--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিৰোধী ৰাজনীতিক নহয়, এইবাৰ বলীউড অভিনেতালৈ ইডিৰ চমন৷ জনাদৃত অভিনেতা ৰণবীৰ কাপুৰলৈ চমন জাৰি কৰিছে প্ৰৱৰ্তন সঞ্চালকালয়ে৷ ৬ অক্টোবৰত ৰণবীৰ কাপুৰক হাজিৰ হোৱাৰ নিৰ্দেশ জাৰি কৰিছে তদন্তকাৰী সংস্থাটোৱে৷ ইডিয়ে এটা অনলাইন বেটিং গোচৰৰ সন্দৰ্ভত চমন জাৰি কৰিছে অভিনেতাগৰাকীক৷

ইডিৰ সূত্ৰ অনুসৰি, ৰণবীৰ কাপুৰে এটা চাবচিডিয়াৰী এপৰ প্ৰচাৰ কৰিছিল, যাক মহাদেৱ বুক এপ প্ৰম’টাৰ্চসকলেও প্ৰচাৰ কৰিছিল। এই প্ৰচাৰৰ বাবে অভিনেতাজনে নগদ ধন লৈছিল বুলি বিশেষ সূত্ৰই সদৰী কৰে।
‘মহাদেৱ বুক এপ’ এটা অনলাইন বেটিং প্লেটফৰ্ম, যাক কেইবাখনো ইডি আৰু আৰক্ষী বিভাগৰ দ্বাৰা অনুসন্ধান কৰা হৈছে।

প্ৰৱৰ্তন সঞ্চালকালয়ে সংগ্ৰহ কৰা তথ্য অনুসৰি, হাৱালাৰ জৰিয়তে এটা ইভেণ্ট মেনেজমেণ্ট কোম্পানীক ১১২ কোটি টকা বিতৰণ কৰা হৈছিল৷ আনহাতে হোটেল বুকিঙৰ বাবে পৰিশোধ কৰা হৈছিল ৪২ কোটি টকা৷

অকল ৰণবীৰেই নহয়, মহাদেৱ অনলাইন বেটিং গোচৰৰ চলিত তদন্তৰ সন্দৰ্ভত তদন্ত সংস্থাটোৱে বলীউডৰ আন কেইবাগৰাকীও শীৰ্ষ অভিনেতা আৰু গায়কক চমন জাৰি কৰাৰ সম্ভাৱনা আছে। যোৱা মাহত, ‘ইণ্ডিয়া টুডে’ৰ এক বিশেষ প্ৰতিবেদনত এই বছৰৰ ফেব্ৰুৱাৰীত ইউ.এ.ই.-ত মহাদেৱ বুক এপৰ প্ৰমোটাৰ সৌৰভ চন্দ্ৰকাৰৰ বিবাহ অনুষ্ঠানত উপস্থিত থকা অভিনেতা আৰু গায়কসকলৰ তথ্য প্ৰকাশ কৰিছিল৷ ইয়াৰ ভিতৰত আছিল টাইগাৰ শ্ৰফ, ছানী লিয়নী, নেহা কক্কৰ, আতিফ আছলাম, ৰাহাত ফতেহ আলী খান, আলী আসগৰ, বিশাল দাদলানি, এলি আভ্ৰৰাম, ভাৰতী সিং, ভাগ্যশ্ৰী, কৃতি খাৰবান্দা, নুচৰাট ভৰুচ্চা, ক্ৰুষ্ণা অভিষেক আৰু সুখবিন্দৰ সিং আদি।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু