--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

বেলি ডুবে, বেলি উঠে। দিন আহে, ৰাতিয়ে বিদায় লয়। এটা ইংৰাজী নতুন বছৰৰ পহিলা দিনটোত উপস্থিত হৈ ৰোমাঞ্চিত হোৱাৰ কোনো কাৰণ আমাৰ দৰে বহুতৰ নাই। তথাপি এটা নতুন বছৰে পোৱা-নোপোৱাৰ হিচাপ লোৱাত সহায় কৰে। বিদায়ী বছৰটোত বইডেনৰ পৰা ড০ হিমন্ত বিশ্ব শৰ্মালৈ সমাজ আৰু ৰাজনীতিত বহু পৰিৱৰ্তন সংঘটিত হ’ল। এই পৰিৱৰ্তনে অসমীয়া সমাজখনত কি প্ৰভাৱ পেলালে? এই কথাটো বাদ দি নতুন বছৰক লৈ কিবা আশা কৰাটো শুদ্ধ হ’বনে?


মুখ্যমন্ত্ৰী হিচাপে ড০ হিমন্ত বিশ্ব শৰ্মাই ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰা অভিযানক কোনো সভ্য লোকে বিৰোধ কৰা নাই। আমি বিচাৰিম অসম সম্পূৰ্ণৰূপে ড্ৰাগছমুক্ত ৰাজ্য হিচাপে পৃথিৱীৰ বুকুত এটা পৰিচয় বহন কৰক। ছিকিমে ভাৰতৰ বুকুত এটা চিনাকি দিছিল যে সেইখন ৰাজ্যৰ এনে বহু থানা আছে, য’ত বছৰত এটাও গোচৰ ৰুজু হোৱা নাছিল। এদিন ড্ৰাগছ আক্ৰান্ত তথা ড্ৰাগছসেৱী এজনো যুৱক-যুৱতী নোহোৱা এখন ৰাজ্যত অসম পৰিণত হ’লে মুখ্যমন্ত্ৰীগৰাকী এইক্ষেত্ৰত সফল হোৱা বুলি সকলোৱে স্বীকাৰ কৰিব।


২০২১ বৰ্ষৰ এজন সফল সংগ্ৰামী হিচাপে ভাৰতৰ নহয়, পৃথিৱীৰ অগণন মানুহৰ মাজত এটা পৰিচয় গঢ়িবলৈ সক্ষম হোৱা কৃষক নেতা ৰাকেশ টিকাইতে নতুন বছৰত দুটা বিষয় লৈ এক সামাজিক আন্দোলন গঢ়িব বুলি ঘোষণা কৰিছে। চৰকাৰৰ সকলো কূটনীতি ব্যৰ্থ কৰি কৃষক আন্দোলনক সফল কৰা কৃষক নেতা টিকাইতে ঘোষণা কৰিছে যে ২০২২ বৰ্ষত ভাৰতত তেওঁ নিচা আৰু যৌতুকৰ বিৰুদ্ধে এক সামাজিক আন্দোলন গঢ়ি তুলিব। যিটো কাম কেন্দ্ৰীয় চৰকাৰে সফল কৰিব নোৱাৰিলে, যিটো ব্যাধিৰ বিৰুদ্ধে চৰকাৰৰ সকলো প্ৰচেষ্টা বিফল হৈছে, সেই ব্যাধিৰ বিৰুদ্ধে নৱবৰ্ষত ৰাকেশ টিকাইতে এখন মহাসংগ্ৰাম গঢ়ি তোলাৰ ঘোষণা সমাজ জীৱনৰ বাবে অত্যন্ত আশাব্যঞ্জক খবৰ। নিচা আৰু যৌতুকে ভাৰতীয় সমাজক গ্ৰাস কৰি আনিছে।

যৌতুকৰ প্ৰভাৱ অসম তথা উত্তৰ-পূৰ্বাঞ্চলত নাই যদিও ৰাজনৈতিক নেতা আৰু ধনকুবেৰ কিছুমান ব্যৱসায়ীয়ে অসমলৈ ‘যৌতুক’ নামৰ বৰবিহ আমদানি কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। ঘাইকৈ হিন্দী বেল্টৰ পৰাই অসমীয়া সমাজখনলৈ এই ভাবুকি আহিছে। নিচাৰ ক্ষেত্ৰত অসম চৰকাৰে কেৱল ৩১ ডিচেম্বৰক লক্ষ্য কৰি আগবাঢ়িলে নহ’ব। ‘নিচা’-বুলি কওঁতে অকল ড্ৰাগছৰ কথা ক’ব বিচৰা নাই। অসমীয়া সমাজখনত সুৰা আৰু ভাঙৰ ব্যাপক প্ৰচলন আৰম্ভ হৈছে। ইতিমধ্যে সুৰাই বহু পৰিয়াল ধ্বংস কৰিছে আৰু আদবয়সত বহু যুৱকৰ জীৱন কাঢ়ি নিছে। ড্ৰাগছতকৈ সুৰা অসমীয়া সমাজত অধিক ভয়ংকৰ হৈ উঠিছে। এই কথাবোৰ মুখ্যমন্ত্ৰীয়ে এবাৰ অনুভৱ কৰি অসমীয়া সমাজত নিচামুক্তিৰ বিৰুদ্ধে নৱবৰ্ষত এক সামাজিক আন্দোলন গঢ়ি তুলিব নোৱাৰিলে ভৱিষ্যৎ অত্যন্ত বিপজ্জনক হৈ পৰিব। এতিয়াই সকলোধৰণৰ নিচাৰ বিৰুদ্ধে অসমৰ যুৱ-প্ৰজন্মক সজাগ আৰু সাজু কৰি নুতুলিলে আগন্তুক সময়ত ই আমাক ৰুগীয়া কৰি তুলিব।


ড্ৰাগছ আৰু ৩১ ডিচেম্বৰক লক্ষ্য কৰি সুৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসম চৰকাৰ আৰু প্ৰশাসনে যি তৎপৰতা প্ৰদৰ্শন কৰিলে, সেয়া ধন্যবাদৰ প্ৰাপ্য। আমি এটা কথা জানো যে অসমৰ তৰুণ-প্ৰজন্মক নিচাসক্তিৰ পৰা বচাবলৈ হ’লে কিতাপ তথা পুথিভঁৰাল আন্দোলন এটা সৰ্বাত্মক ৰূপত আৰম্ভ কৰিব লাগিব। ডেৰ দশকৰ আগলৈকে অসমত কিতাপ অত্যন্ত গুৰুত্বপূৰ্ণ বন্ধু হিচাপে যুৱ-প্ৰজন্মৰ বাবে পৰিগণিত হৈছিল। মুখ্যমন্ত্ৰীয়ে নিশ্চয় জানে অসমৰ এনে এটা চুবুৰি নাই, এনে এখন গাঁও নাই, য’ত এটা পুথিভঁৰাল নাই। অসমৰ প্ৰতিটো চুবুৰি, প্ৰতিখন গাঁৱত একোটা পুথিভঁৰাল আছে। এই পুথিভঁৰালত বহু ঐতিহ্যপূৰ্ণ গ্ৰন্থ ভৰি আছে।

এই বছৰত অসমলৈকো ফাইভ জি সেৱা সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা খুবেই বেছি


এই গ্ৰন্থৰ পঢ়ুৱৈৰ অভাৱ নাছিল। টিভিৰ আগ্ৰাসনে পুথিভঁৰাল আৰু কিতাপ অধ্যয়নত প্ৰভাৱ পেলালে। এতিয়া এই টিভিৰ প্ৰতি প্ৰত্যাহ্বান আনিছে সামাজিক মাধ্যম আৰু ডিজিটেল জগতখনে। এই বছৰত অসমলৈকো ফাইভ জি সেৱা সম্প্ৰসাৰিত হোৱাৰ সম্ভাৱনা খুবেই বেছি। ইয়াৰ ফলত আৰু অধিক গতিত সামাজিক মাধ্যম আৰু ডিজিটেল জগতখনে গতি ল’ব। অদূৰ ভৱিষ্যতে ডিজিটেল জগতে সামৰি ল’ব মানুহৰ সম্পূৰ্ণ জীৱন। কিন্তু ডিজিটেল মাধ্যমো এখন কিতাপৰ পৰিপূৰক কিম্বা বিকল্প হ’ব নোৱাৰে। এই মহাসত্য ইতিমধ্যে প্ৰমাণিত হৈছে। বাতৰি কাকত এখনৰ বাতৰিয়ে ডিজিটেল মাধ্যমৰ সৈতে ফেৰ মাৰিব নোৱাৰিব পাৰে। কিন্তু এগৰাকী লেখকৰ এখন সৃষ্টিশীল গ্ৰন্থ তথা ৰচনাক ডিজিটেল জগতে প্ৰত্যাহ্বান সৃষ্টি কৰিব নোৱাৰে।


বছৰটোৰ পহিলা দিনটোতে অসমৰ মুখ্যমন্ত্ৰীক অনুৰোধ কৰিব খুজিছোঁ যে ২০২২ বৰ্ষত ৰাজ্যত কিতাপ পঢ়া আৰু পুথিভঁৰাল আন্দোলন এটা গঢ়ি তুলিবলৈ চৰকাৰী স্তৰত আগবাঢ়ি আহক। গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত ‘অসম গ্ৰন্থমেলা’ অনুষ্ঠিত হৈছে। এই গ্ৰন্থমেলালৈ এদিন মুখ্যমন্ত্ৰীও আহক। মুখ্যমন্ত্ৰীয়ে বিষয়াই বাছনি কৰি দিয়া নহয়, নিজে নিৰ্বাচন কৰি কেইখনমান কিতাপ কিনক। মুখ্যমন্ত্ৰীয়ে পুথিভঁৰাল আন্দোলনক গতি দিবলৈ আৰু এটা কাম কৰিব পাৰে। অসম বিধানসভাৰ ১২৬গৰাকী বিধায়কক প্ৰত্যেকে কমেও ১০ হেজাৰ টকাৰ মন পছন্দৰ কিতাপ ক্ৰয় কৰিবলৈ আহ্বান জনাওক।

১২৬গৰাকী জনপ্ৰতিনিধিয়ে সুস্থ ৰাজনীতি কৰিবলৈ হ’লেও ভাল কিতাপ পঢ়াৰ প্ৰয়োজনীয়তা আছে। কিতাপ অবিহনে জীৱন অপূৰ্ণ। সেয়ে মুখ্যমন্ত্ৰীয়ে যুৱ-প্ৰজন্মক নিচাসক্তিৰ পৰা বচাবলৈ পুথিভঁৰাল আন্দোলন গঢ়ি তোলাৰ বিকল্প নাই। অসমৰ চুবুৰি আৰু গাঁওবোৰত থকা পুথিভঁৰালবোৰ জীপাল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উদ্যোগ লওক। মুখ্যমন্ত্ৰী নিজেই সপ্তাহত নহ’লেও মাহত এবাৰ গুৱাহাটী জিলা পুথিভঁৰাললৈ আহক। ভৱিষ্যৎ প্ৰজন্মৰ স্বাৰ্থতে মুখ্যমন্ত্ৰীয়ে এইখিনি কৰাৰ প্ৰয়োজনীয়তা আছে। কিয়নো এগৰাকী মুখ্যমন্ত্ৰীৰ কাৰ্য আৰু একোটা আহ্বানে সমাজত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অন্ত পৰিল ‘কাঁটা লাগা’ৰ তাল! চিৰদিনলৈ বিদায় মাগিলে অভিনেত্ৰী শ্বেফালী জৰিৱালাই
ধৰ্ম বেলেগ মানে পাকঘৰো বেলেগ ! মধ্যাহ্ন ভোজনৰ নামত ২৫ বছৰে এখন বিদ্যালয়ত  কি চলিছিল জানেনে ?
ভাৰতৰ সৈতে আহি আছে বৃহৎ বাণিজ্যিক চুক্তি; ইংগিত ট্ৰাম্পৰ
বাক্সাৰ শিমলাবাৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড ; পুত্ৰই কুঠাৰেৰে ঘপিয়াই নৃসংশভাৱে হত্যা কৰিলে মাতৃক
আকৌ ধুবুৰীৰ ব্ৰহ্মপুত্ৰ নদীত অঘটন ; ফেৰীৰ পৰা পানীত পৰিল এগৰাকী মহিলা যাত্ৰী
৭০-৮০ দশকৰ এভাগ কাহিনী লৈ পহিলা আগষ্টত আহি আছে 'কলাজ'
আন্তৰ্জাতিক যোগ দিৱসৰ বিষয়ে একলম
এই ৩ টা বনৌষধি পেটৰ বাবে অতি উপকাৰী
অসম সন্তান জুবিন, মেঘালী আৰু  ৰাজৰ্ষি বিশ্বমানৰ আই আই এছলৈ নিৰ্বাচিত
আৰক্ষীৰ গুলীত নিহত দুৰ্ধৰ্ষ ডকাইত! ৪০টাতকৈও অধিক গোচৰ ৰুজু হৈছিল ডকাইতটোৰ বিৰুদ্ধে
আজি বিশ্ব সংগীত দিৱস ; জানেনে সংগীত দিৱস কিয় বিশেষ?
যোৰহাটত ড্ৰাগছ আসক্তৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুজন
ইজৰাইলৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ