--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ সাংবাদিকৰ মাত বন্ধ কৰিবলৈ উঠিপৰি লাগিছে চৰকাৰ৷দিনজোৰা তালাচী, সামগ্ৰী জব্দ কৰাৰ পাছত মঙলবাৰে দিল্লী আৰক্ষীয়ে নিউজক্লিকৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক প্ৰবীৰ পুৰকায়স্থ আৰু প্ৰতিষ্ঠানটোৰ মানৱ সম্পদৰ মুৰব্বী(HR HEAD) অমিত চক্ৰৱৰ্তীক অবৈধ কাৰ্যকলাপ (প্ৰতিৰোধ) আইন(UAPA)ৰ অধীনত গ্ৰেপ্তাৰ কৰে। পৰ্টেলটোৱে চীনৰ পৰা অপপ্ৰচাৰৰ বাবে ধন লাভ কৰা বুলি অভিযোগ উত্থাপন হোৱাৰ পাছতে পৰ্টেলটোৰ প্ৰতিষ্ঠাপকক সন্ত্ৰাসবাদ বিৰোধী আইনৰ অধীনত এই গোচৰৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে দিল্লী আৰক্ষীৰ বিশেষ কোষ কাৰ্যালয়লৈ অনা হয়।

ইয়াৰ পূৰ্বে দিল্লী আৰক্ষীৰ লোকে নিউজ পৰ্টেলটোৰ সৈতে জড়িত কেইবাজনো সাংবাদিকৰ ঘৰত অভিযান চলাই তেওঁলোকৰ লেপটপ, মোবাইল ফোন, হাৰ্ড ডিস্ককে ধৰি প্ৰমাণ হিচাপে তেওঁলোকৰ কেইবাটাও ইলেক্ট্ৰনিক যন্ত্ৰ জব্দ কৰে।আৰক্ষী বিষয়াসকলৰ মতে, এই গোচৰৰ সম্পৰ্কত মুঠ ৪৬ জন সন্দেহযুক্ত লোকক বিভিন্ন স্থানত সোধা-পোছা কৰা হৈছে। ইউএপিএ আৰু ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত ১৭ আগষ্টত এই গোচৰ ৰুজু হৈছিল।খবৰ অনুসৰি বিভিন্ন বিষয়ত ২৫টা প্ৰশ্নৰ তালিকা য’ত বিদেশ ভ্ৰমণৰ সবিশেষ, নাগৰিকত্ব (সংশোধনী) আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু কৃষকৰ আন্দোলন আদিকে ধৰি সাংবাদিকসকলৰ ওপৰত উত্থাপন কৰা হয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু