--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীৰ্ঘদিন ধৰি বলীউডত থকাৰ পিছত প্ৰিয়ংকা চোপ্ৰাই হলিউডলৈ গৈছে। বলীউডত থকাৰ সময়তে অভিনেত্ৰীগৰাকীয়ে তাৰকাৰ মৰ্যাদা লাভ কৰে। হলিউডত ভৰি দি নিজৰ ৰেট বৃদ্ধি কৰিছে ‘দেশী গাৰ্ল’-এ। অৱশ্যে শেহতীয়াকৈ প্ৰিয়ংকাই বলীউড এৰি হলিউডলৈ যোৱাৰ আচল কাৰণৰ বিষয়ে মুকলিকৈ কয়।

এটা সাক্ষাৎকাৰত তেওঁ কয়- ''মোক বলিউডত প্ৰায় এঘৰীয়া কৰি দিয়া হৈছিল। মোক ভাল চৰিত্ৰ দিয়া হোৱা নাছিল। মোৰ লগত বহুতৰে সমস্যা হৈছিল। এই সকলোবোৰ লেতেৰা ৰাজনীতিত মই ভাগৰি পৰিছিলো।’’

আমেৰিকাত গান গাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল অভিনেত্ৰীগৰাকীয়ে। প্ৰিয়ংকা এতিয়া হলিউডৰ অন্যতম শ্ৰেষ্ঠ তাৰকা। প্ৰিয়ংকাৰ বলীউড এৰি যোৱাৰ কাৰণ পোহৰলৈ অহাৰ পিছত তেওঁৰ একালৰ সহ অভিনেত্ৰী কংগনা ৰানাৱটে মুখ খুলিছে।

প্ৰিয়ংকাৰ এই মন্তব্যৰ প্ৰসংগত কংগনাই নিজৰ ছ’চিয়েল মিডিয়া পেজত লিখিছে, “এজন স্বনিৰ্মিত তাৰকাক ষড়যন্ত্ৰ কৰি দেশৰ পৰা বহিষ্কাৰ কৰা হ’ল। সকলোৱে জানে যে শ্বাহৰুখ খানৰ লগত বন্ধুত্ব কৰাৰ বাবে কৰণ জোহৰৰ লগত তাইৰ অসুবিধা হৈছিল। চিনেমা মাফিয়াই কেৱল সুযোগ বিচাৰে যে বাহিৰৰ মানুহক কেনেকৈ টাৰ্গেট কৰিব লাগে। প্ৰিয়ংকাৰ লগত এনে ব্যৱহাৰ কৰা হৈছিল যে তেওঁ বলীউড এৰিবলগীয়া হৈছিল।''

প্ৰিয়ংকাৰ বলীউড এৰি যোৱাৰ বাবে কংগনাই কৰণ জোহৰক দোষাৰোপ কৰে, এই কথা স্পষ্ট হৈ পৰিছে অভিনেত্ৰীগৰাকীৰ টুইটত। কংগনাই আৰু দাবী কৰে, “এই লেতেৰা, হিংস্ৰ, বিষাক্ত আৰু নিম্ন মনৰ মানুহজনৰ পৰা উত্তৰ বিচাৰিব লাগে। ‘এবি’ বা ‘এছ আৰ কে’ৰ সময়ত উদ্যোগটোৱে কেতিয়াও বাহিৰৰ লোকৰ প্ৰতি এই অমানৱীয় নিষ্ঠুৰতা প্ৰদৰ্শন কৰা নাই।''

প্ৰসংগক্ৰমে কংগনাইয়ে প্ৰথমে কৰণ জোহৰক নেপোটিজিমৰ অভিযোগ উত্থাপন কৰিছিল। আনহাতে, প্ৰিয়ংকা চোপ্ৰা আৰু কংগনা ৰানাৱটে একেলগে কাম কৰিছিল মধুৰ ভাণ্ডাৰকাৰৰ ‘ফেশ্বন’ত। তেতিয়াৰ পৰা অভিনেত্ৰী দুগৰাকীৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক চলি আহিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু