--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিদেশী মাটিত ভাৰতীয় ঐতিহ্যক প্ৰচাৰ কৰাৰ সপোন ৰমিলা লটপটেৰ। সেই সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ শাৰী পিন্ধি বিশ্বজুৰি বাইক চলাবলৈ সিদ্ধান্ত লৈছে। শেহতীয়াকৈ এখন ছবিয়ে ছ’চিয়েল মিডিয়াত যথেষ্ট আলোড়নৰ সৃষ্টি কৰিছে। নৱৰী (এবিধ বিশেষ ধৰণৰ শাৰী) পিন্ধি গুলী চলাই থকা এগৰাকী মহিলাক দেখা গৈছে। সেই মহিলাগৰাকী হৈছে পুনেৰ বাসিন্দা ৰমিলা।

৯ মাৰ্চত যাত্ৰা আৰম্ভ কৰাৰ  এবছৰৰ পিছত ২০২৪ চনৰ ৮ মাৰ্চত ঘৰলৈ উভটাৰ পৰিকল্পনা কৰিছে ৰমিলাই। এক সাক্ষাৎকাৰত ২৭ বছৰীয়া ৰমিলাই কয়, ‘‘মই মুঠ ২০খন দেশ ভ্ৰমণ কৰিম। প্ৰায় ১ লাখ কিলোমিটাৰ যাত্ৰা। এই যাত্ৰাত মোৰ লগত থাকিব আত্মনিৰ্ভৰশীল মহিলা গোটৰ দ্বাৰা নিৰ্মিত সামগ্ৰী। ভাৰতীয় আৰু মহাৰাষ্ট্ৰীয় সংস্কৃতিক বিশ্বলৈ অনাৰ মোৰ এই যাত্ৰা।’’

ৰমিলাই কয়- ‘‘আমি ডিজিটেল যুগত থাকিলেও, ভাৰতীয় সংস্কৃতি আৰু বৈচিত্ৰ্যই এতিয়াও সম্পূৰ্ণৰূপে পৃথিৱীৰ বিভিন্ন প্ৰান্তত উপনীত হোৱা নাই। আমাৰ দেশৰ সৰু সৰু গাঁৱৰ শিপিনীসকলে উৎকৃষ্ট কাম কৰি আছে, কিন্তু আমি বাৰে বাৰে বিশ্বৰ বজাৰ দখল কৰাত ব্যৰ্থ হৈছো। মোৰ যাত্ৰাৰ জৰিয়তে মই সেই শিল্পীসকলে নিৰ্মাণ কৰা শিল্পকলাক লাইমলাইটলৈ আনিব বিচাৰো। মোৰ এই যাত্ৰাৰ জৰিয়তে তেওঁলোকৰ হাতৰ কাম বিশ্ব বজাৰত পৰিচিত হ’ব বুলি আশা কৰিলোঁ।’’

ৰমিলাই সৰুৰে পৰাই দেউতাকৰ হাতত ধৰি ভাৰতৰ গাঁৱে-ভূঞে ঘূৰি ফুৰিছিল। ১৬ বছৰৰ ভিতৰত তেওঁ প্ৰথম বিদেশ ভ্ৰমণ কৰে। ইয়াৰ পিছতে তেওঁ পৃথিৱীৰ বিভিন্ন দেশ ভ্ৰমণ কৰে।

ৰমিলাই কয়, "মই দেশৰ বিভিন্ন প্ৰান্ত আৰু বিদেশ ভ্ৰমণ কৰি উপলব্ধি কৰিছো যে বিদেশী ভূমিত ভাৰতীয় ঐতিহ্যৰ প্ৰচাৰ আৰু প্ৰসাৰ এতিয়াও এনেদৰে কৰা হোৱা নাই। আৰু সেইবাবেই মই বিদেশলৈ যোৱাৰ কথা ভাবিছোঁ। দেশৰ বিভিন্ন ৰাজ্যৰ শাৰী মোৰ লগত ৰাখিছো। যাত্ৰাত সেই শাৰীবোৰ পিন্ধিম।''

৯ মাৰ্চ তাৰিখে ইণ্ডিয়া গেটৰ সন্মুখৰ পৰা যাত্ৰা আৰম্ভ কৰিব ৰমিলাই। আকৌ এবাৰ প্ৰমাণ কৰিলে যে মহিলাসকলে ইচ্ছা কৰিলে যিকোনো কাম কৰিব পাৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
অলিম্পিকত নাথাকিব ভাৰত-পাকিস্তানৰ মেচ
এছিয়া কাপ ক্রিকেট প্রতিযোগিতাক লৈ অনিশ্চয়তাৰ সৃষ্টি
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে
ধোঁৱাচাঙত ৰাজ্যৰ জলসিঞ্চন বিভাগ ; কামপুৰত বতৰৰ ওপৰত নিৰ্ভৰশীল কৃষকে ৰুব পৰা নাই ভূঁই
পাকিস্তানক সহায়ৰ বাবে আগবাঢ়িছে ভাৰতৰ বন্ধু ৰাষ্ট্ৰ! ঐতিহাসিক চুক্তিত স্বাক্ষৰ...
অখিল গগৈৰ বিৰুদ্ধে মহিলা আয়োগত অভিযোগ দাখিল লাকী গগৈ নামৰ এগৰাকী মহিলাৰ
ঋষভ পন্তে ভংগ কৰিলে এম এছ ধোনীৰ অভিলেখ
৮৭ কোটি টকাত বিক্ৰী হ’ল এটা হেণ্ডবেগ! জানো আহক এই বেগৰ ৰহস্য
কোটিৰ ঘৰৰ পৰা কোটিৰ বাহনলৈ! জানক অনন্ত আম্বানীৰ বিলাসীতাৰ কথা
শুভাংশু শুক্লাৰ ওভতনি যাত্ৰা ; আজি পৃথিৱীত পদার্পণ কৰিব শুভাংশু শুক্লাই