--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাছিয়া-ইউক্ৰেইন যুদ্ধকলৈ পশ্চিমীয়া দেশসমূহৰ সৈতে ৰাছিয়াৰ সংঘাত বৃদ্ধি পাইছে৷ ইউক্ৰেইনক সামৰিক শক্তিৰে সহায় কৰি থকা আমেৰিকাৰ স্থিতিকলৈও এতিয়া প্ৰশ্ন উত্থাপন হৈছে৷   ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ  এবছৰ পূৰ হ’ব৷  ২৪ ফেব্ৰুৱাৰীত ৷ শেহতীয়াকৈ  আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত এক প্ৰতিবেদনে আলোড়ণৰ সৃষ্টি কৰিছে৷ 

প্ৰতিবেদনখনত   দাবী কৰা হৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে ৰাছিয়া-ইউক্ৰেইনৰ  যুদ্ধ সমাপ্ত কৰাৰ  বাবে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ইউক্ৰেইনৰ ২০% এলেকা এৰি দিবলৈ প্ৰস্তাৱ আগবঢ়াইছে। চুইছ-জাৰ্মান বাতৰি কাকত নিউ জাৰছাৰ জেইটুং  আৰু ৱাশ্বিংটন পোষ্টত প্ৰকাশিত  প্ৰতিবেদনত এই  দাবী কৰা হৈছে৷ প্ৰতিবেদন অনুসৰি  চিআইএৰ সঞ্চালক উইলিয়াম বাৰ্ণছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক ৰাষ্ট্ৰপতি জো বিডেনৰ হৈ প্ৰস্তুত কৰা শান্তি পৰিকল্পনাৰ অংশ হিচাপে চলিত যুদ্ধৰ সমাপ্তিৰ বাবে ইউক্ৰেইনৰ এক পঞ্চমাংশ অঞ্চল আগবঢ়াইছিল।

প্ৰতিবেদনত দাবী কৰা হৈছে  যে চিআইএ ৰ সঞ্চালকে গোপনে মস্কো ভ্ৰমণ কৰিছিল আৰু ক্ৰেমলিনক শান্তি প্ৰস্তাৱৰ বিষয়ে অৱগত কৰিছিল ৷  তাৰ পিছত তেওঁ কিয়েভভ্ৰমণ কৰিছিল আৰু ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিক লগ কৰিছিল প্ৰস্তাৱটো আলোচনা কৰিবলৈ । শেহতীয়াকৈ  প্ৰকাশিত ইয়াৰ প্ৰতিবেদনত উচ্চ পদস্থ জাৰ্মান ৰাজনীতিবিদসকলৰ উদ্ধৃতি দিয়া হৈছে৷  ৱাশ্বিংটন পোষ্টে এইবুলি  প্ৰতিবেদন দিছে  যে বাৰ্ণছে যুদ্ধৰত দেশ দুখনৰ মাজত শান্তি চুক্তি সম্পাদন  কৰিবলৈ চেষ্টা কৰি আছিল , কিন্তু কিয়েভ আৰু মস্কোই  সেই প্ৰস্তাৱ নাকচ কৰিছিল ।  অৱশ্যে হোৱাইট হাউচে প্ৰতিবেদনখন  অস্বীকাৰ কৰিছে। আমেৰিকান সংবাদ মাধ্যম নিউজউইকে হোৱাইট হাউচ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিষদৰ উপ-মুখপাত্ৰ ছিন ডেভেটৰ উদ্ধৃতি দি প্ৰতিবেদনখনক "সঠিক নহয়" বুলি অভিহিত কৰিছে। 
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ