--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সম্পৰ্কৰ এনাজৰী কিমান গধুৰ, অথচ পাতল৷ কাগজে-পত্ৰই বিবাহ বিচ্ছেদ৷ কিন্তু এতিয়াও হৃত্বিকৰ হৃদয়ৰ কোনো এটা কোণত গুঞ্জৰীত হয় নেকি চুচান খান? শ্বেয়াৰ কৰা এখন ফটোৱে তোলপাৰ লগাইছে ছ’চিয়েল মিডিয়া৷ প্ৰথমে হাতত হাত ধৰি গোৱাত প্ৰেমিকাৰ সৈতে হৃত্বিক ৰোশন৷ তেওঁৰ প্ৰাক্তন পত্নীও আছে নিচেই কাষত৷ নাই খং, নাই অভিমাণ৷ বন্ধুত্বৰ প্ৰতিশ্ৰুতি এতিয়া দুয়োৰে মাজত৷ হৃত্বিক ৰোশন আৰু প্ৰেমিকা চাবা আজাদক মঙলবাৰে মুম্বাই বিমান বন্দৰত হাতত হাত ধৰি থকা দেখা যায়৷ তেওঁলোকে গোৱাৰ পৰা মুম্বাইলৈ উৰা মাৰে বুলি জানিবলৈ পোৱা গৈছে৷ গোৱাত তেওঁলোকে হৃত্বিকৰ প্ৰাক্তন পত্নী চুচান খানৰ একেলগে পাৰ্টীও কৰে। 

পূজা বেদী আৰু চুচানৰ ভগ্নী ফাৰাহ খান আলীয়ে তেওঁৰ নতুন ৰেষ্টুৰেণ্টত গোৱা বাছৰ ফটো শ্বেয়াৰ কৰিছে। চুচানে তেওঁৰ প্ৰেমিক আৰ্ছলান গনিৰ সৈতে একেলগে দেখা গৈছিল৷ লগতে পৰিচালক অভিষেক কাপুৰক আমন্ত্ৰণ জনোৱা হৈছিল। চুচান আৰু ফাৰাহ খান আলীৰ ভায়েক জায়েদ খানো উপস্থিত আছিল বুলি জানিবলৈ পোৱা গৈছে।

এইটো প্ৰথমবাৰৰ বাবে হৃত্বিক আৰু চাবাক প্ৰাক্তন পত্নী আৰু প্ৰেমিক আৰ্ছলান গোনিৰ সৈতে পাৰ্টী কৰা দেখা গৈছে। গোৱাত চুচান খানৰ নতুন ৰেষ্টুৰেণ্ট বেদ্ৰো মুকলি কৰাৰ উদযাপনৰ বাবে পাৰ্টীটো আয়োজন কৰা হৈছিল। চুচান খানৰ ভগ্নী ফাৰাহ খান আলীয়েও গোৱা পাৰ্টীৰ ভিতৰৰ এখনফটো শ্বেয়াৰ কৰে৷ ফটোখনত হেপ্পী পিপল, হেপ্পী ৱ’ৰ্ল্ড নামেৰে শিৰোনাম দিছিল, তাৰ পাছত লাভ ইম’জী এটাও শ্বেয়াৰ কৰে।

মঙলবাৰে, হৃত্বিক ৰোশন আৰু প্ৰেমিকা চাবা আজাদ গোৱাৰ পৰা উভতি আহিছিল আৰু তেওঁলোকক মুম্বাই বিমান বন্দৰত হাতত ধৰি ফটো তুলিছিল। হৃতিকে এটা বগা টী-চাৰ্ট আৰু ডেনিম জিনছ পৰিধান কৰিছিল আৰু চাবাই আৰামদায়ক জগাৰ আৰু ক্ৰপ টপ পিন্ধিছিল। যদিও হৃত্বিক ৰোশন আৰু চাবা আজাদে এতিয়াও তেওঁলোকৰ সম্পৰ্কৰ বিষয়ে ৰাজহুৱা কৰা নাই, তথাপি তেওঁলোকে প্ৰায়ে ইজনে- সিজনৰ সামাজিক মাধ্যমৰ পোষ্টত মৰমসিক্ত মন্তব্য কৰা দেখা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক