--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ অৰণ্যৰ পৰা বহু বছৰ পূৰ্বে হেৰাই যোৱা চিতাই পুনৰ অৰণ্যত বিৰাজ কৰিছে৷ নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতা  ভাৰতৰ কেইবা খনো অৰণ্যত মেলি দিয়া হৈছে৷ ৭০ বছৰৰ পিছত দেশৰ অৰণ্যত বিৰাজ কৰা চিতাবোৰ  প্ৰধানমন্ত্ৰী মোদীয়ে  নিজেই অৰণ্যত মুকলি কৰি দিছিল। 

প্ৰধানমন্ত্ৰী মোদীয়ে বিদেশৰ পৰা অনা   চিতাবোৰৰ নাম দিবলৈ আহ্বান জনাইছিল। সেই আহ্বানৰ প্ৰতি সঁহাৰি আছিল  অভূতপূৰ্ব৷  চিতাবোৰ জনতাই হবাছি দিয়া নামৰ পৰাই নামকৰণ কৰা হৈছে৷  শেহতীয়াকৈ ভাৰতৰ  পৰিৱেশ মন্ত্ৰালয়ে চিতাবোৰৰ নামবোৰৰ নাম মুকলি কৰিলে।


যোৱা বছৰৰ ২৫ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ 'মন কি বাত' কাৰ্যসূচীত সকলোকে নামিবিয়া আৰু দক্ষিণ আফ্ৰিকাৰ পৰা অনা চিতাবোৰৰ নাম দিবলৈ অনুৰোধ জনাইছিল। উদ্দেশ্য আছিল 'প্ৰজেক্ট চিতা'ক অধিক জনপ্ৰিয় কৰি তোলা। সেইমৰ্মে এটা প্ৰতিযোগিতা আৰম্ভ হৈছিল। 

চিতাৰ নাম প্ৰেৰণৰ সময়সীমা আছিল ২৬ ছেপ্টেম্বৰৰ পৰা ৩১ অক্টোবৰলৈ। সৰ্বাধিক,১১,৫৬৫  টা নাম দেশৰ বিভিন্ন প্ৰান্তৰ  পৰা প্ৰেৰণ কৰা হৈছিল৷  তাৰে মাজৰ পৰাই  চিতাৰ নামবোৰ বাছনি কৰা হৈছিল। কেন্দ্ৰই এতিয়া চিতাৰ নামবোৰৰ  সম্পূৰ্ণ তালিকা প্ৰকাশ কৰিছে।চিতাক ১৯৫২ চনত কেন্দ্ৰই বিলুপ্ত বুলি  ঘোষণা কৰিছিল। বিদেশৰ পৰা অনা চিতাবোৰ মুকলি কৰি মোদীয়ে  কৈছিল যে স্বাধীনতাৰ ৭৫ সংখ্যক  বাৰ্ষিকীত চিতা পুনৰ দেশলৈ  উভতি অহাটো  এটা গুৰুত্ব ঘটনা৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে