--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও অশান্ত হৈ আছে মণিপুৰ৷শেহতীয়াকৈএকাংশ লোকে তিনিগৰাকী মহিলাক  উলংগ কৰি  পেৰেড কৰা ভিডিঅ’ত দেখা মণিপুৰৰ দুগৰাকী মহিলাৰ আবেদনৰ শুনানি গ্ৰহণ কৰে উচ্চতম ন্যায়ালয়ে। এই প্ৰসংগতে সোমবাৰে উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰে যে মে’ মাহৰ পৰা ৰাজ্যত এনে ঘটনাৰ সন্দৰ্ভত কিমান এফআইআৰ পঞ্জীয়ন হৈছে?

আনহাতে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে আৰু কয়, ‘এই ভিডিঅ’টো চৰ্চালৈ আহিছে যদিও এইটোৱেই একমাত্ৰ কাণ্ড নহয় য’ত মহিলাক আক্ৰমণ বা হাৰাশাস্তি কৰা হৈছে। এয়া কোনো নোহোৱা ঘটনা নহয়। আমি নাৰীৰ ওপৰত হোৱা হিংসাৰ বহল বিষয়টো চাবলৈ এক ব্যৱস্থা গঢ়ি তুলিব লাগিব।’

কেন্দ্ৰৰ হৈ হাজিৰ হোৱা ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত চলা বিচাৰপীঠত কয় যে মণিপুৰ হিংসা গোচৰৰ তদন্ত উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰিলে কেন্দ্ৰৰ কোনো আপত্তি নাই।

যেতিয়া বিষয়টো শুনানিৰ বাবে আহিছিল, তেতিয়া ৪ মে’ৰ ভিডিঅ’ত একাংশ পুৰুষে উলংগ কৰি পেৰেড কৰা  মহিলা দুগৰাকীৰ হৈ জ্যেষ্ঠ অধিবক্তা কপিল ছিবালে যুক্তি প্ৰদৰ্শন কৰিছিল।২০ জুলাইত উচ্চতম ন্যায়ালয়ে কৈছিল যে হিংসাৰ জুই জ্বলি উঠা মণিপুৰত সংঘটিত ঘটনাটোত তেওঁলোকে গভীৰ দুখ প্ৰকাশ কৰিছে আৰু সাংবিধানিক গণতন্ত্ৰত নাৰীক হিংসাৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো অগ্ৰহণযোগ্য।

মুখ্য ন্যায়াধীশৰ নেতৃত্বত গঠিত বিচাৰপীঠে ভিডিঅ’টোৰ প্ৰতি সচেতন হৈ কেন্দ্ৰ আৰু মণিপুৰ চৰকাৰক তাৎক্ষণিক প্ৰতিকাৰমূলক, পুনৰ্বাসন আৰু প্ৰতিৰোধমূলক পদক্ষেপ গ্ৰহণ কৰিবলৈ আৰু গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অৱগত কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখ্য যে মণিপুৰত দুগৰাকী মহিলাৰ নগ্ন পেৰেডৰ সৈতে জড়িত গোচৰটোৰ তদন্ত কেন্দ্ৰীয় তদন্তকাৰী সংস্থা (চিবিআই)ক অৰ্পণ কৰা বুলি ২৭ জুলাইত কেন্দ্ৰই শীৰ্ষ ন্যায়ালয়ক অৱগত কৰিছিল। কেন্দ্ৰই কৈছিল যে মহিলাৰ বিৰুদ্ধে যিকোনো অপৰাধৰ ক্ষেত্ৰত চৰকাৰৰ শূন্য সহনশীলতাৰ নীতি আছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু