--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাছিয়া-ইউক্ৰেইন যুদ্ধকলৈ পশ্চিমীয়া দেশসমূহৰ সৈতে ৰাছিয়াৰ সংঘাত বৃদ্ধি পাইছে৷ ইউক্ৰেইনক সামৰিক শক্তিৰে সহায় কৰি থকা আমেৰিকাৰ স্থিতিকলৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷   ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ  এবছৰ পূৰ হ’ব৷  ২৪ ফেব্ৰুৱাৰীত ৷ শেহতীয়াকৈ  আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনে আলোড়ণৰ সৃষ্টি কৰিছে৷ 

প্ৰতিবেদনখনত   দাবী কৰা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ৰাছিয়া-ইউক্ৰেইনৰ  যুদ্ধ সমাপ্ত কৰাৰ  বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ইউক্ৰেইনৰ ২০% এলেকা এৰি দিবলৈ প্ৰস্তাৱ আগবঢ়াইছে। চুইছ-জাৰ্মান বাতৰি কাকত নিউ জাৰছাৰ জেইটুং  আৰু ৱাশ্বিংটন পোষ্টত প্ৰকাশিত  প্ৰতিবেদনত এই  দাবী কৰা হৈছে৷ প্ৰতিবেদন অনুসৰি  চিআইএৰ সঞ্চালক উইলিয়াম বাৰ্ণছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৰাষ্ট্ৰপতি জো বিডেনৰ হৈ প্ৰস্তুত কৰা শান্তি পৰিকল্পনাৰ অংশ হিচাপে চলিত যুদ্ধৰ সমাপ্তিৰ বাবে ইউক্ৰেইনৰ এক পঞ্চমাংশ অঞ্চল আগবঢ়াইছিল।

প্ৰতিবেদনত দাবী কৰা হৈছে  যে চিআইএ ৰ সঞ্চালকে গোপনে মস্কো ভ্ৰমণ কৰিছিল আৰু ক্ৰেমলিনক শান্তি প্ৰস্তাৱৰ বিষয়ে অৱগত কৰিছিল ৷  তাৰ পিছত তেওঁ কিয়েভভ্ৰমণ কৰিছিল আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক লগ কৰিছিল প্ৰস্তাৱটো আলোচনা কৰিবলৈ । শেহতীয়াকৈ  প্ৰকাশিত ইয়াৰ প্ৰতিবেদনত উচ্চ পদস্থ জাৰ্মান ৰাজনীতিবিদসকলৰ উদ্ধৃতি দিয়া হৈছে৷  ৱাশ্বিংটন পোষ্টে এইবুলি  প্ৰতিবেদন দিছে  যে বাৰ্ণছে যুদ্ধৰত দেশ দুখনৰ মাজত শান্তি চুক্তি সম্পাদন  কৰিবলৈ চেষ্টা কৰি আছিল , কিন্তু কিয়েভ আৰু মস্কোই  সেই প্ৰস্তাৱ নাকচ কৰিছিল ।  অৱশ্যে হোৱাইট হাউচে প্ৰতিবেদনখন  অস্বীকাৰ কৰিছে। আমেৰিকান সংবাদ মাধ্যম নিউজউইকে হোৱাইট হাউচ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ উপ-মুখপাত্ৰ ছিন ডেভেটৰ উদ্ধৃতি দি প্ৰতিবেদনখনক "সঠিক নহয়" বুলি অভিহিত কৰিছে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ছিনিয়ৰ ৰাষ্ট্ৰীয় সাঁতোৰ চেম্পিয়নশ্বিপত অসম কন্যা জাহ্নৱী কাশ্যপৰ ৰূপৰ পদক অৰ্জন
বিশ্বকাপত হেটত্রিকসহ মেছিৰ ৮টা অভিলেখ
শান্তি চুক্তিত স্বাক্ষৰ আমেৰিকা-ইৰানৰ; মুকলি হ’ব হৰমুজ প্ৰণালী, স্বস্তিৰ নিঃশ্বাস বিশ্বৰ
ৰে’লৰ পৰা সন্ধানহীন গোসাইগাঁৱৰ বাসিন্দা সুভাষ পাল; দুৰ্বৃত্তৰ কবলত পৰাৰ সন্দেহ
গোৱালপাৰাৰ মাটিয়াত ৩ মাটিৰ দালাল আবুল কালাম, ছহিদ আলী আৰু মিনাৰুল ইছলামক গ্ৰেপ্তাৰ
অভিনেত্ৰীৰ সৈতে আইনীভাৱে দ্বিতীয় বিবাহ সম্পন্ন; স্বয়ম্ভু RSS নেতাৰ বিৰুদ্ধে এজাহাৰ দাখিল পত্নীৰ
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য