--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  প্ৰচণ্ড গৰমে  দহিব  দেশৰ ৰাজধানী চহৰ দিল্লীক৷  বতৰ বিজ্ঞান কেন্দ্ৰৰ পৰা তেনে ইংগিতেই পোৱা গৈছে৷ দিল্লীত বুধবাৰে সৰ্বনিম্ন তাপমাত্ৰা ১৫.৪ ডিগ্ৰী চেলচিয়াছ আছিল আৰু সৰ্বাধিক তাপমাত্ৰা  আছিল প্ৰায় ৩১ ডিগ্ৰী চেলচিয়াছ । সপ্তাহান্তৰ ভিতৰত সৰ্বাধিক তাপমাত্ৰা ৩৪ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে৷  

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) আজি এই কথা প্ৰকাশ কৰিছে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত  দিল্লীত গড় সৰ্বাধিক তাপমাত্ৰা আছিল ২৭.৭ ডিগ্ৰী চেলচিয়াছ, যি যোৱা ৬৩ বছৰত তৃতীয় সৰ্বাধিক আছিল। ২০ ফেব্ৰুৱাৰীত দিল্লীয়ে ১৯৬৯ চনৰ পৰা তৃতীয় গৰম ফেব্ৰুৱাৰী মাহৰ দিনটো ৰেকৰ্ড কৰিছিল ৷ সেই দিনটোত  চফদৰজং এলেকাত  সৰ্বাধিক তাপমাত্ৰা ৩৩.৬ ডিগ্ৰী চেলচিয়াছলৈ বৃদ্ধি পাইছিল।

সামগ্ৰিকভাৱে দেশখন ১৯০১  চনৰ পৰা  আই.এম.ডি.-য়ে তাপমাত্ৰাৰ তথ্য সংৰক্ষণ কৰা আৰম্ভ ককৰিছিল৷  বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে  যে মাৰ্চ আৰু মে’ মাহৰ ভিতৰত দিল্লীত  তাপমাত্ৰা  লক্ষ্যণীয় হাৰত বৃদ্ধি পাব৷ উল্লেখ্য প্ৰদূষণৰ ব্যাপক সংহাৰৰ বাবেই দিল্লীত গৰমৰ দিনত অত্যধিক গৰম আৰু ঠাণ্ডাৰ দিনত অত্যধিক ঠাণ্ডা হৈ আহিছে৷ 

বিশ্বৰ আটাইতকৈ প্ৰদূষিত বৃহৎ চহৰ হৈ পৰিছে দিল্লী।ইয়াত গড় বাৰ্ষিক পিএম ২.৫ ৰ স্তৰ প্ৰতি ঘন মিটাৰত ১০৭  মাইক্ৰ’গ্ৰাম হৈছে। এই পৰিমাণ বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া স্তৰতকৈ ২১ গুণতকৈ অধিক। এনেসময়তে  বিশ্বৰ ভিতৰতে সৰ্বাধিক প্ৰদূষিত চহৰ হিচাবে পৰিগণিত হোৱা দিল্লীৰ প্ৰদূষণ নিয়ত্ৰণৰ বাবে আপ চৰকাৰে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক