--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ আটাইতকৈ বয়সীয়াল বাসিন্দাগৰাকীৰ মৃত্যু। বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত পুপিৰেই ফুখাৰ নামৰ মহিলাগৰাকীয়ে কোহিমা জিলাৰ কিগৱেমা গাঁৱৰ বাসগৃহত মৃত্যুক সাৱটি লয়। পুপিৰেই ফুখাৰে ১২১ বয়সত জীৱন নাটৰ যৱনিকা পেলায়। 

পুপিৰেই ফুখাৰে একেখন গাঁৱৰ বিচাপা নামৰ লোকজনৰ সৈতে বিয়াত বহিছিল আৰু তেওঁলোকৰ চাৰিটা সন্তান আছিল।

পৰিয়ালৰ লোকৰ মতে, ১৯৬৯ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। তেওঁলোকৰ চাৰিটা সন্তানৰো ইতিপূৰ্বে মৃত্যুবৰণ ঘটিছে। মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে ১৮ গৰাকী নাতি, ৫৬ গৰাকী পুনাতি আৰু ১২ গৰাকী জীনাতি এৰি থৈ যায়।

১৯৮২ চনত ৰাজ্যিক নিৰ্বাচন বিভাগে জাৰি কৰা ভোটাৰ পৰিচয় পত্ৰই তেওঁৰ বয়স প্ৰমাণ কৰা একমাত্ৰ নথি।

কিগৱেমা গাঁৱৰ মুৰব্বী বালি কেৰে জনোৱা মতে, পুপিৰেইয়ে নিজৰ জীৱনটো ভালদৰে কটাইছিল। যদিও ৮০ বছৰ বয়সত তেওঁ চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল, তথাপিও তেওঁৰ স্মৃতিশক্তি ভাল আছিল আৰু শেহতীয়াকৈ তিনিখন মহাযুদ্ধ, দুৰ্ভিক্ষকে ধৰি অতীতৰ পৰিঘটনাবোৰ স্পষ্টভাৱে মনত পেলাব পাৰিছিল।

“তেওঁৰ জীৱনটোৱেই সাক্ষ্য যে ঈশ্বৰৰ আশীৰ্বাদ নিশ্চিতভাৱে তেওঁৰ লগত আছিল। আমাৰ গাঁৱৰ বাবে তেওঁ আছিল প্ৰজ্ঞা আৰু আশীৰ্বাদৰ শক্তিশালী মূৰ্তি।’-কেৰেই কয়।

বৃহস্পতিবাৰে বিয়লি গাঁৱৰ গীৰ্জাত অনুষ্ঠিত হ’বলগীয়া আনুষ্ঠানিক অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত অতিশতবৰ্ষীয় মহিলাগৰাকীৰ শেষকৃত্য গাঁৱত সম্পন্ন কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু