--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বিয়াৰ পিছৰে পৰা স্বামীসহ হালিমা বেগমে থাকিবলৈ লয় পিতৃগৃহত। বিয়াৰ পাছৰে পৰা এখন গাড়ী আৰু এটা অট্টালিকা বনাবলৈ স্বামী জালাল উদ্দিনক হেঁচা দি আহিছিল পত্নীয়ে৷

ডিজিটেল ডেস্ক: জাগীৰোডত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা৷ পত্নীৰ উপৰ্যুপৰি প্ৰহাৰত মৃত্যু হ’ল স্বামীৰ৷ স্বামীৰ টকা আৰু আ-অলংকাৰ হস্তগত কৰিবলৈ এই নিকৃষ্ট কাণ্ড পত্নীৰ৷ ঘটনা অনুসৰি জাগীৰোডৰ নখোলা বস্তিৰ জালাল উদ্দিন নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জাগীৰোড নগৰৰ হালিমা বেগম নামৰ এগৰাকী যুৱতী৷


বিয়াৰ পিছৰে পৰা স্বামীসহ হালিমা বেগমে থাকিবলৈ লয় পিতৃগৃহত। বিয়াৰ পাছৰে পৰা এখন গাড়ী আৰু এটা অট্টালিকা বনাবলৈ স্বামী জালাল উদ্দিনক হেঁচা দি আহিছিল পত্নীয়ে৷ সেই আশা পূৰণ নকৰাৰ বাবেই স্বামীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল পত্নী হালিমাই ৷ কিন্তু ধন সম্পত্তিৰ প্ৰতি লোলুপ দৃষ্টি ৰখা পত্নী হালিমা বেগমৰ অত্যাচাৰ দুই সন্তানৰ মুখলৈ চাই গোপনে সহ্য কৰি গৈছিল স্বামী জালল উদ্দিনে৷


অবশেষত বিগত ১০ ডিচেম্বৰত সীমা চেৰাই গ’ল পত্নীৰ অত্যাচাৰে৷ প্ৰথমে দুয়োৰে মাজত কাজিয়া আৰু তাৰ পিছত স্বামী জালাল উদ্দিনক ঘৰৰ পৰা টানি চোঁচৰাই আনি উপৰ্যুপৰি প্ৰহাৰ কৰে পত্নীয়ে আৰু এই দৃশ্য বন্দী হৈ ৰয় চুবুৰীয়াৰ চিচি টিভি কেমেৰাত৷


পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত বুধবাৰে নিশা মৃত্যুক আকোঁৱালি লয় দুৰ্ভগীয়া স্বামী জালাল উদ্দিনে৷ বৃহস্পতিবাৰে জালাল উদ্দিনৰ মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ পিছতে কান্দোনত ভাঙি পৰে মাতৃ আৰু আত্মীয়৷ ঘটনা সন্দৰ্ভত অত্যাচাৰী পত্নী হালিমা বেগমৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰজাগীৰোডত শিহৰণকাৰী ঘটনা! পত্নীৰ উপৰ্যুপৰি প্ৰহাৰত কৰুণ মৃত্যু স্বামীৰ


ডিজিটেল ডেস্ক: জাগীৰোডত সংঘটিত হ’ল এক শিহৰণকাৰী ঘটনা৷ পত্নীৰ উপৰ্যুপৰি প্ৰহাৰত মৃত্যু হ’ল স্বামীৰ৷ স্বামীৰ টকা আৰু আ-অলংকাৰ হস্তগত কৰিবলৈ এই নিকৃষ্ট কাণ্ড পত্নীৰ৷ ঘটনা অনুসৰি জাগীৰোডৰ নখোলা বস্তিৰ জালাল উদ্দিন নামৰ লোকজনৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল জাগীৰোড নগৰৰ হালিমা বেগম নামৰ এগৰাকী যুৱতী৷


বিয়াৰ পিছৰে পৰা স্বামীসহ হালিমা বেগমে থাকিবলৈ লয় পিতৃগৃহত। বিয়াৰ পাছৰে পৰা এখন গাড়ী আৰু এটা অট্টালিকা বনাবলৈ স্বামী জালাল উদ্দিনক হেঁচা দি আহিছিল পত্নীয়ে৷ সেই আশা পূৰণ নকৰাৰ বাবেই স্বামীৰ ওপৰত শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাইছিল পত্নী হালিমাই ৷ কিন্তু ধন সম্পত্তিৰ প্ৰতি লোলুপ দৃষ্টি ৰখা পত্নী হালিমা বেগমৰ অত্যাচাৰ দুই সন্তানৰ মুখলৈ চাই গোপনে সহ্য কৰি গৈছিল স্বামী জালল উদ্দিনে৷


অবশেষত বিগত ১০ ডিচেম্বৰত সীমা চেৰাই গ’ল পত্নীৰ অত্যাচাৰে৷ প্ৰথমে দুয়োৰে মাজত কাজিয়া আৰু তাৰ পিছত স্বামী জালাল উদ্দিনক ঘৰৰ পৰা টানি চোঁচৰাই আনি উপৰ্যুপৰি প্ৰহাৰ কৰে পত্নীয়ে আৰু এই দৃশ্য বন্দী হৈ ৰয় চুবুৰীয়াৰ চিচি টিভি কেমেৰাত৷


পৰৱৰ্তী সময়ত ঘটনাৰ খবৰ পাই পৰিয়ালৰ লোকে চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসাধীন অৱস্থাত বুধবাৰে নিশা মৃত্যুক আকোঁৱালি লয় দুৰ্ভগীয়া স্বামী জালাল উদ্দিনে৷ বৃহস্পতিবাৰে জালাল উদ্দিনৰ মৃতদেহ নিজ গৃহত উপস্থিত হোৱাৰ পিছতে কান্দোনত ভাঙি পৰে মাতৃ আৰু আত্মীয়৷ ঘটনা সন্দৰ্ভত অত্যাচাৰী পত্নী হালিমা বেগমৰ বিৰুদ্ধে জাগীৰোড আৰক্ষী থানাত এজাহাৰ দাখিল কৰি ন্যায় বিচাৰিছে পৰিয়ালৰ লোকে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু