--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • হাতী, বাঘ, নাহৰফুটুকী, বন মেকুৰী, চাম্বাৰ, হৰিণ, লাজুকী বান্দৰ, আৰু হুলুক গিবনৰ অন্যতম বসতিস্থল নামবৰ। গ্রেট ইণ্ডিয়ান হর্নবিল, ৰেথড্ হর্নবিল, হোৱাইট-উইংড উড ডাককে ধৰি ২০০ৰো অধিক প্ৰজাতিৰ চৰাইৰ বাসস্থান।

ডিজিটেল ডেস্ক: কাৰ্বি আংলং জিলাৰ স্বায়ত্তশাসিত পৰিষদৰ অদূৰদৰ্শী নীতিৰ বাবেই ক্রমশঃ বিপদ নামিব পৰিৱেশলৈ। নামবৰ বন্য প্রাণী অভয়াৰণ্যৰ বনৰীয়া হাতীৰ কৰিড'ৰৰ লগতে পৰিৱেশ-সংবেদনশীল অঞ্চলতে সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণৰ যো-জা চলাইছে। কাৰ্বি আংলং জিলাৰ ঐতিহাসিক সিংহাসন পাহাৰৰ নামনি অঞ্চলতে আছে এখন বিশ্ববিখ্যাত বনাঞ্চলত নামবৰ বন্য প্রাণী অভয়াৰণ্য।


এই বনাঞ্চলত বহু বিৰল প্ৰজাতিৰ বন্য প্রাণী, উদ্ভিদ আদি থকা বাবেই ব্ৰিটিছৰ শাসনকালতেই ব্ৰিটিছ চৰকাৰে সংৰক্ষণত গুৰুত্ব দি নামবৰ হাবিক গৱেষণাৰ কেন্দ্ৰ হিচাপে স্বীকৃতি দিছিল। সেয়েহে সেই সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তৰ উদ্ভিদবিদ, প্রাণীবিদ গৱেষণাৰ বাবে নামবৰ হাবিলৈ আহিছিল। এসময়ত গোলাঘাট জিলাৰ অন্তৰ্গত অঞ্চলটো বৰ্তমান কার্বি আংলং জিলাৰ গৰমপানীত ১৯১১ চনতে এটা পৰিদৰ্শন বাংলা স্থাপন কৰিছিল। স্বায়ত্তশাসিত জিলা পৰিষদৰ অৱহেলাৰ বাবে আজি বাংলাটো জৰাজীৰ্ণ ৰূপত আছে।


স্বায়ত্তশাসিত জিলা পৰিষদে এই ঐতিহাসিক বাংলাটো সংৰক্ষণৰ বাবে একো ব্যৱস্থা গ্রহণ কৰা নাই। কাৰ্বি আংলং পূব বন সংমণ্ডল ডিফুৰ অন্তৰ্গত নামবৰ বন্য প্রাণী অভয়াৰণ্যৰ আয়তন ৩৭ বর্গ কিল'মিটাৰ। নামবৰ বন্য প্রাণী অভয়াৰণ্যখন হাতী, বাঘ, হর্নবিল আৰু অৰ্কিডকে ধৰি চহকী জৈৱ বৈচিত্র্যৰ বাবে বিখ্যাত। কাজিৰঙা-কাৰ্বি আংলং হাতী সংৰক্ষিত বনাঞ্চলৰ অংশ হিচাপে অতি গুৰুত্বপূর্ণ সংৰক্ষিত অঞ্চল। নামবৰ জৈৱ বৈচিত্র্যৰ হটস্পট পূব হিমালয়ৰ অংশ, ই জৈৱ-বৈচিত্র্যৰ এটা প্রধান অঞ্চল।


হাতী, বাঘ, নাহৰফুটুকী, বন মেকুৰী, চাম্বাৰ, হৰিণ, লাজুকী বান্দৰ, আৰু হুলুক গিবনৰ অন্যতম বসতিস্থল নামবৰ। গ্রেট ইণ্ডিয়ান হর্নবিল, ৰেথড্ হর্নবিল, হোৱাইট-উইংড উড ডাককে ধৰি ২০০ৰো অধিক প্ৰজাতিৰ চৰাইৰ বাসস্থান। আছে বিৰল প্ৰজাতিৰ অৰ্কিড। অর্ধ-চিৰসেউজ, আৰ্দ্ৰ পৰ্ণপাতী আৰু বাঁহৰ অৰণ্যৰ বৈশিষ্ট্য। প্রাকৃতিক গৰমপানীৰ উঁহৰ বাবেও সৰ্বত্ৰে পৰিচিত।


শেহতীয়াকৈ নামবৰ বন্য প্রাণী অভয়াৰণ্যৰ বন্য প্রাণী কৰিড'ৰত এটা সাংস্কৃতিক কেন্দ্র নির্মাণ কৰিবলৈ লৈছে। প্ৰস্তাৱিত স্থানত জংঘল গছ-গছনি কাটি সাংস্কৃতিক কেন্দ্ৰ নিৰ্মাণ কৰাটো কিমান গ্রহণযোগ্য, ইয়াক লৈ প্রকৃতিপ্রেমীৰ মাজত প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। কার্বি আংলং স্বায়ত্তশাসিত জিলা পৰিষদৰ অধীনৰ এই বন্য প্রাণী অভয়াৰণ্যখন সংৰক্ষণত গুৰুত্ব দিয়াৰ প্ৰয়োজন বুলি পৰামৰ্শ আগ বঢ়াইছে প্রকৃতি তথা পৰিৱেশ কৰ্মী অপূর্ব বল্লভ গোস্বামীয়ে। পৰিৱেশগতভাবে সংবেদনশীল অঞ্চলৰ বনাঞ্চল আৰু জৈৱ বৈচিত্র্য সংৰক্ষণ, বন্য প্রাণীৰ গতি-বিধি আৰু পৰিৱেশৰ স্থিৰতাৰ দৃষ্টিকোণৰ পৰা উল্লেখযোগ্য সংৰক্ষিত বনাঞ্চল নামবৰ। উক্ত অংশটোত বন্য প্রাণীৰ কৰিড'ৰ হিচাপেও খ্যাত।


এই অঞ্চলত যিকোনো স্থায়ী আন্তঃগাঁথনি, ঘৰ-দুৱাৰ নিৰ্মাণ হ'লে বন্য প্রাণীৰ মুক্ত চলাচলত ব্যাঘাত জন্মাব। ফলত মানুহ-বন্য প্রাণীৰ সংঘাতৰ আশংকা বৃদ্ধি হ'ব। ইয়াৰ উপৰি এই অঞ্চলটো ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত। পথৰ দুয়োফালে প্ৰায় তিনি কিল'মিটাৰ দৈর্ঘ্যত কোনো প্রতিষ্ঠিত অসামৰিক বাসস্থান নাই। বর্তমান এই অঞ্চলতো একাংশই বেদখল কৰি লাইন হোটেল নিৰ্মাণ কৰিছে। এনে স্থানসমূহ প্রায়ে অকর্তৃত্বশীল কার্যকলাপ, চুৰি আৰু অন্যান্য আইন-শৃংখলাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগীয়া হৈছে।


স্বায়ত্তশাসিত জিলা পৰিষদে এই বেদখল উচ্ছেদ কৰি অভয়াৰণ্যখন সংৰক্ষণত গুৰুত্ব দিয়া প্রয়োজন। যদি অঞ্চলটোত ৰাজহুৱা সাংস্কৃতিক অনুষ্ঠান নিৰ্মাণ কৰিবই লাগে, জিলা পৰিষদে শান্তিপুৰ, শিলনীজান আদি অঞ্চলত কৰিবলৈও আহ্বান জনাইছে। এটা সাংস্কৃতিক কেন্দ্র বন্য প্রাণী অভয়াৰণ্যৰ ভূমিত কৰাটো যুক্তিসংগত নে বুলিও প্রশ্ন তুলিছে। বন (সংৰক্ষণ) আইন ১৯৮০, পৰিৱেশ (সুৰক্ষা) আইন ১৯৮৬ উলংঘন হ'বৰ উপক্ৰম হৈছে নামবৰত। এনে প্রেক্ষাপটত প্ৰস্তাৱিত সাংস্কৃতিক কেন্দ্র তৎকালীনভাৱে বাতিল কৰি নামবৰ বন্য প্রাণী অভয়াৰণ্য সংৰক্ষণত জিলা পৰিষদে গুৰুত্ব প্রদান কৰিবলৈও আহ্বান জনাইছে প্রকৃতিপ্রেমীসকলে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ