--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ শিবিৰত আৰ্টিলাৰী গুলীচালনাৰ অনুশীলন চলি আছিল। হঠাৎ এটা গুলী শ্বুটিং ৰেঞ্জ পাৰ হৈ ওচৰৰ গাঁৱত পৰে। সেই সময়ত বহু লোকে পথাৰত কাম কৰি আছিল। আকস্মিক এই গোলাবৰ্ষণত ৩ জন লোকৰ মৃত্যু হ’ল। বিহাৰৰ গয়া জিলাত সংঘটিত হৈছে এই ঘটনা।

গয়াৰ বৰাচট্টি থানাৰ অন্তৰ্গত গুলাৰভেদ গাঁও। তাৰ কাষতে এটা আৰ্মী কেম্প। বুধবাৰে পুৱা সেনা জোৱানসকলে তাত কামানৰ গুলীচালনাৰ অনুশীলন কৰি আছিল। সেই সময়ত হঠাৎ এটা গুলী শিবিৰৰ গাঁৱৰ ফালে যায়। গুলীটো পথাৰত পৰি লগে লগে তীব্ৰ বিস্ফোৰণ হয়। বিস্ফোৰণস্থলীৰ আশে-পাশে ৭ জন লোকে কাম কৰি আছিল। আটাইকেইজন আহত হয়।

ততাতৈয়াকৈ তেওঁলোকক ওচৰৰ অনুগ্ৰহ নাৰায়ণ মগধ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসকে ৩জন গাঁওবাসীক মৃত ঘোষণা কৰে। মৃতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে।

গয়াৰ আৰক্ষী অধীক্ষক আশীষ ভাৰতীয়ে কয় যে বাকী ৩ গৰাকী আহত ব্যক্তিৰ ভিতৰত ২ গৰাকী মহিলাৰ অৱস্থা সংকটজনক। আৰক্ষীৰ বিশেষ দল এটাই সেই স্থান পৰিদৰ্শন কৰিছে৷
FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাৰ ৰাজপথত গৰমক নেওচি ইংলেণ্ডৰ যুৱকে চলাইছে প্ৰদূষণমুক্ত ৰিক্সা
মাজুলীৰ পথাৰত ছিঁৰাল ফাট
এ কে-২০৩ ৰাইফল : সশস্ত্র বাহিনীলৈ নতুন উপহাৰ
অসমৰ ৪৬ শতাংশ লোকে পুনৰ মুখ্যমন্ত্ৰী হিচাপে বিচাৰে ড° হিমন্ত বিশ্ব শর্মাক, ৪৫শতাংশই গৌৰৱ গগৈক
বৃহৎ উপাৰ্জনেৰে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে বিচিচিআইয়ে ; দুবছৰত ৫ হাজাৰ কোটি টকাৰ লাভ
আমেৰিকাৰ ঘোষণাৰ পাছত আঞ্চলিক সন্ত্ৰাসবিৰোধী সহযোগিতাৰ আহ্বান চীনৰ
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে