--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গোমাংসকলৈ দেশত নানান সময়ত নানা ধৰণৰ বিতৰ্কৰ সৃষ্টি হৈ আহিছে। এসময়ত অভিনেতা ৰণবীৰ কাপুৰে  গোমাংসৰ বিষয়ে তেওঁৰ ব্যক্তিগত অভিমত এটা প্ৰকাশ কৰাৰ পিছতে হিন্দুত্ববাদী বহুতেই জাঙুৰ খাই উঠিছিল। সেই সময়ত বহুতেই ৰণবীৰৰ ছবি নিষিদ্ধ কৰাৰ দাবী তুলিছিল।  এটা  সাক্ষাৎকাৰত ৰণবীৰ কাপুৰে তেওঁৰ ’ৰকষ্টাৰ’ ছবিৰ প্ৰচাৰৰ সময়ত কৈছিল , "মোৰ পৰিয়াল পেছোৱাৰৰ, সেয়েহে তেওঁলোকৰ সৈতে যথেষ্ট পেছোৱাৰী খাদ্য বংশানুক্ৰমিকভাবে আহিছে। মই এজন মটন, আৰু গোমাংসৰ অনুৰাগী। হয়, মই গোমাংসৰ এজন ডাঙৰ অনুৰাগী।"

ৰণবীৰৰ এনে মন্তব্যৰ পিছতে হিন্দুত্ববাদীসকলে অভিনেতাজনৰ বিৰুদ্ধে সৰব হৈ পৰিছিল। কিন্তু ইয়াৰ মাজতে বিজেপিৰ পোষ্টাৰ বয় হিচাবে চৰ্চিত ৰণবীৰ আল্লাবাদিয়াই গোমাংসৰ সপক্ষে কৰা টুইটে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। গেৰুৱা বাহিনীৰ বহুতৰে দৃষ্টিত যুৱ প্ৰজন্মৰ আইকন  স্বৰূপ ৰণবীৰ আল্লাবাদিয়া এজন  ইউটিউবাৰ, অনুপ্ৰেৰণামূলক বক্তা, নেতৃত্ব সম্পৰ্কীয়  প্ৰশিক্ষক। ইয়াৰ লগতে তেওঁ ভাৰতৰ শীৰ্ষ পডকাষ্ট - "দ্য ৰণবীৰ শ্ব" পৰিচালনা কৰে। 

সেই গৰাকী ৰণবীৰ আল্লাবাদিয়াই গোমাংসৰ সপক্ষে নানা ধৰণৰ টুইট কৰাৰ বিষয়টোকলৈ প্ৰশ্ন উত্থাপন কৰিছে দেশৰ এগৰাকী বিশিষ্ট সাংবাদিক অভিসাৰ শৰ্মাই। শৰ্মাই তেওঁৰ টুইটাৰত কৈছে যে গোমাংসৰ বিষয়ে কোৱা বাবেই বহুতে ৰণবীৰ কাপুৰৰ ছবি বয়কট কৰাৰ আহ্বান জনাইছিল। এতিয়া বিজেপিৰ পোষ্টাৰ বয়েই গোমাংসৰ সপক্ষে কৈ আছে। উল্লেখ্য ৰণবীৰ আল্লাবাদিয়াই তেওঁৰ কেইবাটাও টুইটত এই বুলি কৈছে যে তেওঁৰ যিসকল  হিন্দু বন্ধুৱে গোমাংস খোৱা নাই তেওঁলোকে ডাঙৰ কিবা এটা হেৰুৱাইছে। ৰণবীৰ আল্লাবাদিয়াৰ এনে মন্তব্য বোৰে এতিয়া বহুতকে বিপাঙত পেলাইছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
ভক্তি ৰসেৰে জীপাল সোণাপুৰৰ কমাৰকুছি
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি
মৰাণৰ পিছত এইবাৰ ৰাজপথ কঁপাব মটকে, জনজাতিকৰণৰ দাবীৰে ২৬ ছেপ্টেম্বৰত ৫০ হাজাৰ মটক ৰাইজে কঁপাব লাহোৱালৰ আকাশ বতাহ