--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত অনুৰাগীৰ ভিৰ। নিশা সোণাপুৰৰ জুবিনক্ষেত্ৰতো অনুৰাগীৰ ভিৰ।

ডিজিটেল ডেস্কঃ আজি অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ নাই, সেই কথা আজিও মানি লব পৰা নাই অসমীয়া ৰাইজে। জুবিনৰ কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন পালন কৰিছে অসমীয়াই। এই সময়ত আৱেগিক হৈ পৰিছে সকলো।


মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিচত প্ৰথমটো জন্মদিন উদযাপন কৰি দুখত কাতৰ হৈছে ৰাজ্যবাসী ।‌ দুখৰ চকুলোৰে প্ৰিয় শিল্পীৰ জন্মদিন পালন কৰিছে লাখ লাখ জুবিন অনুৰাগীয়ে । নিশাৰে ১২ বজাৰে পৰা জুবিন ক্ষেত্ৰত ভিৰ কৰিছেহি অনুৰাগীয়ে। পুৱাও ভিন্ন ঠাইৰ পৰা আহি জুবিনক্ষেত্ৰলৈ আহিল বহু সংখ্যক অনুৰাগী।


৫৩ সংখ্যক জন্মদিন আজি প্ৰাণৰ শিল্পীগৰাকীৰ। জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত অনুৰাগীৰ ভিৰ। নিশা সোণাপুৰৰ জুবিনক্ষেত্ৰতো অনুৰাগীৰ ভিৰ। কেক কাটি প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন পালন কৰি গালে ‘মায়াবিনী ৰাতি… ‘। সোণাপুৰত নিশা ‘জয় জুবিন দা’, ‘We Want Justice’ শ্ল’গান জুবিন অনুৰাগীৰ।


মৰমৰ গল্ডীক সুঁৱৰি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ, আৱেগিক হৈ পৰিল পিতৃও। দবা-শংখ, নাম-প্ৰসংগ, দিহানামেৰে মুখৰিত হৈ পৰিল কাহিলীপাৰাৰ বাসগৃহ। জুবিনগাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত ২০ কেজি ওজনৰ কেক কাটি পালন কৰা হয় জন্মদিন। জুবিন গাৰ্গ ফেন ক্লাবেও উদযাপন কৰিলে প্ৰিয় শিল্পীৰ ওপজা দিন। কাহিলীপাৰাৰ বাসগৃহত জুবিন ফেন ক্লাবৰ সৈতে গৰিমা গাৰ্গে কান্দি কান্দি কাটিলে কেক।


প্রাণৰ শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁৰ আজি প্রথমটো জন্মদিন। ৰাজ্যজুৰি গুণমুগ্ধই পালন কৰিছে মহানায়ক জুবিন গাৰ্গৰ ওপজা দিন। গীতে-মাতে সকলোৱে সোঁৱৰণ কৰিছে জুবিন গাৰ্গক। ঠায়ে ঠায়ে লোৱা হৈছে ভিন্ন জনকল্যাণমূলক কাৰ্যসূচী। সৃষ্টিমূলক কৰ্মৰাজিৰেও সোঁৱৰণ হিয়াৰ আমঠুক। বিজেপিও আজি ৰক্তদান শিবিৰ আয়োজন কৰিছে।


জুবিন গাৰ্গ য'তে আছে কুশলে থাকক.. শান্তিত থাকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?