--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’ব ‘মিছ ৱৰ্ল্ড ২০২৩’ প্ৰতিযোগিতা। প্ৰায় তিনিটা দশকৰ অন্তত ভাৰতত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ এই গ্ৰেণ্ড ইভেণ্ট। ভাৰতে শেষবাৰৰ বাবে ১৯৯৬ চনত এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল।

‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ ৭১ সংখ্যক সংস্কৰণ চলিত বৰ্ষত অনুষ্ঠিত হ’ব। চলিত বৰ্ষৰ নৱেম্বৰ মাহত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিযোগিতাখনৰ চূড়ান্ত তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।

মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে বৃহস্পতিবাৰে এক সংবাদমেলত কয় যে ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ফাইনেলৰ আয়োজক হিচাপে ভাৰতৰ নাম ঘোষণা কৰি তেওঁ অতিশয় আনন্দিত হৈছে। এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি ভাৰতৰ অনন্য আৰু বৈচিত্ৰময় সংস্কৃতি, বিশ্বমানৰ আকৰ্ষণীয় স্থানসমূহ বিশ্বৰ বাকী অংশৰ সৈতে শ্বেয়াৰ কৰিবলৈ আগ্ৰহী হৈ পৰিছো।

১৩০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে এমাহজোৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই প্ৰেক্ষাপটত জুলিয়া মৰ্লিয়ে কয় যে বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় বিজয়ী (প্ৰতিযোগী)সকলে মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিব।

উল্লেখ্য যে বৰ্তমানৰ মিছ ৱৰ্ল্ড হৈছে পোলেণ্ডৰ কেৰ’লিনা বিলাউস্কা। বৰ্তমান তেওঁ ভাৰততে আছে। তেওঁ আগন্তুক প্ৰতিযোগিতাখনৰ বিষয়ে বিশ্বত প্ৰচাৰ কৰি আছে।

এই পৰ্যন্ত ভাৰতৰ ৬ গৰাকী প্ৰতিযোগীয়ে এই সন্মানীয় মুকুট লাভ কৰিছে। তেওঁলোক হ’ল ৰীতা ফৰিয়া (১৯৬৬), ঐশ্বৰ্য ৰায় (১৯৯৪), ডায়েনা হেডেন (১৯৯৭), যুক্তা মুখী (১৯৯৯), প্ৰিয়ংকা চোপ্ৰা (২০০০) আৰু মানুষী ছিল্লাৰ (২০১৭)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু