--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৰ বিৰুদ্ধে হিন্দু ধৰ্মৰ আৱেগক আঘাত দিয়াৰ অভিযোগ। ইন্দোৰ হিন্দু ৰক্ষা সংগঠনৰ আহ্বায়ক একলব্য সিং গৌৰে এই সম্পৰ্কত এজাহাৰ দাখিল কৰে। তেওঁ বিজেপিৰ সাংসদ মালিনী গৌৰৰ পুত্ৰ। তাপসীয়ে মুকলি পোছাকৰ ওপৰত দেৱী লক্ষ্মীৰ মূৰ্তি থকা নেকলেচ পিন্ধি ভগৱানক অপমান কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

যোৱা ১২ মাৰ্চত মুম্বাইত অনুষ্ঠিত হোৱা ফেশ্বন শ্ব’ৰ ৰেম্পত খোজ কাঢ়িছিল তাপসীয়ে। ডিঙিৰ পৰা নাভিলৈকে খোলা থকা কষ্টুম ডিজাইনাৰ মনীষা জয়িংহৰ ডিজাইনৰ ৰঙা গাউন পিন্ধিছিল। উন্মুক্ত বুকুত পিন্ধা পিন্ধা নেকলেচডালত লকেটৰ দৰে স্থাপন কৰা আছিল লক্ষ্মী দেৱীৰ মূৰ্তি। সেই পোছাক পিন্ধি অভিনেত্ৰীগৰাকীয়ে চেঙেলীয়া হাঁহিৰে এখন ফটো তুলিছিল। ছ’চিয়েল মিডিয়া পেজত ফটোখন পোষ্ট কৰাৰ পিছতে এই সমালোচনা আৰম্ভ হয়।

এইবাৰ সাংসদ পুত্ৰ একলব্যইও একে অভিযোগ কৰে। তেওঁ দাবী কৰিছে- "লক্ষ্মী দেৱীৰ লকেট পিন্ধি তাপসীয়ে পৰম্পৰাগত হিন্দু ধৰ্মৰ শিপাত আঘাত কৰিছে।" একলব্যই লগতে কয় যে ঘটনাৰ তদন্ত অব্যাহত আছে।

এই বিষয়ত তাপসীয়ে এতিয়াও মুখ মেলা নাই। অভিনেত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিছে যে তেওঁ সমালোচনাৰ সন্মুখীন হোৱা ব্যক্তি নহয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক