--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগৰিকক সন্ত্ৰাসিত কৰি শাসন চলোৱা তালিবানে সকলোতে চৰ্চা লাভ কৰিছে৷আনকি সাধাৰণ অপৰাধৰ বাবেই তালিবানে কেনে চৰম শাস্তি প্ৰদান কৰিব পাৰে সেয়াও বিশ্বই দেখিছে৷ এইবাৰ নাৰী শিক্ষা সমৰ্থনত মাত মতাৰ বাবেই তালিবানৰ অমানৱীয় শাস্তিৰ সন্মুখীন হ’ব লগীয়া হ’ল এজন অধ্যাপক৷ 

কাবুলৰ এজন অধ্যাপকে নাৰী শিক্ষাৰ বাবে   তালিবানৰ শিক্ষা নীতিৰ বিৰুদ্ধে থিয় দিছিল। এই দোষতেই তালিবান চৰকাৰে তেওঁক ৰাইজৰ সন্মুখত শাস্তি দিছিল। অধ্যাপকজনৰ এজন বন্ধুৱে সংবাদ মাধ্যমক জনাই  যে অধ্যাপকজনক প্ৰথমে ৰাস্তাৰ মাজত অমানৱীয়ভাৱে প্ৰহাৰ কৰা হৈছিল। তাৰ পিছত, তেওঁক তাৰ পৰা টানি নিয়া হৈছিল আৰু অসন্মানজনকভাৱে অজ্ঞাত স্থানলৈ লৈ যোৱা হৈছিল। তেতিয়াৰ পৰা, অধ্যাপকজনক বিচাৰি পোৱা হোৱা নাই।

কাবুলৰ এই অধ্যাপকজনৰ নাম ইছমাইল মাচাল। তেওঁ কাবুল বিশ্ববিদ্যালয়ত সাংবাদিকতা শিকাইছিল। কিন্তু এতিয়া সেই কাম টো নাইকিয়া হৈছে। কেইদিনমান আগতে, মাচালে এটা টিভি চেনেলৰ সন্মুখত তেওঁৰ উচ্চ শিক্ষাৰ প্ৰমাণপত্ৰ ফালি পেলাইছিল। তেওঁ কৈছিল যে দেশৰ তালিবান চৰকাৰৰ শিক্ষা নীতিৰ বিৰুদ্ধে এয়া তেওঁৰ প্ৰতিবাদ। কাৰণ তালিবানে দেশৰ ছোৱালীসকলক অন্যায়ভাৱে শিক্ষাৰ পৰা বঞ্চিত কৰি আছে। আৰু দেশৰ এজন শিক্ষিত নাগৰিক হোৱা আৰু শিক্ষক হোৱাৰ বাবে, তেওঁ সেই অন্যায় বন্ধ কৰিবলৈ সক্ষম নহয়। 

প্ৰত্যক্ষদৰ্শীয়ে কয় যে,অধ্যাপক মাচালে সেই ধৃষ্টতাৰ উত্তৰ পাইছিল। তালিবান চৰকাৰে তেওঁলোকৰ নতুন যুগত চৰকাৰখন অধিক সহনশীলভাৱে চলাবলৈ যিমানেই প্ৰতিশ্ৰুতি নিদিয়ক, শেষত তেওঁলোক একেই হ'ব। তালিবানে এই শাস্তিত স্পষ্ট কৰি দিছে যে তেওঁলোকৰ বিৰোধিতা কৰাৰ ফলাফল ভাল নহ'ব।

অৱশ্যে,  তালিবান চৰকাৰে শাস্তিৰ বিষয়ে ইমান ব্যাখ্যা কৰা নাছিল। অৱশ্যে, একে সময়তে, তেওঁ শাস্তিৰ কাৰণ লুকুৱাই ৰখা  নাছিল। তালিবান চৰকাৰৰ তথ্য আৰু সংস্কৃতি মন্ত্ৰালয়ৰ সঞ্চালক আব্দুল হক হামাদে টুইট কৰি কয়, "শিক্ষক মাচালে যোৱা কেইদিনমান ধৰি চৰকাৰৰ বিৰোধিতা কৰি উস্কানিমূলক কাম কৰি আহিছে। সেয়েহে, তদন্তৰ সুবিধাৰ বাবে তেওঁক আটক কৰা হৈছে।” অৱশ্যে হামাদে তেওঁক ক'লৈ লৈ যোৱা হৈছিল সেয়া টুইটত উল্লেখ কৰা নাছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰিজার্ভ বেংকে বান্ধি দিয়া ‘সহনশীলতাৰ সীমা’ অতিক্ৰম; খুচুৰা মুদ্রাস্ফীতি ৬.০৯%লৈ বৃদ্ধি
৪ দশকত ৭টা বৃহৎ পথ দুর্ঘটনা সংঘটিত হৈছে অসমত; জানো আহক সবিশেষ
মথুৰাত চলন্ত বাছত ভয়ংকৰ জুই! চালক জিতেন্দ্ৰৰ বুদ্ধিমত্তাত ৰক্ষা পৰিল ৪০ যাত্ৰীৰ প্ৰাণ
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী