--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  এগৰাকী যুৱতীয়ে তেওঁৰ প্ৰেমিকক লগ কৰিবলৈ উত্তৰ প্ৰদেশৰ ফতেহপুৰ জিলালৈ  সাত সাগৰ তেৰ নদী পাৰ হৈ সুদূৰ নেডাৰলেণ্ডৰ  পৰা অহাৰ কথাই এতিয়া আলোড়ণৰ সৃষ্টি কৰিছে।   দুয়োটা পৰিয়ালৰ সদস্যৰ উপস্থিতিত নেডাৰলেণ্ডৰ কইনাৰ সৈতে ভাৰতীয় যুৱকজনৰ  বিবাহ সম্পন্ন  হয়। এগৰাকী বিদেশী ছোৱালী আৰু এজন ভাৰতীয় যুৱকৰ এই প্ৰেমকাহিনী এতিয়া বহুতৰে মুখে মুখে। অৱশ্যে বিদেশী কইনাৰ  আগমনৰ খবৰ পোৱাৰ পিছতে স্থানীয় আৰক্ষীয়ে  লগে লগে যুৱকজনৰ ঘৰত উপস্থিত হৈ ছোৱালীজনীৰ পাছপোৰ্ট আৰু অন্যান্য নথিপত্ৰ পৰীক্ষা কৰে।

লালাউলি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দাতাউলি গাঁৱৰ বাসিন্দা ৰাধেলাল বাৰ্মাই প্ৰায় চাৰি দশক ধৰি গুজৰাটৰ গান্ধীনগৰ চহৰত বাস কৰি আছে। তেওঁ এটা ব্যক্তিগত কোম্পানীত কাম কৰে। তেওঁলোকৰ দুটা পুত্ৰ নিশান্ত বাৰ্মা আৰু হাৰ্দিক বাৰ্মা (৩২)। হাৰ্দিকে নেডাৰলেণ্ডৰ এটা ফাৰ্মাচিউটিকেল কোম্পানীত প্ৰায় ৮ বছৰ ধৰি চুপাৰভাইজাৰ হিচাপে কাম কৰি আছে। জানিব পৰা মতে  প্ৰায় তিনি বছৰ আগতে হাৰ্ডিকে নেডাৰলেণ্ডৰ বাৰ্ণভেল্ড চহৰৰ বাসিন্দা মাৰ্চিন ডুডাৰ ২০  বছৰীয়া কন্যা গেব্ৰিয়েলা ডুডাক লগ পাইছিল। যুৱতীগৰাকীয়ে বাৰ্মাৰ সৈতে  একেটা কোম্পানীতে কাম কৰে।  লাহে লাহে তেওঁলোক দুয়োৰে ঘনিষ্ঠতা বৃদ্ধি পাইছিল আৰু দুয়োয়ে প্ৰায় দুবছৰ ধৰি লিভ-ইন সম্পৰ্কত আছিল।  হাৰ্দিক আৰু গেব্ৰিয়েলাই তেওঁলোকৰ পৰিয়ালক এই বিষয়ে অৱগত কৰাৰ পিছত পৰিয়াল দুটাই  বিবাহৰ বাবে সন্মত হৈছিল।

ইয়াৰ পিছত  প্ৰায় ১৫ দিন পূৰ্বে  হাৰ্দিক আৰু বিদেশী প্ৰেমিকা গেব্ৰিয়েলা ভাৰতত উপস্থিত হৈছিল। ইয়াৰ পিছতয হাৰ্দিকে তেওঁক গান্ধীনগৰত থকা নিজৰ  ঘৰলৈ লৈ যায়। তাতেই হাৰ্দিকৰ পৰিয়ালৰ উপস্থিতিত  হাৰ্ডিক আৰু গেব্ৰিয়েলাই  বিবাহৰ ৰীতি-নীতি সম্পূৰ্ণ কৰি  বিবাহপাশত আৱদ্ধ হয়।

আৰক্ষীৰ ষ্টেচন হাউচ বিষয়া সন্তোষ কুমাৰ সিঙে কয় যে বিদেশী মহিলা আৰু যুৱকজনৰ বিবাহৰ খবৰ পোৱাৰ লগে লগে তেওঁলোকে ঘটনাস্থলীত উপস্থিত হৈ যুৱতীগৰাকীৰ পাছপোৰ্ট আৰু দুয়োৰে অন্যান্য প্ৰয়োজনীয় নথিপত্ৰ পৰীক্ষা কৰিছে। দুয়োজনে তেওঁলোকৰ পৰিয়ালৰ সন্মতিত বিবাহপাশত আৱদ্ধ হৈছে বুলিও আৰক্ষীয়ে প্ৰকাশ কৰে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক