--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৩০ নৱেম্বৰত  ‘ভিডিঅ' কনফাৰেন্স’-ৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। এই আঁচনিসমূহৰ লাভ সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰা হৈছে।

মহিলাৰ নেতৃত্বত উন্নয়ন নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’-ৰ শুভাৰম্ভ কৰে। ই মহিলা ‘আত্ম-সহায়ক গোট’সমূহক ড্ৰোন প্ৰদান কৰিব, যাতে এই প্ৰযুক্তিটো তেওঁলোকে জীৱিকা নিৰ্বাহৰ সহায়ক হ’ব পৰাকৈ ব্যৱহাৰ কৰিব পাৰে। অহা তিনিটা বছৰৰ ভিতৰত মহিলা ‘আত্মসহায়ক গোট’সমূহক ১৫,০০০ ড্ৰোন প্ৰদান কৰা হ'ব। মহিলাসকলক ড্ৰোন উৰুওৱা আৰু ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই পদক্ষেপে কৃষিক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।



স্বাস্থ্যসেৱা সুলভ আৰু সহজে উপলব্ধ কৰাটো হৈছে এক স্বাস্থ্যৱান ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰশিলা। এই দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সুলভ মূল্যত ঔষধ উপলব্ধ কৰাৰ বাবে ‘জন ঔষধী কেন্দ্ৰ’ স্থাপন কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টো উচৰ্গা কৰে। তদুপৰি, দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য মহিলা ‘এছএইচজি’সমূহক ড্ৰোন প্ৰদান আৰু ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা এই দুয়োটা পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ঘোষণা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা