--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশী মাটিত ভাৰতীয় ঐতিহ্যক প্ৰচাৰ কৰাৰ সপোন ৰমিলা লটপটেৰ। সেই সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ শাৰী পিন্ধি বিশ্বজুৰি বাইক চলাবলৈ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ এখন ছবিয়ে ছ’চিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। নৱৰী (এবিধ বিশেষ ধৰণৰ শাৰী) পিন্ধি গুলী চলাই থকা এগৰাকী মহিলাক দেখা গৈছে। সেই মহিলাগৰাকী হৈছে পুনেৰ বাসিন্দা ৰমিলা।

৯ মাৰ্চত যাত্ৰা আৰম্ভ কৰাৰ  এবছৰৰ পিছত ২০২৪ চনৰ ৮ মাৰ্চত ঘৰলৈ উভটাৰ পৰিকল্পনা কৰিছে ৰমিলাই। এক সাক্ষাৎকাৰত ২৭ বছৰীয়া ৰমিলাই কয়, ‘‘মই মুঠ ২০খন দেশ ভ্ৰমণ কৰিম। প্ৰায় ১ লাখ কিলোমিটাৰ যাত্ৰা। এই যাত্ৰাত মোৰ লগত থাকিব আত্মনিৰ্ভৰশীল মহিলা গোটৰ দ্বাৰা নিৰ্মিত সামগ্ৰী। ভাৰতীয় আৰু মহাৰাষ্ট্ৰীয় সংস্কৃতিক বিশ্বলৈ অনাৰ মোৰ এই যাত্ৰা।’’

ৰমিলাই কয়- ‘‘আমি ডিজিটেল যুগত থাকিলেও, ভাৰতীয় সংস্কৃতি আৰু বৈচিত্ৰ্যই এতিয়াও সম্পূৰ্ণৰূপে পৃথিৱীৰ বিভিন্ন প্ৰান্তত উপনীত হোৱা নাই। আমাৰ দেশৰ সৰু সৰু গাঁৱৰ শিপিনীসকলে উৎকৃষ্ট কাম কৰি আছে, কিন্তু আমি বাৰে বাৰে বিশ্বৰ বজাৰ দখল কৰাত ব্যৰ্থ হৈছো। মোৰ যাত্ৰাৰ জৰিয়তে মই সেই শিল্পীসকলে নিৰ্মাণ কৰা শিল্পকলাক লাইমলাইটলৈ আনিব বিচাৰো। মোৰ এই যাত্ৰাৰ জৰিয়তে তেওঁলোকৰ হাতৰ কাম বিশ্ব বজাৰত পৰিচিত হ’ব বুলি আশা কৰিলোঁ।’’

ৰমিলাই সৰুৰে পৰাই দেউতাকৰ হাতত ধৰি ভাৰতৰ গাঁৱে-ভূঞে ঘূৰি ফুৰিছিল। ১৬ বছৰৰ ভিতৰত তেওঁ প্ৰথম বিদেশ ভ্ৰমণ কৰে। ইয়াৰ পিছতে তেওঁ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰে।

ৰমিলাই কয়, "মই দেশৰ বিভিন্ন প্ৰান্ত আৰু বিদেশ ভ্ৰমণ কৰি উপলব্ধি কৰিছো যে বিদেশী ভূমিত ভাৰতীয় ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ এতিয়াও এনেদৰে কৰা হোৱা নাই। আৰু সেইবাবেই মই বিদেশলৈ যোৱাৰ কথা ভাবিছোঁ। দেশৰ বিভিন্ন ৰাজ্যৰ শাৰী মোৰ লগত ৰাখিছো। যাত্ৰাত সেই শাৰীবোৰ পিন্ধিম।''

৯ মাৰ্চ তাৰিখে ইণ্ডিয়া গেটৰ সন্মুখৰ পৰা যাত্ৰা আৰম্ভ কৰিব ৰমিলাই। আকৌ এবাৰ প্ৰমাণ কৰিলে যে মহিলাসকলে ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক