--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টীম ইণ্ডিয়াৰ টেষ্ট দলৰ নতুন তাৰকা হনুমা বিহাৰী৷ অষ্ট্ৰেলিয়াত হনুমাই নিজৰ পৰাক্ৰম দেখুৱাইছিল৷ অৱশ্যে এইবাৰ টীম ইণ্ডিয়াৰ হৈ নহয়, ঘৰুৱা ক্ৰিকেটতহে শিৰোনামালৈ আহিছে অন্ধপ্ৰদেশৰ অধিনায়কগৰাকীয়ে৷

ৰঞ্জি ট্ৰফীৰ কোৱাৰ্টাৰ ফাইনেল চলি আছে৷ অন্ধ্ৰপদেশ বনাম মধ্যপ্ৰদেশ। মেচখনত হনুমাই বেটিং পৰাক্ৰমৰ উপৰিও তীব্ৰ মানসিক শক্তিও দেখুৱালে। হাতৰ গাঁঠিত আঘাত পোৱাৰ পিছতো তেওঁ বেটিং কৰি যায়। সোঁহাত নহয়, বাওঁহাতেৰে বেটিং কৰে হনুমাই।

ৰঞ্জীৰ প্ৰথম দিনাই মধ্যপ্ৰদেশৰ পেচাৰ আবেশ খানৰ বাউন্সাৰে হনুমাৰৰ বাওঁ হাতৰ গাঁঠিত খুন্দা মাৰে। অন্ধ্ৰ প্ৰদেশৰ অধিনায়কগৰাকীয়ে যন্ত্ৰণাত খেলপথাৰ এৰিব লগা হয়। হনুমাক চিকিৎসালয়লৈ লৈ যোৱাত এক্স-ৰেত হাত  হাড় ফাটি যোৱা দেখা যায়। হনুমানক আঘাতৰ পৰা সুস্থ হ’বলৈ কমেও ৬-৭ সপ্তাহ সময় লাগিব বুলি চিকিৎসকে জানিবলৈ দিয়ে। কিন্তু তাৰ পিছতো তেওঁ পুনৰ বেটিং কৰিবলৈ আহে৷

হনুমাই হস্পিতালৰ পৰা খেলপথাৰলৈ উভতি আহে। দলৰ আন বেটছমেনসকলে তেতিয়াও ভাল খেলি আছিল। এটা সময়ত দলটোৰ স্ক’ৰ আছিল ২ উইকেটত ৩২৩ ৰান। ৰিকি ভুই আৰু কৰ্ণ শিণ্ডে শতক অৰ্জন কৰে। কিন্তু তেওঁলোক আউট হোৱাৰ পিছতে বেটিং বিপৰ্যয় আৰম্ভ হয়। দলটোৱে ৪ উইকেটত ৩২৮ ৰাণ কৰি শেষত ৩৫৩ ৰানতে ৯টাকৈ উইকেট হেৰুৱাই পেলায়। ঠিক তেতিয়াই হনুমাই বেটিং কৰিবলৈ নামি অহাৰ সিদ্ধান্ত ল’লে।

হনুমাক খেলপথাৰত প্ৰৱেশ কৰা দেখি আচৰিত হ’ল মধ্যপ্ৰদেশৰ ক্ৰিকেটাৰসকল। ললিথ মোহনৰ সৈতে বেটিং আৰম্ভ কৰে হনুমাই। কিন্তু সোঁহাত নহয়, বাওঁহাতেৰে। হনুমাই নিজৰ হাতৰ ভঙা গাঁঠি বচাবলৈ বাওঁহাতেৰে বেটিং কৰে। সেইদৰেই চম্ভালিছিল আৱেশৰ প্ৰতি ঘণ্টাত ১৪০ কিলোমিটাৰ গতিত কৰা বল৷

হনুমাই ললিতৰ সৈতে প্ৰায় ১৫ অভাৰ বেটিং কৰে। লগতে তিনিটা চাৰিও মাৰে। দশম উইকেটত হনুমাই ২৬ ৰান সংযোজন কৰে। শেষত অন্ধ্ৰ প্ৰদেশৰ অধিনায়কগৰাকীয়ে ৫৭টা বলত ২৭ ৰান সংগ্ৰহ কৰি আউট হয়। খেলপথাৰৰ পৰা ওলাই আহোঁতে মধ্যপ্ৰদেশৰ ক্ৰিকেটাৰসকলেও আহি তেওঁক প্ৰশংসা কৰে৷

ক্ৰিকেট খেলপথাৰত এনেধৰণৰ মানসিক শক্তিৰ প্ৰদৰ্শন আগতেও ঘটিছে। পিঠিত বৰফৰ বেগ লৈ মহেন্দ্ৰ সিং ধোনীয়ে এবাৰ  বেটিং কৰিছিল৷ ক্ৰিকেট ইতিহাসত এইসমূহ একোটা কিংবদন্তি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক