক্তিগত সুবিধা প্ৰদান কৰা হ’ব।”

উল্লেখ্য যে, ২০২১ চনৰ আগষ্ট মাহত ৰি-ভয় জিলাৰ বিশেষ বিচাৰপতি এফ এছ চাংমাই POCSOৰ অধীনত দিয়া শাস্তিৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাইছিল দোষী প্ৰাক্তন বিধায়ক জুলিয়াছ ড’ৰফাঙে।

২০১৭ চনত তেওঁ বিধায়ক হৈ থকা অৱস্থাত ১৪ বছৰীয়া নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁৰ বিৰুদ্ধে যৌন অপৰাধৰ পৰা শিশু সুৰক্ষা (POCSO) আইন আৰু বেআইনী সৰবৰাহৰ প্ৰতিৰোধ আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল।

উক্ত গোচৰতে তেওঁক নংপোহ জিলা কাৰাগাৰত কাৰাৰুদ্ধ কৰা হৈছিল যদিও চিকিৎসাজনিত কাৰণত ২০২০ চনত মেঘালয় উচ্চ ন্যায়ালয়ে জামিন প্ৰদান কৰিছিল। ২০২১ চনৰ আগষ্ট মাহত POCSOৰ অধীনত আদালতে দোষী সাব্যস্ত হোৱাৰ পিছত পুনৰ গ্ৰেপ্তাৰ কৰে প্ৰাক্তন বিধায়কগৰাকীক।

নিষিদ্ধ ঘোষিত সংগঠন হ্নিউট্ৰেপ নেচনেল লিবাৰেচন কাউন্সিলৰ প্ৰতিষ্ঠাপক তথা অধ্যক্ষ ড’ৰফাঙে ২০০৭ চনত আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰিছিল। ইয়াৰ পিছত ২০১৩ চনত ৰি-ভয় জিলাৰ মাৱাহাটী বিধানসভা নিৰ্বাচনৰ পৰা বিধান সভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰি জয়ী হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন