--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নাগালেণ্ডৰ আটাইতকৈ বয়সীয়াল বাসিন্দাগৰাকীৰ মৃত্যু। বুধবাৰে সন্ধিয়া প্ৰায় ৭ বজাত পুপিৰেই ফুখাৰ নামৰ মহিলাগৰাকীয়ে কোহিমা জিলাৰ কিগৱেমা গাঁৱৰ বাসগৃহত মৃত্যুক সাৱটি লয়। পুপিৰেই ফুখাৰে ১২১ বয়সত জীৱন নাটৰ যৱনিকা পেলায়। 

পুপিৰেই ফুখাৰে একেখন গাঁৱৰ বিচাপা নামৰ লোকজনৰ সৈতে বিয়াত বহিছিল আৰু তেওঁলোকৰ চাৰিটা সন্তান আছিল।

পৰিয়ালৰ লোকৰ মতে, ১৯৬৯ চনত তেওঁৰ স্বামীৰ মৃত্যু হয়। তেওঁলোকৰ চাৰিটা সন্তানৰো ইতিপূৰ্বে মৃত্যুবৰণ ঘটিছে। মৃত্যুৰ সময়ত মহিলাগৰাকীয়ে ১৮ গৰাকী নাতি, ৫৬ গৰাকী পুনাতি আৰু ১২ গৰাকী জীনাতি এৰি থৈ যায়।

১৯৮২ চনত ৰাজ্যিক নিৰ্বাচন বিভাগে জাৰি কৰা ভোটাৰ পৰিচয় পত্ৰই তেওঁৰ বয়স প্ৰমাণ কৰা একমাত্ৰ নথি।

কিগৱেমা গাঁৱৰ মুৰব্বী বালি কেৰে জনোৱা মতে, পুপিৰেইয়ে নিজৰ জীৱনটো ভালদৰে কটাইছিল। যদিও ৮০ বছৰ বয়সত তেওঁ চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল, তথাপিও তেওঁৰ স্মৃতিশক্তি ভাল আছিল আৰু শেহতীয়াকৈ তিনিখন মহাযুদ্ধ, দুৰ্ভিক্ষকে ধৰি অতীতৰ পৰিঘটনাবোৰ স্পষ্টভাৱে মনত পেলাব পাৰিছিল।

“তেওঁৰ জীৱনটোৱেই সাক্ষ্য যে ঈশ্বৰৰ আশীৰ্বাদ নিশ্চিতভাৱে তেওঁৰ লগত আছিল। আমাৰ গাঁৱৰ বাবে তেওঁ আছিল প্ৰজ্ঞা আৰু আশীৰ্বাদৰ শক্তিশালী মূৰ্তি।’-কেৰেই কয়।

বৃহস্পতিবাৰে বিয়লি গাঁৱৰ গীৰ্জাত অনুষ্ঠিত হ’বলগীয়া আনুষ্ঠানিক অন্ত্যেষ্টিক্ৰিয়াৰ অন্তত অতিশতবৰ্ষীয় মহিলাগৰাকীৰ শেষকৃত্য গাঁৱত সম্পন্ন কৰা হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক