--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী ৰাজনীতিক নহয়, এইবাৰ বলীউড অভিনেতালৈ ইডিৰ চমন৷ জনাদৃত অভিনেতা ৰণবীৰ কাপুৰলৈ চমন জাৰি কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে৷ ৬ অক্টোবৰত ৰণবীৰ কাপুৰক হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে তদন্তকাৰী সংস্থাটোৱে৷ ইডিয়ে এটা অনলাইন বেটিং গোচৰৰ সন্দৰ্ভত চমন জাৰি কৰিছে অভিনেতাগৰাকীক৷

ইডিৰ সূত্ৰ অনুসৰি, ৰণবীৰ কাপুৰে এটা চাবচিডিয়াৰী এপৰ প্ৰচাৰ কৰিছিল, যাক মহাদেৱ বুক এপ প্ৰম’টাৰ্চসকলেও প্ৰচাৰ কৰিছিল। এই প্ৰচাৰৰ বাবে অভিনেতাজনে নগদ ধন লৈছিল বুলি বিশেষ সূত্ৰই সদৰী কৰে।
‘মহাদেৱ বুক এপ’ এটা অনলাইন বেটিং প্লেটফৰ্ম, যাক কেইবাখনো ইডি আৰু আৰক্ষী বিভাগৰ দ্বাৰা অনুসন্ধান কৰা হৈছে।

প্ৰৱৰ্তন সঞ্চালকালয়ে সংগ্ৰহ কৰা তথ্য অনুসৰি, হাৱালাৰ জৰিয়তে এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীক ১১২ কোটি টকা বিতৰণ কৰা হৈছিল৷ আনহাতে হোটেল বুকিঙৰ বাবে পৰিশোধ কৰা হৈছিল ৪২ কোটি টকা৷

অকল ৰণবীৰেই নহয়, মহাদেৱ অনলাইন বেটিং গোচৰৰ চলিত তদন্তৰ সন্দৰ্ভত তদন্ত সংস্থাটোৱে বলীউডৰ আন কেইবাগৰাকীও শীৰ্ষ অভিনেতা আৰু গায়কক চমন জাৰি কৰাৰ সম্ভাৱনা আছে। যোৱা মাহত, ‘ইণ্ডিয়া টুডে’ৰ এক বিশেষ প্ৰতিবেদনত এই বছৰৰ ফেব্ৰুৱাৰীত ইউ.এ.ই.-ত মহাদেৱ বুক এপৰ প্ৰমোটাৰ সৌৰভ চন্দ্ৰকাৰৰ বিবাহ অনুষ্ঠানত উপস্থিত থকা অভিনেতা আৰু গায়কসকলৰ তথ্য প্ৰকাশ কৰিছিল৷ ইয়াৰ ভিতৰত আছিল টাইগাৰ শ্ৰফ, ছানী লিয়নী, নেহা কক্কৰ, আতিফ আছলাম, ৰাহাত ফতেহ আলী খান, আলী আসগৰ, বিশাল দাদলানি, এলি আভ্ৰৰাম, ভাৰতী সিং, ভাগ্যশ্ৰী, কৃতি খাৰবান্দা, নুচৰাট ভৰুচ্চা, ক্ৰুষ্ণা অভিষেক আৰু সুখবিন্দৰ সিং আদি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ