--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি বলীউডত থকাৰ পিছত প্ৰিয়ংকা চোপ্ৰাই হলিউডলৈ গৈছে। বলীউডত থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে তাৰকাৰ মৰ্যাদা লাভ কৰে। হলিউডত ভৰি দি নিজৰ ৰেট বৃদ্ধি কৰিছে ‘দেশী গাৰ্ল’-এ। অৱশ্যে শেহতীয়াকৈ প্ৰিয়ংকাই বলীউড এৰি হলিউডলৈ যোৱাৰ আচল কাৰণৰ বিষয়ে মুকলিকৈ কয়।

এটা সাক্ষাৎকাৰত তেওঁ কয়- ''মোক বলিউডত প্ৰায় এঘৰীয়া কৰি দিয়া হৈছিল। মোক ভাল চৰিত্ৰ দিয়া হোৱা নাছিল। মোৰ লগত বহুতৰে সমস্যা হৈছিল। এই সকলোবোৰ লেতেৰা ৰাজনীতিত মই ভাগৰি পৰিছিলো।’’

আমেৰিকাত গান গাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। প্ৰিয়ংকা এতিয়া হলিউডৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। প্ৰিয়ংকাৰ বলীউড এৰি যোৱাৰ কাৰণ পোহৰলৈ অহাৰ পিছত তেওঁৰ একালৰ সহ অভিনেত্ৰী কংগনা ৰানাৱটে মুখ খুলিছে।

প্ৰিয়ংকাৰ এই মন্তব্যৰ প্ৰসংগত কংগনাই নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, “এজন স্বনিৰ্মিত তাৰকাক ষড়যন্ত্ৰ কৰি দেশৰ পৰা বহিষ্কাৰ কৰা হ’ল। সকলোৱে জানে যে শ্বাহৰুখ খানৰ লগত বন্ধুত্ব কৰাৰ বাবে কৰণ জোহৰৰ লগত তাইৰ অসুবিধা হৈছিল। চিনেমা মাফিয়াই কেৱল সুযোগ বিচাৰে যে বাহিৰৰ মানুহক কেনেকৈ টাৰ্গেট কৰিব লাগে। প্ৰিয়ংকাৰ লগত এনে ব্যৱহাৰ কৰা হৈছিল যে তেওঁ বলীউড এৰিবলগীয়া হৈছিল।''

প্ৰিয়ংকাৰ বলীউড এৰি যোৱাৰ বাবে কংগনাই কৰণ জোহৰক দোষাৰোপ কৰে, এই কথা স্পষ্ট হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ টুইটত। কংগনাই আৰু দাবী কৰে, “এই লেতেৰা, হিংস্ৰ, বিষাক্ত আৰু নিম্ন মনৰ মানুহজনৰ পৰা উত্তৰ বিচাৰিব লাগে। ‘এবি’ বা ‘এছ আৰ কে’ৰ সময়ত উদ্যোগটোৱে কেতিয়াও বাহিৰৰ লোকৰ প্ৰতি এই অমানৱীয় নিষ্ঠুৰতা প্ৰদৰ্শন কৰা নাই।''

প্ৰসংগক্ৰমে কংগনাইয়ে প্ৰথমে কৰণ জোহৰক নেপোটিজিমৰ অভিযোগ উত্থাপন কৰিছিল। আনহাতে, প্ৰিয়ংকা চোপ্ৰা আৰু কংগনা ৰানাৱটে একেলগে কাম কৰিছিল মধুৰ ভাণ্ডাৰকাৰৰ ‘ফেশ্বন’ত। তেতিয়াৰ পৰা অভিনেত্ৰী দুগৰাকীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক চলি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ