--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৰ বিৰুদ্ধে হিন্দু ধৰ্মৰ আৱেগক আঘাত দিয়াৰ অভিযোগ। ইন্দোৰ হিন্দু ৰক্ষা সংগঠনৰ আহ্বায়ক একলব্য সিং গৌৰে এই সম্পৰ্কত এজাহাৰ দাখিল কৰে। তেওঁ বিজেপিৰ সাংসদ মালিনী গৌৰৰ পুত্ৰ। তাপসীয়ে মুকলি পোছাকৰ ওপৰত দেৱী লক্ষ্মীৰ মূৰ্তি থকা নেকলেচ পিন্ধি ভগৱানক অপমান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

যোৱা ১২ মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ কাঢ়িছিল তাপসীয়ে। ডিঙিৰ পৰা নাভিলৈকে খোলা থকা কষ্টুম ডিজাইনাৰ মনীষা জয়িংহৰ ডিজাইনৰ ৰঙা গাউন পিন্ধিছিল। উন্মুক্ত বুকুত পিন্ধা পিন্ধা নেকলেচডালত লকেটৰ দৰে স্থাপন কৰা আছিল লক্ষ্মী দেৱীৰ মূৰ্তি। সেই পোছাক পিন্ধি অভিনেত্ৰীগৰাকীয়ে চেঙেলীয়া হাঁহিৰে এখন ফটো তুলিছিল। ছ’চিয়েল মিডিয়া পেজত ফটোখন পোষ্ট কৰাৰ পিছতে এই সমালোচনা আৰম্ভ হয়।

এইবাৰ সাংসদ পুত্ৰ একলব্যইও একে অভিযোগ কৰে। তেওঁ দাবী কৰিছে- "লক্ষ্মী দেৱীৰ লকেট পিন্ধি তাপসীয়ে পৰম্পৰাগত হিন্দু ধৰ্মৰ শিপাত আঘাত কৰিছে।" একলব্যই লগতে কয় যে ঘটনাৰ তদন্ত অব্যাহত আছে।

এই বিষয়ত তাপসীয়ে এতিয়াও মুখ মেলা নাই। অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে তেওঁ সমালোচনাৰ সন্মুখীন হোৱা ব্যক্তি নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
জুবিন গাৰ্গৰ মৃত্যুৰ বাবে বৰপেটা আতচবাজী উদ্যোগৰ সিদ্ধান্ত: শব্দবিহীন আতচবাজী বজাৰত বিক্ৰীৰ বাবে কৰিব মুকলি
গহপুৰত জুবিন গাৰ্গৰ প্ৰথমটো প্ৰতিমূৰ্তি স্থাপনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পথত
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?
৬-১১ নৱেম্বৰত বিহাৰ বিধানসভাৰ নিৰ্বাচন, নির্বাচন আয়োগে ঘোষণা কৰিলে সময়সূচী
দীপাৱলীক চৰকাৰী বন্ধৰ দিন ঘোষণা কেলিফৰ্ণিয়াত ; বন্ধ হ’ব কেলিফৰ্ণিয়াৰ বিদ্যালয়