--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও অশান্ত হৈ আছে মণিপুৰ৷শেহতীয়াকৈএকাংশ লোকে তিনিগৰাকী মহিলাক  উলংগ কৰি  পেৰেড কৰা ভিডিঅ’ত দেখা মণিপুৰৰ দুগৰাকী মহিলাৰ আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। এই প্ৰসংগতে সোমবাৰে উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে মে’ মাহৰ পৰা ৰাজ্যত এনে ঘটনাৰ সন্দৰ্ভত কিমান এফআইআৰ পঞ্জীয়ন হৈছে?

আনহাতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আৰু কয়, ‘এই ভিডিঅ’টো চৰ্চালৈ আহিছে যদিও এইটোৱেই একমাত্ৰ কাণ্ড নহয় য’ত মহিলাক আক্ৰমণ বা হাৰাশাস্তি কৰা হৈছে। এয়া কোনো নোহোৱা ঘটনা নহয়। আমি নাৰীৰ ওপৰত হোৱা হিংসাৰ বহল বিষয়টো চাবলৈ এক ব্যৱস্থা গঢ়ি তুলিব লাগিব।’

কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত চলা বিচাৰপীঠত কয় যে মণিপুৰ হিংসা গোচৰৰ তদন্ত উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰিলে কেন্দ্ৰৰ কোনো আপত্তি নাই।

যেতিয়া বিষয়টো শুনানিৰ বাবে আহিছিল, তেতিয়া ৪ মে’ৰ ভিডিঅ’ত একাংশ পুৰুষে উলংগ কৰি পেৰেড কৰা  মহিলা দুগৰাকীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি প্ৰদৰ্শন কৰিছিল।২০ জুলাইত উচ্চতম ন্যায়ালয়ে কৈছিল যে হিংসাৰ জুই জ্বলি উঠা মণিপুৰত সংঘটিত ঘটনাটোত তেওঁলোকে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু সাংবিধানিক গণতন্ত্ৰত নাৰীক হিংসাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো অগ্ৰহণযোগ্য।

মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে ভিডিঅ’টোৰ প্ৰতি সচেতন হৈ কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক তাৎক্ষণিক প্ৰতিকাৰমূলক, পুনৰ্বাসন আৰু প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মণিপুৰত দুগৰাকী মহিলাৰ নগ্ন পেৰেডৰ সৈতে জড়িত গোচৰটোৰ তদন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ক অৰ্পণ কৰা বুলি ২৭ জুলাইত কেন্দ্ৰই শীৰ্ষ ন্যায়ালয়ক অৱগত কৰিছিল। কেন্দ্ৰই কৈছিল যে মহিলাৰ বিৰুদ্ধে যিকোনো অপৰাধৰ ক্ষেত্ৰত চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ