ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰমে দহিব দেশৰ ৰাজধানী চহৰ দিল্লীক৷ বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা তেনে ইংগিতেই পোৱা গৈছে৷ দিল্লীত বুধবাৰে সৰ্বনিম্ন তাপমাত্ৰা ১৫.৪ ডিগ্ৰী চেলচিয়াছ আছিল আৰু সৰ্বাধিক তাপমাত্ৰা আছিল প্ৰায় ৩১ ডিগ্ৰী চেলচিয়াছ । সপ্তাহান্তৰ ভিতৰত সৰ্বাধিক তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷
ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) আজি এই কথা প্ৰকাশ কৰিছে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত দিল্লীত গড় সৰ্বাধিক তাপমাত্ৰা আছিল ২৭.৭ ডিগ্ৰী চেলচিয়াছ, যি যোৱা ৬৩ বছৰত তৃতীয় সৰ্বাধিক আছিল। ২০ ফেব্ৰুৱাৰীত দিল্লীয়ে ১৯৬৯ চনৰ পৰা তৃতীয় গৰম ফেব্ৰুৱাৰী মাহৰ দিনটো ৰেকৰ্ড কৰিছিল ৷ সেই দিনটোত চফদৰজং এলেকাত সৰ্বাধিক তাপমাত্ৰা ৩৩.৬ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছিল।
সামগ্ৰিকভাৱে দেশখন ১৯০১ চনৰ পৰা আই.এম.ডি.-য়ে তাপমাত্ৰাৰ তথ্য সংৰক্ষণ কৰা আৰম্ভ ককৰিছিল৷ বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে মাৰ্চ আৰু মে’ মাহৰ ভিতৰত দিল্লীত তাপমাত্ৰা লক্ষ্যণীয় হাৰত বৃদ্ধি পাব৷ উল্লেখ্য প্ৰদূষণৰ ব্যাপক সংহাৰৰ বাবেই দিল্লীত গৰমৰ দিনত অত্যধিক গৰম আৰু ঠাণ্ডাৰ দিনত অত্যধিক ঠাণ্ডা হৈ আহিছে৷
বিশ্বৰ আটাইতকৈ প্ৰদূষিত বৃহৎ চহৰ হৈ পৰিছে দিল্লী।ইয়াত গড় বাৰ্ষিক পিএম ২.৫ ৰ স্তৰ প্ৰতি ঘন মিটাৰত ১০৭ মাইক্ৰ’গ্ৰাম হৈছে। এই পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্তৰতকৈ ২১ গুণতকৈ অধিক। এনেসময়তে বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাবে পৰিগণিত হোৱা দিল্লীৰ প্ৰদূষণ নিয়ত্ৰণৰ বাবে আপ চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।