--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ টেষ্ট দলৰ নতুন তাৰকা হনুমা বিহাৰী৷ অষ্ট্ৰেলিয়াত হনুমাই নিজৰ পৰাক্ৰম দেখুৱাইছিল৷ অৱশ্যে এইবাৰ টীম ইণ্ডিয়াৰ হৈ নহয়, ঘৰুৱা ক্ৰিকেটতহে শিৰোনামালৈ আহিছে অন্ধপ্ৰদেশৰ অধিনায়কগৰাকীয়ে৷

ৰঞ্জি ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেল চলি আছে৷ অন্ধ্ৰপদেশ বনাম মধ্যপ্ৰদেশ। মেচখনত হনুমাই বেটিং পৰাক্ৰমৰ উপৰিও তীব্ৰ মানসিক শক্তিও দেখুৱালে। হাতৰ গাঁঠিত আঘাত পোৱাৰ পিছতো তেওঁ বেটিং কৰি যায়। সোঁহাত নহয়, বাওঁহাতেৰে বেটিং কৰে হনুমাই।

ৰঞ্জীৰ প্ৰথম দিনাই মধ্যপ্ৰদেশৰ পেচাৰ আবেশ খানৰ বাউন্সাৰে হনুমাৰৰ বাওঁ হাতৰ গাঁঠিত খুন্দা মাৰে। অন্ধ্ৰ প্ৰদেশৰ অধিনায়কগৰাকীয়ে যন্ত্ৰণাত খেলপথাৰ এৰিব লগা হয়। হনুমাক চিকিৎসালয়লৈ লৈ যোৱাত এক্স-ৰেত হাত  হাড় ফাটি যোৱা দেখা যায়। হনুমানক আঘাতৰ পৰা সুস্থ হ’বলৈ কমেও ৬-৭ সপ্তাহ সময় লাগিব বুলি চিকিৎসকে জানিবলৈ দিয়ে। কিন্তু তাৰ পিছতো তেওঁ পুনৰ বেটিং কৰিবলৈ আহে৷

হনুমাই হস্পিতালৰ পৰা খেলপথাৰলৈ উভতি আহে। দলৰ আন বেটছমেনসকলে তেতিয়াও ভাল খেলি আছিল। এটা সময়ত দলটোৰ স্ক’ৰ আছিল ২ উইকেটত ৩২৩ ৰান। ৰিকি ভুই আৰু কৰ্ণ শিণ্ডে শতক অৰ্জন কৰে। কিন্তু তেওঁলোক আউট হোৱাৰ পিছতে বেটিং বিপৰ্যয় আৰম্ভ হয়। দলটোৱে ৪ উইকেটত ৩২৮ ৰাণ কৰি শেষত ৩৫৩ ৰানতে ৯টাকৈ উইকেট হেৰুৱাই পেলায়। ঠিক তেতিয়াই হনুমাই বেটিং কৰিবলৈ নামি অহাৰ সিদ্ধান্ত ল’লে।

হনুমাক খেলপথাৰত প্ৰৱেশ কৰা দেখি আচৰিত হ’ল মধ্যপ্ৰদেশৰ ক্ৰিকেটাৰসকল। ললিথ মোহনৰ সৈতে বেটিং আৰম্ভ কৰে হনুমাই। কিন্তু সোঁহাত নহয়, বাওঁহাতেৰে। হনুমাই নিজৰ হাতৰ ভঙা গাঁঠি বচাবলৈ বাওঁহাতেৰে বেটিং কৰে। সেইদৰেই চম্ভালিছিল আৱেশৰ প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ গতিত কৰা বল৷

হনুমাই ললিতৰ সৈতে প্ৰায় ১৫ অভাৰ বেটিং কৰে। লগতে তিনিটা চাৰিও মাৰে। দশম উইকেটত হনুমাই ২৬ ৰান সংযোজন কৰে। শেষত অন্ধ্ৰ প্ৰদেশৰ অধিনায়কগৰাকীয়ে ৫৭টা বলত ২৭ ৰান সংগ্ৰহ কৰি আউট হয়। খেলপথাৰৰ পৰা ওলাই আহোঁতে মধ্যপ্ৰদেশৰ ক্ৰিকেটাৰসকলেও আহি তেওঁক প্ৰশংসা কৰে৷

ক্ৰিকেট খেলপথাৰত এনেধৰণৰ মানসিক শক্তিৰ প্ৰদৰ্শন আগতেও ঘটিছে। পিঠিত বৰফৰ বেগ লৈ মহেন্দ্ৰ সিং ধোনীয়ে এবাৰ  বেটিং কৰিছিল৷ ক্ৰিকেট ইতিহাসত এইসমূহ একোটা কিংবদন্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু