--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰায় ১০০ বছৰ পুৰণি এটি গৃহ৷ তাৰ ভিতৰত থকা কাঠৰ আলমিৰাত পৰি ৰৈছে বহু পুৰণি গ্ৰন্থ-আলোচনী৷ কেইখনমান ডেস্ক, চকীৰ সৈতে কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰিলেই আপুনি অনুভৱ কৰিব এটি পুৰণি সুৱাস৷ ৪৪ বছৰ পূৰ্বে পুথিভঁৰাল হিচাপে পৰিচয় লাভ কৰা ঘৰটোৰ বেৰৰ জলঙাইদিও পৰিছে ৰ’দৰ এচমকা পোহৰ৷ মলিয়ন ডেস্কৰ ওপৰত পৰি ৰৈছে বছৰ বাগৰা খবৰ কাকতো৷ বেৰত ওলমি আছে মহাত্মা গান্ধীৰ এখন ক’লা বগা ফটো৷ পাণবজাৰৰ মাজমজিয়াৰ এচুকত থকা বাটামকচা ঘৰটো দেখিলে অনুধাৱন কৰিব পাৰিব সেয়া যে অত্যন্ত এটি পুৰণি গৃহ৷


১৯৭৭ চনত স্থাপিত এটি পুথিভঁৰাল৷ ইণ্টাৰনেট, ছ’চিয়েল মিডিয়াই সমাজ জীৱন গ্ৰাহ কৰাৰ পূৰ্বেই গুৱাহাটীৰ পাণবজাৰত স্থাপন কৰা হৈছিল এই পুথিভৰাঁলটো৷ সেই সময়ছোৱাত অধ্যয়নৰ প্ৰতি ধাউতি থকা প্ৰতিগৰাকী লোকেই আহিছিল এই পুথিভৰাঁলটোলৈ৷ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি অধ্যয়নপুষ্ট সাধাৰণ ব্যক্তিগৰাকীলৈকে৷ সেই পুথিভৰাঁলতে পৰি ৰৈছে এটি ১০০ বছৰীয়া লেফাফাৰ বাকচো৷ পূৰ্বে এটি সাধাৰণ বাসগৃহ হিচাপে থকা এই ঘৰতো ভাৰতৰ স্বাধীনতা সংগ্ৰাম চলি থকাৰ সময়তে ১৯৩৪ চনত জাতিৰ পিতা মহাত্মা গান্ধীয়েও পদধূলা পেলাইছিল৷ স্বাধীনতা সংগ্ৰামী ডাঃ হৰেকৃষ্ণ দাসৰ আছিল এই গৃহটো (বৰ্তমান পুথিভৰাঁল)৷

প্ৰায় ১০হাজাৰ কিতাপ আছে এই পুথিভৰাঁলটোত

অসমৰ প্ৰথমগৰাকী চিকিৎসক আছিল ডাঃ হৰেকৃষ্ণ দাস৷ ডিব্ৰুগড়ত চিকিৎসা সেৱা আগবঢ়াইছিল দাসে৷ স্বাধীনতা সংগ্ৰামৰ সমান্তৰালকৈ তেওঁ আছিল সমাজৰ এজন পুৰুধা ব্যক্তি৷ জীৱনকালত দাসৰ যিমান সম্পত্তি আছিল সকলোখিনিয়ে দান কৰি গৈছিল সমাজৰ বাবে৷ তাৰেই এক উল্লেখযোগ্য উদাহৰণ এই পুথিভৰাঁলটো৷ তেওঁৰ মৃত্যুৰ পাছতে ডাঃ হৰেকৃষ্ণ দাসৰ সোঁৱৰণত এই গৃহটো ৰূপান্তৰ কৰা হয় পুথিভৰাঁললৈ৷ প্ৰায় ১০হাজাৰ কিতাপ আছে এই পুথিভৰাঁলটোত৷ তেতিয়াৰেপৰা সুন্দৰকৈ চলি থকা পুথিভৰাঁলটোৰ সহায় লৈ বহুকেইজনে ডক্টৰেট ডিগ্ৰীও লাভ কৰিবলৈ সক্ষম হৈছিল৷


অৱশ্যে সময়ৰ সোঁতত যেন পুথিভৰাঁলটোৰ অস্তিত্বও লোপ পাই গৈছে৷ জহি-খহি গৈছে বেৰসমূহ৷ ধূলি মাকতিৰে পোঁত খাই পৰিছে কিতাপসমূহো৷ পঢ়ুৱৈৰ সংখ্যা যে নগন্য সেয়া স্পষ্ট হৈ পৰিছে৷ মকৰাৰ জালে ছানি ধৰা কাঠৰ আলমিৰাৰ ওপৰতে পঁচি গৈছে ১০০ বছৰীয়া পুৰণি সেই চিঠিৰ বাকচটো৷ সৰ্বোদয় ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত এজন কৰ্মচাৰীয়ে পৰিচালিত হৈ থকা পুথিভঁৰালটো অৱক্ষয়ৰ মূল কাৰণে যে চোৱা-চিতাৰ অভাৱ সেয়া নিশ্চিত৷ লকডাউনৰ প্ৰভাৱো নপৰা নহয়৷ নতুন গ্ৰন্থ-আলোচনী বুলিবলৈ একোৱেই নাই৷ পুৰণি কিতাপ কেইখনতো পোকৰ ৰাজত্ব৷ মুঠৰ ওপৰত যেন এফালৰ পৰা নিঃশেষ হ’বলৈ ধৰিছে সকলোবোৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ