--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰণবীৰ সিং আৰু দীপিকা পাডুকনে চাৰি বছৰীয়া বৈবাহিক জীৱন সম্পূৰ্ণ কৰিলে। ইয়াৰ মাজতে তেওঁলোকক লৈ প্ৰবল জল্পনা-কল্পনাৰ সৃষ্টি হৈছে। তেওঁলোকৰ বিচ্ছেদ হ’ব ধৰিছে নেকি? শেহতীয়াকৈ এটা অনুষ্ঠানৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে।

তাত দেখা গৈছে- ৰণবীৰে হাতখন আগবঢ়াই দিছে যদিও দীপিকাই তেওঁৰ হাতত নধৰাকৈয়ে আগবাঢ়ি গ’ল। অৱশ্যে অনুষ্ঠানৰ ভিতৰত তেওঁলোকৰ এক বেলেগ ৰূপ দেখা গ’ল। পত্নীৰ প্ৰতি থকা মৰম প্ৰকাশ কৰাত ব্যস্ত হৈ পৰিল ৰণবীৰ। কথাৰে দীপিকাৰ হৃদয় জয় কৰিবলৈ চেষ্টা কৰিলে।

দীপিকাইও তেওঁৰ প্ৰথমখন ছবি ‘ওম শান্তি ওম’ৰ সংলাপত কথা কোৱা শুনা গ’ল। "আপুনি হৃদয়ৰ পৰা কিবা এটা বিচাৰিলেও গোটেই বিশ্বব্ৰহ্মাণ্ডই ষড়যন্ত্ৰ কৰি আপোনাৰ ওচৰলৈ লৈ যায়।"- এই সংলাপ শুনাৰ পিছত ৰণবীৰে দীপিকাৰ বাবে কয়, "হয় সঁচা কথা। যদি আপুনি আপোনাৰ হৃদয়ৰ পৰা বিচাৰে তেন্তে আপুনি তেওঁক পাবই।''

অভিনেতাজনৰ কথা শুনি দীপিকাইও চেঙেলীয়া হাঁহি এটা মাৰিলে। দম্পতীহালৰ এই সুখৰ মুহূৰ্তৰ ছবি দেখি তেওঁলোকৰ অনুৰাগীসকলো আশ্বস্ত হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক