--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰী পণ্ডিতসকলৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ধৰ্মীয় গুৰু  সদগুৰুৱে কেইবাটাও পৰামৰ্শ আগবঢ়াইছে৷ তেওঁ কাশ্মীৰী পণ্ডিতসকলৰ  দুখ-কষ্ট সমাধান কৰিবলৈ উৎসাহিত বুলি কোৱাৰ লগতে সমগ্ৰ বিষয়টো দেশ আৰু বিশ্বৰ ওচৰলৈ যোৱাৰ কথাও কয়।সদগুৰুৱে কয় 'ভাৰতৰ প্ৰতিখন মুখ্য চহৰতে কাশ্মীৰৰ নামেৰে এটা পথ থাকিব লাগে৷  

প্ৰতিখন মুখ্য চহৰতে কাশ্মীৰৰ নামত এটা পথ,  বা চ’ক  থাকিব লাগে।' দৰাচলতে, তেওঁ কাশ্মীৰী পণ্ডিতসকলৰ ওপৰত হোৱা অত্যাচাৰৰ বিষয়ে ক’বলৈ এনেদৰে কয়। তেওঁ কয় যে ভাৰতৰ সকলোৱে জানিব লাগে যে কাশ্মীৰী পণ্ডিতসকলৰ কি হৈছে।তেওঁ কয় "আমি এই বিষয়টো  ধৰি ৰাখিব লাগিব। মই এটা সমাধানৰ কথা ভাবি আছোঁ। মই চৰকাৰৰ সৈতে এই বিষয়ত   কথা পাতিছো ৷মই ভাবো পৰিস্থিতিটো সলনি কৰাটো অতি গুৰুত্বপূৰ্ণ।"


তেওঁ সম্প্ৰদায়টোক পৃথিৱীৰ সন্মুখত তেওঁলোকৰ দুৰ্দশা দেখুওৱা চুটি ক্লিপ নিৰ্মাণ কিবলৈ উৎসাহিত কৰে আৰু কয়, "মই ভাবো আপোনালোকে ১-২০ মিনিটৰ এখন চলচ্চিত্ৰ নিৰ্মাণ কৰা উচিত ,  বিজ্ঞাপন চলচ্চিত্ৰৰ দৰে। ইয়াত বিভিন্ন পৰিয়ালৰ বেদনা দেখুৱাওক আৰু  বিভিন্ন দিশ আলোকপাত কৰক। যাতে পৃথিৱীৰ মানুহৰ হৃদয় গলিব পাৰে। এইটো অতি গুৰুত্বপূৰ্ণ। আমি প্ৰযুক্তিৰ যুগত আছোঁ, য'ত বাৰ্তা প্ৰচাৰ কৰিবলৈ চিনেমা হলৰ  প্ৰয়োজন নাই।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ