--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ সাংবাদিকৰ মাত বন্ধ কৰিবলৈ উঠিপৰি লাগিছে চৰকাৰ৷দিনজোৰা তালাচী, সামগ্ৰী জব্দ কৰাৰ পাছত মঙলবাৰে দিল্লী আৰক্ষীয়ে নিউজক্লিকৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু প্ৰতিষ্ঠানটোৰ মানৱ সম্পদৰ মুৰব্বী(HR HEAD) অমিত চক্ৰৱৰ্তীক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন(UAPA)ৰ অধীনত গ্ৰেপ্তাৰ কৰে। পৰ্টেলটোৱে চীনৰ পৰা অপপ্ৰচাৰৰ বাবে ধন লাভ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে পৰ্টেলটোৰ প্ৰতিষ্ঠাপকক সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে দিল্লী আৰক্ষীৰ বিশেষ কোষ কাৰ্যালয়লৈ অনা হয়।

ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীৰ লোকে নিউজ পৰ্টেলটোৰ সৈতে জড়িত কেইবাজনো সাংবাদিকৰ ঘৰত অভিযান চলাই তেওঁলোকৰ লেপটপ, মোবাইল ফোন, হাৰ্ড ডিস্ককে ধৰি প্ৰমাণ হিচাপে তেওঁলোকৰ কেইবাটাও ইলেক্ট্ৰনিক যন্ত্ৰ জব্দ কৰে।আৰক্ষী বিষয়াসকলৰ মতে, এই গোচৰৰ সম্পৰ্কত মুঠ ৪৬ জন সন্দেহযুক্ত লোকক বিভিন্ন স্থানত সোধা-পোছা কৰা হৈছে। ইউএপিএ আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত ১৭ আগষ্টত এই গোচৰ ৰুজু হৈছিল।খবৰ অনুসৰি বিভিন্ন বিষয়ত ২৫টা প্ৰশ্নৰ তালিকা য’ত বিদেশ ভ্ৰমণৰ সবিশেষ, নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু কৃষকৰ আন্দোলন আদিকে ধৰি সাংবাদিকসকলৰ ওপৰত উত্থাপন কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ