--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত অনুষ্ঠিত হ’ব ‘মিছ ৱৰ্ল্ড ২০২৩’ প্ৰতিযোগিতা। প্ৰায় তিনিটা দশকৰ অন্তত ভাৰতত অনুষ্ঠিত হ’ব আন্তঃৰাষ্ট্ৰীয় সৌন্দৰ্য প্ৰতিযোগিতাৰ এই গ্ৰেণ্ড ইভেণ্ট। ভাৰতে শেষবাৰৰ বাবে ১৯৯৬ চনত এই প্ৰতিযোগিতাখন আয়োজন কৰিছিল।

‘মিছ ৱৰ্ল্ড’ প্ৰতিযোগিতাৰ ৭১ সংখ্যক সংস্কৰণ চলিত বৰ্ষত অনুষ্ঠিত হ’ব। চলিত বৰ্ষৰ নৱেম্বৰ মাহত এই প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। অৱশ্যে প্ৰতিযোগিতাখনৰ চূড়ান্ত তাৰিখ এতিয়াও নিশ্চিত হোৱা নাই।

মিছ ৱৰ্ল্ড অৰ্গেনাইজেশ্যনৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া জুলিয়া মৰ্লিয়ে বৃহস্পতিবাৰে এক সংবাদমেলত কয় যে ৭১ সংখ্যক মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ ফাইনেলৰ আয়োজক হিচাপে ভাৰতৰ নাম ঘোষণা কৰি তেওঁ অতিশয় আনন্দিত হৈছে। এই প্ৰতিযোগিতাক কেন্দ্ৰ কৰি ভাৰতৰ অনন্য আৰু বৈচিত্ৰময় সংস্কৃতি, বিশ্বমানৰ আকৰ্ষণীয় স্থানসমূহ বিশ্বৰ বাকী অংশৰ সৈতে শ্বেয়াৰ কৰিবলৈ আগ্ৰহী হৈ পৰিছো।

১৩০ খনতকৈও অধিক দেশৰ প্ৰতিযোগীয়ে এমাহজোৰা এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই প্ৰেক্ষাপটত জুলিয়া মৰ্লিয়ে কয় যে বিভিন্ন দেশৰ ৰাষ্ট্ৰীয় বিজয়ী (প্ৰতিযোগী)সকলে মিছ ৱৰ্ল্ড ২০২৩ প্ৰতিযোগিতাত নিজৰ কৃতিত্ব প্ৰদৰ্শন কৰিব।

উল্লেখ্য যে বৰ্তমানৰ মিছ ৱৰ্ল্ড হৈছে পোলেণ্ডৰ কেৰ’লিনা বিলাউস্কা। বৰ্তমান তেওঁ ভাৰততে আছে। তেওঁ আগন্তুক প্ৰতিযোগিতাখনৰ বিষয়ে বিশ্বত প্ৰচাৰ কৰি আছে।

এই পৰ্যন্ত ভাৰতৰ ৬ গৰাকী প্ৰতিযোগীয়ে এই সন্মানীয় মুকুট লাভ কৰিছে। তেওঁলোক হ’ল ৰীতা ফৰিয়া (১৯৬৬), ঐশ্বৰ্য ৰায় (১৯৯৪), ডায়েনা হেডেন (১৯৯৭), যুক্তা মুখী (১৯৯৯), প্ৰিয়ংকা চোপ্ৰা (২০০০) আৰু মানুষী ছিল্লাৰ (২০১৭)।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ