--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সেনাৰ শিবিৰত আৰ্টিলাৰী গুলীচালনাৰ অনুশীলন চলি আছিল। হঠাৎ এটা গুলী শ্বুটিং ৰেঞ্জ পাৰ হৈ ওচৰৰ গাঁৱত পৰে। সেই সময়ত বহু লোকে পথাৰত কাম কৰি আছিল। আকস্মিক এই গোলাবৰ্ষণত ৩ জন লোকৰ মৃত্যু হ’ল। বিহাৰৰ গয়া জিলাত সংঘটিত হৈছে এই ঘটনা।

গয়াৰ বৰাচট্টি থানাৰ অন্তৰ্গত গুলাৰভেদ গাঁও। তাৰ কাষতে এটা আৰ্মী কেম্প। বুধবাৰে পুৱা সেনা জোৱানসকলে তাত কামানৰ গুলীচালনাৰ অনুশীলন কৰি আছিল। সেই সময়ত হঠাৎ এটা গুলী শিবিৰৰ গাঁৱৰ ফালে যায়। গুলীটো পথাৰত পৰি লগে লগে তীব্ৰ বিস্ফোৰণ হয়। বিস্ফোৰণস্থলীৰ আশে-পাশে ৭ জন লোকে কাম কৰি আছিল। আটাইকেইজন আহত হয়।

ততাতৈয়াকৈ তেওঁলোকক ওচৰৰ অনুগ্ৰহ নাৰায়ণ মগধ চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। চিকিৎসকে ৩জন গাঁওবাসীক মৃত ঘোষণা কৰে। মৃতসকলৰ ভিতৰত এগৰাকী মহিলাও আছে।

গয়াৰ আৰক্ষী অধীক্ষক আশীষ ভাৰতীয়ে কয় যে বাকী ৩ গৰাকী আহত ব্যক্তিৰ ভিতৰত ২ গৰাকী মহিলাৰ অৱস্থা সংকটজনক। আৰক্ষীৰ বিশেষ দল এটাই সেই স্থান পৰিদৰ্শন কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক