--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত আছাম পাব্লিক ৱৰ্কছে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত দাখিল কৰা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ (৪৬/২০২৫) কালি শুনানি গ্রহণ কৰি অহা ১৩ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া এতিয়াৰ পৰা কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সলনি জিলা সত্র ন্যায়াধীশৰ আদালতত চলিব। এই গোচৰটোৱে গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কালি গোচৰটো সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে গোচৰটোত হত্যাকাণ্ডৰ ধাৰা সংযোজন হৈ থকাৰ বাবেই সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰা হয়।


লক্ষণীয় যে, আদালতে মঙলবাৰে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২২ ডিচেম্বৰত ধাৰ্য কৰিছিল। সেয়ে এতিয়া সেইদিনাৰ শুনানি সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হ'ব। সেইদিনা সাতোজন অভিযুক্তকে সত্র ন্যায়াধীশৰ আদালতত সোঁশৰীৰে হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে।


ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত আছাম পাব্লিক ৱৰ্কছে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত দাখিল কৰা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ (৪৬/২০২৫) শুনানি গ্রহণ কৰি অহা ১৩ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে। শুনানিৰ সময়ত আদালতে কয় যে এছ আই টিয়ে দাখিল কৰা অভিযোগনামাখন যথেষ্ট ডাঙৰ। গতিকে সেইখন পৰীক্ষা কৰিবলৈ সময় লাগিব। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰা তদন্ত আয়োগেও প্রতিবেদন দাখিল কৰিবলৈ বাকী আছে। সেই প্রতিবেদনখনো আদালতে পৰীক্ষা কৰিব লাগিব। এই দুয়োটা কাৰণতে আদালতক কিছু সময়ৰ প্ৰয়োজন হ'ব বাবে গোচৰটোৰ পৰৱৰ্তী শুনানি মার্চ মাহত ধাৰ্য কৰা হয়।


উল্লেখযোগ্য যে এ পি ডব্লিউৱে আদালতত প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ তদন্ত কৰিবৰ বাবে চি বি আইক দায়িত্ব দিয়াৰ আৱেদন কৰিছে। ইফালে এছ আই টিয়ে দাখিল কৰা অভিযোগনামাৰ সুৰুঙা গ্রহণ কৰি অভিযুক্ত যাতে সাৰি যাব নোৱাৰে তাৰ ওপৰতো সংগঠনটোৱে চোকা দৃষ্টি ৰাখিব বুলি সংবাদ মাধ্যমৰ সন্মুখত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শর্মাই প্রকাশ কৰে। কালি আদালতত গোচৰীয়া পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু