--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পাছত স্বামীগৃহত সকলো উপভোগ কৰাৰ সম্পূৰ্ণ অধিকাৰ মহিলাৰ আছে। এইক্ষেত্ৰত শহুৰ-শাহুৰে কোনোধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰিব। এই মন্তব্য কৰিছে দিল্লী উচ্চ ন্যায়ালয়ে। এক গোচৰৰ শুনানি গ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰিছে।

দিল্লী ন্যায়ালয়ৰ ন্যায়াধীশ অনিশ দয়ালৰ একক বিচাৰপীঠে শাহুৰেকে এগৰাকী মহিলাৰ বিৰুদ্ধে দাখিল কৰা এফআইআৰ খাৰিজ কৰি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰে। ন্যায়ালয়ে গোচৰটো পৰ্যবেক্ষণ কৰিলত দেখা গ’ল যে মহিলাগৰাকীক স্বামী আৰু শাহুৰেকে নিৰ্যাতন কৰি আহিছিল। কিন্তু স্বামী আৰু শাহুৰেকে মহিলাগকাৰীৰ বিৰুদ্ধে ঘৰৰ শান্তি বিঘ্নিত কৰাৰ লগতে ক্ষতিসাধন কৰাৰ প্ৰতি অভিযোগ আনিছিল।

সূত্ৰ অনুসৰি ২০২১ চনত বিবাহপাশত আবদ্ধ হৈছিল মহিলাগৰাকী। বিবাহৰ পাছতে যৌতুক বিচাৰি স্বামী আৰু শাহুৰেকে মহিলাগৰাকীক নিৰ্যাতনৰ অভিযোগ উত্থাপন হৈছিল। তেতিয়াৰ পৰাই মহিলাগৰাকীয়ে শাহুৰেকৰ গৃহ ত্যাগ কৰি নিজ পিতৃৰ গৃহত থাকিবলৈ লয়।

২০২২ চনত এই অভিযোগৰ ভিত্তিত এগৰাকী মেট্ৰ’পলিটান মেজিষ্ট্ৰেটে মহিলাগৰাকীক সুৰক্ষাৰ নিৰ্দেশ দি কয় যে তেওঁক উপযুক্ত আইনী পদ্ধতি অনুসৰণ নকৰাকৈ শাহুৰেকৰ ঘৰৰ পৰা উলিয়াই দিব নোৱাৰি।

কিন্তু ইয়াৰ পিছতো মহিলাগৰাকীক শাহুৰেকৰ ঘৰত প্ৰৱেশ কৰাত বাধা আৰোপ কৰা বুলি অভিযোগ উঠে। শাহুৰেকৰ ঘৰত মহিলাগৰাকীক প্ৰৱেশ কৰিবলৈ দিলেও অতিৰিক্ত অধিবেশন ন্যায়াধীশৰ আদালতত আইনী সুৰক্ষাৰ আদেশ বাহাল থাকিল। ইয়াৰ পিছতে শাহুৰেকে মহিলাগৰাকীৰ বিৰুদ্ধে অনাধিকাৰ প্ৰৱেশ আৰু চুৰিৰ অভিযোগত এফআইআৰ দাখিল কৰে।

ন্যায়াধীশ দয়ালে কয় যে এই এফআইআৰৰ উদ্দেশ্য আছিল নিৰাপত্তাৰক্ষীক ব্যৱহাৰ কৰি মহিলাগৰাকীক শাহুৰেকৰ ঘৰত প্ৰৱেশ কৰাত বাধা দিয়া। এই এজাহাৰখন খাৰিজ কৰিবলৈ অনুৰোধ জনাই ন্যালায়লৰ কাষ চাপিছিল মহিলাগৰাকীয়ে। ন্যায়ালয়ে গোচৰটো পৰ্যবেক্ষণ কৰি কয় যে মহিলাগৰাকীৰ শাহুৰেকৰ ঘৰৰ যৌথ-সম্পত্তিত ‘অবিচ্ছেদ্য অধিকাৰ’ আছে আৰু মহিলাগৰাকীয়ে আইনী সুৰক্ষা লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন