--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত অনুৰাগীৰ ভিৰ। নিশা সোণাপুৰৰ জুবিনক্ষেত্ৰতো অনুৰাগীৰ ভিৰ।

ডিজিটেল ডেস্কঃ আজি অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ জন্মদিন। জুবিন গাৰ্গ নাই, সেই কথা আজিও মানি লব পৰা নাই অসমীয়া ৰাইজে। জুবিনৰ কায়িক অনুপস্থিতিত প্ৰথমটো জন্মদিন পালন কৰিছে অসমীয়াই। এই সময়ত আৱেগিক হৈ পৰিছে সকলো।


মহানায়ক জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ পিচত প্ৰথমটো জন্মদিন উদযাপন কৰি দুখত কাতৰ হৈছে ৰাজ্যবাসী ।‌ দুখৰ চকুলোৰে প্ৰিয় শিল্পীৰ জন্মদিন পালন কৰিছে লাখ লাখ জুবিন অনুৰাগীয়ে । নিশাৰে ১২ বজাৰে পৰা জুবিন ক্ষেত্ৰত ভিৰ কৰিছেহি অনুৰাগীয়ে। পুৱাও ভিন্ন ঠাইৰ পৰা আহি জুবিনক্ষেত্ৰলৈ আহিল বহু সংখ্যক অনুৰাগী।


৫৩ সংখ্যক জন্মদিন আজি প্ৰাণৰ শিল্পীগৰাকীৰ। জুবিন গাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত অনুৰাগীৰ ভিৰ। নিশা সোণাপুৰৰ জুবিনক্ষেত্ৰতো অনুৰাগীৰ ভিৰ। কেক কাটি প্ৰাণৰ শিল্পীগৰাকীৰ জন্মদিন পালন কৰি গালে ‘মায়াবিনী ৰাতি… ‘। সোণাপুৰত নিশা ‘জয় জুবিন দা’, ‘We Want Justice’ শ্ল’গান জুবিন অনুৰাগীৰ।


মৰমৰ গল্ডীক সুঁৱৰি উচুপি উঠিল গৰিমা শইকীয়া গাৰ্গ, আৱেগিক হৈ পৰিল পিতৃও। দবা-শংখ, নাম-প্ৰসংগ, দিহানামেৰে মুখৰিত হৈ পৰিল কাহিলীপাৰাৰ বাসগৃহ। জুবিনগাৰ্গৰ কাহিলীপাৰাস্থিত বাসগৃহত ২০ কেজি ওজনৰ কেক কাটি পালন কৰা হয় জন্মদিন। জুবিন গাৰ্গ ফেন ক্লাবেও উদযাপন কৰিলে প্ৰিয় শিল্পীৰ ওপজা দিন। কাহিলীপাৰাৰ বাসগৃহত জুবিন ফেন ক্লাবৰ সৈতে গৰিমা গাৰ্গে কান্দি কান্দি কাটিলে কেক।


প্রাণৰ শিল্পীগৰাকীৰ অনুপস্থিতিত তেওঁৰ আজি প্রথমটো জন্মদিন। ৰাজ্যজুৰি গুণমুগ্ধই পালন কৰিছে মহানায়ক জুবিন গাৰ্গৰ ওপজা দিন। গীতে-মাতে সকলোৱে সোঁৱৰণ কৰিছে জুবিন গাৰ্গক। ঠায়ে ঠায়ে লোৱা হৈছে ভিন্ন জনকল্যাণমূলক কাৰ্যসূচী। সৃষ্টিমূলক কৰ্মৰাজিৰেও সোঁৱৰণ হিয়াৰ আমঠুক। বিজেপিও আজি ৰক্তদান শিবিৰ আয়োজন কৰিছে।


জুবিন গাৰ্গ য'তে আছে কুশলে থাকক.. শান্তিত থাকক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন