--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোমাংসকলৈ দেশত নানান সময়ত নানা ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈ আহিছে। এসময়ত অভিনেতা ৰণবীৰ কাপুৰে  গোমাংসৰ বিষয়ে তেওঁৰ ব্যক্তিগত অভিমত এটা প্ৰকাশ কৰাৰ পিছতে হিন্দুত্ববাদী বহুতেই জাঙুৰ খাই উঠিছিল। সেই সময়ত বহুতেই ৰণবীৰৰ ছবি নিষিদ্ধ কৰাৰ দাবী তুলিছিল।  এটা  সাক্ষাৎকাৰত ৰণবীৰ কাপুৰে তেওঁৰ ’ৰকষ্টাৰ’ ছবিৰ প্ৰচাৰৰ সময়ত কৈছিল , "মোৰ পৰিয়াল পেছোৱাৰৰ, সেয়েহে তেওঁলোকৰ সৈতে যথেষ্ট পেছোৱাৰী খাদ্য বংশানুক্ৰমিকভাবে আহিছে। মই এজন মটন, আৰু গোমাংসৰ অনুৰাগী। হয়, মই গোমাংসৰ এজন ডাঙৰ অনুৰাগী।"

ৰণবীৰৰ এনে মন্তব্যৰ পিছতে হিন্দুত্ববাদীসকলে অভিনেতাজনৰ বিৰুদ্ধে সৰব হৈ পৰিছিল। কিন্তু ইয়াৰ মাজতে বিজেপিৰ পোষ্টাৰ বয় হিচাবে চৰ্চিত ৰণবীৰ আল্লাবাদিয়াই গোমাংসৰ সপক্ষে কৰা টুইটে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গেৰুৱা বাহিনীৰ বহুতৰে দৃষ্টিত যুৱ প্ৰজন্মৰ আইকন  স্বৰূপ ৰণবীৰ আল্লাবাদিয়া এজন  ইউটিউবাৰ, অনুপ্ৰেৰণামূলক বক্তা, নেতৃত্ব সম্পৰ্কীয়  প্ৰশিক্ষক। ইয়াৰ লগতে তেওঁ ভাৰতৰ শীৰ্ষ পডকাষ্ট - "দ্য ৰণবীৰ শ্ব" পৰিচালনা কৰে। 

সেই গৰাকী ৰণবীৰ আল্লাবাদিয়াই গোমাংসৰ সপক্ষে নানা ধৰণৰ টুইট কৰাৰ বিষয়টোকলৈ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক অভিসাৰ শৰ্মাই। শৰ্মাই তেওঁৰ টুইটাৰত কৈছে যে গোমাংসৰ বিষয়ে কোৱা বাবেই বহুতে ৰণবীৰ কাপুৰৰ ছবি বয়কট কৰাৰ আহ্বান জনাইছিল। এতিয়া বিজেপিৰ পোষ্টাৰ বয়েই গোমাংসৰ সপক্ষে কৈ আছে। উল্লেখ্য ৰণবীৰ আল্লাবাদিয়াই তেওঁৰ কেইবাটাও টুইটত এই বুলি কৈছে যে তেওঁৰ যিসকল  হিন্দু বন্ধুৱে গোমাংস খোৱা নাই তেওঁলোকে ডাঙৰ কিবা এটা হেৰুৱাইছে। ৰণবীৰ আল্লাবাদিয়াৰ এনে মন্তব্য বোৰে এতিয়া বহুতকে বিপাঙত পেলাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস