--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: প্ৰায় ১০০ বছৰ পুৰণি এটি গৃহ৷ তাৰ ভিতৰত থকা কাঠৰ আলমিৰাত পৰি ৰৈছে বহু পুৰণি গ্ৰন্থ-আলোচনী৷ কেইখনমান ডেস্ক, চকীৰ সৈতে কোঠাটোৰ ভিতৰত প্ৰৱেশ কৰিলেই আপুনি অনুভৱ কৰিব এটি পুৰণি সুৱাস৷ ৪৪ বছৰ পূৰ্বে পুথিভঁৰাল হিচাপে পৰিচয় লাভ কৰা ঘৰটোৰ বেৰৰ জলঙাইদিও পৰিছে ৰ’দৰ এচমকা পোহৰ৷ মলিয়ন ডেস্কৰ ওপৰত পৰি ৰৈছে বছৰ বাগৰা খবৰ কাকতো৷ বেৰত ওলমি আছে মহাত্মা গান্ধীৰ এখন ক’লা বগা ফটো৷ পাণবজাৰৰ মাজমজিয়াৰ এচুকত থকা বাটামকচা ঘৰটো দেখিলে অনুধাৱন কৰিব পাৰিব সেয়া যে অত্যন্ত এটি পুৰণি গৃহ৷


১৯৭৭ চনত স্থাপিত এটি পুথিভঁৰাল৷ ইণ্টাৰনেট, ছ’চিয়েল মিডিয়াই সমাজ জীৱন গ্ৰাহ কৰাৰ পূৰ্বেই গুৱাহাটীৰ পাণবজাৰত স্থাপন কৰা হৈছিল এই পুথিভৰাঁলটো৷ সেই সময়ছোৱাত অধ্যয়নৰ প্ৰতি ধাউতি থকা প্ৰতিগৰাকী লোকেই আহিছিল এই পুথিভৰাঁলটোলৈ৷ কলেজীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি অধ্যয়নপুষ্ট সাধাৰণ ব্যক্তিগৰাকীলৈকে৷ সেই পুথিভৰাঁলতে পৰি ৰৈছে এটি ১০০ বছৰীয়া লেফাফাৰ বাকচো৷ পূৰ্বে এটি সাধাৰণ বাসগৃহ হিচাপে থকা এই ঘৰতো ভাৰতৰ স্বাধীনতা সংগ্ৰাম চলি থকাৰ সময়তে ১৯৩৪ চনত জাতিৰ পিতা মহাত্মা গান্ধীয়েও পদধূলা পেলাইছিল৷ স্বাধীনতা সংগ্ৰামী ডাঃ হৰেকৃষ্ণ দাসৰ আছিল এই গৃহটো (বৰ্তমান পুথিভৰাঁল)৷

প্ৰায় ১০হাজাৰ কিতাপ আছে এই পুথিভৰাঁলটোত

অসমৰ প্ৰথমগৰাকী চিকিৎসক আছিল ডাঃ হৰেকৃষ্ণ দাস৷ ডিব্ৰুগড়ত চিকিৎসা সেৱা আগবঢ়াইছিল দাসে৷ স্বাধীনতা সংগ্ৰামৰ সমান্তৰালকৈ তেওঁ আছিল সমাজৰ এজন পুৰুধা ব্যক্তি৷ জীৱনকালত দাসৰ যিমান সম্পত্তি আছিল সকলোখিনিয়ে দান কৰি গৈছিল সমাজৰ বাবে৷ তাৰেই এক উল্লেখযোগ্য উদাহৰণ এই পুথিভৰাঁলটো৷ তেওঁৰ মৃত্যুৰ পাছতে ডাঃ হৰেকৃষ্ণ দাসৰ সোঁৱৰণত এই গৃহটো ৰূপান্তৰ কৰা হয় পুথিভৰাঁললৈ৷ প্ৰায় ১০হাজাৰ কিতাপ আছে এই পুথিভৰাঁলটোত৷ তেতিয়াৰেপৰা সুন্দৰকৈ চলি থকা পুথিভৰাঁলটোৰ সহায় লৈ বহুকেইজনে ডক্টৰেট ডিগ্ৰীও লাভ কৰিবলৈ সক্ষম হৈছিল৷


অৱশ্যে সময়ৰ সোঁতত যেন পুথিভৰাঁলটোৰ অস্তিত্বও লোপ পাই গৈছে৷ জহি-খহি গৈছে বেৰসমূহ৷ ধূলি মাকতিৰে পোঁত খাই পৰিছে কিতাপসমূহো৷ পঢ়ুৱৈৰ সংখ্যা যে নগন্য সেয়া স্পষ্ট হৈ পৰিছে৷ মকৰাৰ জালে ছানি ধৰা কাঠৰ আলমিৰাৰ ওপৰতে পঁচি গৈছে ১০০ বছৰীয়া পুৰণি সেই চিঠিৰ বাকচটো৷ সৰ্বোদয় ট্ৰাষ্টৰ দ্বাৰা পৰিচালিত এজন কৰ্মচাৰীয়ে পৰিচালিত হৈ থকা পুথিভঁৰালটো অৱক্ষয়ৰ মূল কাৰণে যে চোৱা-চিতাৰ অভাৱ সেয়া নিশ্চিত৷ লকডাউনৰ প্ৰভাৱো নপৰা নহয়৷ নতুন গ্ৰন্থ-আলোচনী বুলিবলৈ একোৱেই নাই৷ পুৰণি কিতাপ কেইখনতো পোকৰ ৰাজত্ব৷ মুঠৰ ওপৰত যেন এফালৰ পৰা নিঃশেষ হ’বলৈ ধৰিছে সকলোবোৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে