--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত আছাম পাব্লিক ৱৰ্কছে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত দাখিল কৰা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ (৪৬/২০২৫) কালি শুনানি গ্রহণ কৰি অহা ১৩ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে।

ডিজিটেল ডেস্ক : প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ন্যায়িক প্ৰক্ৰিয়া এতিয়াৰ পৰা কামৰূপ জিলাৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতৰ সলনি জিলা সত্র ন্যায়াধীশৰ আদালতত চলিব। এই গোচৰটোৱে গুৰুত্বপূৰ্ণ অগ্রগতি লাভ কৰিছে। মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতে কালি গোচৰটো সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে গোচৰটোত হত্যাকাণ্ডৰ ধাৰা সংযোজন হৈ থকাৰ বাবেই সত্ৰ ন্যায়াধীশৰ আদালতলৈ প্ৰেৰণ কৰা হয়।


লক্ষণীয় যে, আদালতে মঙলবাৰে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ দিন অহা ২২ ডিচেম্বৰত ধাৰ্য কৰিছিল। সেয়ে এতিয়া সেইদিনাৰ শুনানি সত্ৰ ন্যায়াধীশৰ আদালতত অনুষ্ঠিত হ'ব। সেইদিনা সাতোজন অভিযুক্তকে সত্র ন্যায়াধীশৰ আদালতত সোঁশৰীৰে হাজিৰ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে।


ইফালে গুৱাহাটী উচ্চ ন্যায়ালয়ত আছাম পাব্লিক ৱৰ্কছে জুবিন গাৰ্গৰ মৃত্যু সম্পৰ্কত দাখিল কৰা এটা ৰাজহুৱা স্বার্থজড়িত গোচৰৰ (৪৬/২০২৫) শুনানি গ্রহণ কৰি অহা ১৩ মাৰ্চত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে। শুনানিৰ সময়ত আদালতে কয় যে এছ আই টিয়ে দাখিল কৰা অভিযোগনামাখন যথেষ্ট ডাঙৰ। গতিকে সেইখন পৰীক্ষা কৰিবলৈ সময় লাগিব। আনহাতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত কৰিবলৈ চৰকাৰে গঠন কৰা তদন্ত আয়োগেও প্রতিবেদন দাখিল কৰিবলৈ বাকী আছে। সেই প্রতিবেদনখনো আদালতে পৰীক্ষা কৰিব লাগিব। এই দুয়োটা কাৰণতে আদালতক কিছু সময়ৰ প্ৰয়োজন হ'ব বাবে গোচৰটোৰ পৰৱৰ্তী শুনানি মার্চ মাহত ধাৰ্য কৰা হয়।


উল্লেখযোগ্য যে এ পি ডব্লিউৱে আদালতত প্ৰাণৰ শিল্পীজনৰ মৃত্যুৰ তদন্ত কৰিবৰ বাবে চি বি আইক দায়িত্ব দিয়াৰ আৱেদন কৰিছে। ইফালে এছ আই টিয়ে দাখিল কৰা অভিযোগনামাৰ সুৰুঙা গ্রহণ কৰি অভিযুক্ত যাতে সাৰি যাব নোৱাৰে তাৰ ওপৰতো সংগঠনটোৱে চোকা দৃষ্টি ৰাখিব বুলি সংবাদ মাধ্যমৰ সন্মুখত এ পি ডব্লিউৰ সভাপতি অভিজিৎ শর্মাই প্রকাশ কৰে। কালি আদালতত গোচৰীয়া পক্ষৰ হৈ জ্যেষ্ঠ অধিবক্তা কে এন চৌধুৰীয়ে যুক্তি প্ৰদৰ্শন কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ