--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অৰণ্যৰ পৰা বহু বছৰ পূৰ্বে হেৰাই যোৱা চিতাই পুনৰ অৰণ্যত বিৰাজ কৰিছে৷ নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতা  ভাৰতৰ কেইবা খনো অৰণ্যত মেলি দিয়া হৈছে৷ ৭০ বছৰৰ পিছত দেশৰ অৰণ্যত বিৰাজ কৰা চিতাবোৰ  প্ৰধানমন্ত্ৰী মোদীয়ে  নিজেই অৰণ্যত মুকলি কৰি দিছিল। 

প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশৰ পৰা অনা   চিতাবোৰৰ নাম দিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি আছিল  অভূতপূৰ্ব৷  চিতাবোৰ জনতাই হবাছি দিয়া নামৰ পৰাই নামকৰণ কৰা হৈছে৷  শেহতীয়াকৈ ভাৰতৰ  পৰিৱেশ মন্ত্ৰালয়ে চিতাবোৰৰ নামবোৰৰ নাম মুকলি কৰিলে।


যোৱা বছৰৰ ২৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ 'মন কি বাত' কাৰ্যসূচীত সকলোকে নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাবোৰৰ নাম দিবলৈ অনুৰোধ জনাইছিল। উদ্দেশ্য আছিল 'প্ৰজেক্ট চিতা'ক অধিক জনপ্ৰিয় কৰি তোলা। সেইমৰ্মে এটা প্ৰতিযোগিতা আৰম্ভ হৈছিল। 

চিতাৰ নাম প্ৰেৰণৰ সময়সীমা আছিল ২৬ ছেপ্টেম্বৰৰ পৰা ৩১ অক্টোবৰলৈ। সৰ্বাধিক,১১,৫৬৫  টা নাম দেশৰ বিভিন্ন প্ৰান্তৰ  পৰা প্ৰেৰণ কৰা হৈছিল৷  তাৰে মাজৰ পৰাই  চিতাৰ নামবোৰ বাছনি কৰা হৈছিল। কেন্দ্ৰই এতিয়া চিতাৰ নামবোৰৰ  সম্পূৰ্ণ তালিকা প্ৰকাশ কৰিছে।চিতাক ১৯৫২ চনত কেন্দ্ৰই বিলুপ্ত বুলি  ঘোষণা কৰিছিল। বিদেশৰ পৰা অনা চিতাবোৰ মুকলি কৰি মোদীয়ে  কৈছিল যে স্বাধীনতাৰ ৭৫ সংখ্যক  বাৰ্ষিকীত চিতা পুনৰ দেশলৈ  উভতি অহাটো  এটা গুৰুত্ব ঘটনা৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কোকৰাঝাৰ আৰু চিৰাঙৰ নিৰ্বাচনকেন্দ্ৰিক হিংসাৰ ঘটনাক লৈ প্ৰতিক্ৰিয়া বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীৰ
১২ হাজাৰৰো অধিক শিক্ষক পদত ১০ অক্টোবৰত হ'ব নিযুক্তি
নেপালত জুইৰ মাজত উজলি উঠিছে একমাত্র বলেন শ্বাহ
দলগাঁৱত ভূমিকেন্দ্ৰিক সংঘাত; ভয়ংকৰ মাৰপিট! আহত ৫ জন
চাবুৱাত চাহ খেতিয়কৰ তীব্ৰ প্ৰতিবাদ
ওজন হ্ৰাসৰ লগতে জিলিকি থকা ছাল বিচাৰে নেকি? এই ৩ ধৰণেৰে ডালচেনি সেৱন কৰক
দৈনিক মেথিৰ গুটি সেৱন কৰিলে পাব বহু উপকাৰ
কেৰালাত মগজু খাই পেলোৱা এমিবাৰ সন্ত্রাস! ৪২জন আক্রান্ত, ৩জন ৰোগীৰ মৃত্যু
বিদ্যালয়ত ঐচ্ছিক বিষয় হ'ব ফুটবল: শিক্ষামন্ত্ৰী ৰণোজ পেগু
দহ লাখ ভাৰতীয়ক খেদিবলৈ অষ্ট্ৰেলিয়াত বিশাল আন্দোলন! ভাৰতীয়সকলক ঘৰৰ পৰা নোলাবলৈ পৰামৰ্শ
বিমানৰ জি পি এছ বিকল; কথমপি প্ৰাণ ৰক্ষা ইউৰোপিয়ান ইউনিয়নৰ অধ্যক্ষা উৰচুলা ভনৰ
২৫ বছৰ ভাৰতীয় দলত খেলাৰ পাছত হঠাৎ অৱসৰৰ ঘোষণা এইগৰাকী খেলুৱৈৰ, লিখিলে আৱেগিক পোষ্ট
দেশৰ সৰ্বসাধাৰণক বৃহৎ সকাহ! GST হ্ৰাসৰ ঐতিহাসিক সিদ্ধান্ত
বিক্রী হ'ব প্রথম প্রধানমন্ত্রী নেহৰুৰ চৰকাৰী বাসভৱন