--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে ৩০ নৱেম্বৰত  ‘ভিডিঅ' কনফাৰেন্স’-ৰ জৰিয়তে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ৰ হিতাধিকাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। এই আঁচনিসমূহৰ লাভ সময়সীমাৰ ভিতৰত সকলো লক্ষ্যযুক্ত হিতাধিকাৰীৰ কাষত উপনীত হোৱাটো নিশ্চিত কৰি চৰকাৰৰ ধ্বজাবাহী আঁচনিসমূহৰ পৰিপূৰ্ণতা লাভ কৰাৰ লক্ষ্যৰে সমগ্ৰ দেশতে ‘বিকশিত ভাৰত সংকল্প যাত্ৰা’ আৰম্ভ কৰা হৈছে।

মহিলাৰ নেতৃত্বত উন্নয়ন নিশ্চিত কৰাটো প্ৰধানমন্ত্ৰীৰ নিৰন্তৰ প্ৰচেষ্টা হৈ আহিছে। এই দিশত আন এক পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে ‘প্ৰধানমন্ত্ৰী মহিলা কিষাণ ড্ৰোণ কেন্দ্ৰ’-ৰ শুভাৰম্ভ কৰে। ই মহিলা ‘আত্ম-সহায়ক গোট’সমূহক ড্ৰোন প্ৰদান কৰিব, যাতে এই প্ৰযুক্তিটো তেওঁলোকে জীৱিকা নিৰ্বাহৰ সহায়ক হ’ব পৰাকৈ ব্যৱহাৰ কৰিব পাৰে। অহা তিনিটা বছৰৰ ভিতৰত মহিলা ‘আত্মসহায়ক গোট’সমূহক ১৫,০০০ ড্ৰোন প্ৰদান কৰা হ'ব। মহিলাসকলক ড্ৰোন উৰুওৱা আৰু ব্যৱহাৰ কৰিবলৈ প্ৰয়োজনীয় প্ৰশিক্ষণ প্ৰদান কৰা হ'ব। এই পদক্ষেপে কৃষিক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰক উৎসাহিত কৰিব বুলি আশা কৰা হৈছে।



স্বাস্থ্যসেৱা সুলভ আৰু সহজে উপলব্ধ কৰাটো হৈছে এক স্বাস্থ্যৱান ভাৰতৰ বাবে প্ৰধানমন্ত্ৰীৰ দৃষ্টিভংগীৰ আধাৰশিলা। এই দিশত এটা গুৰুত্বপূৰ্ণ পদক্ষেপ হৈছে সুলভ মূল্যত ঔষধ উপলব্ধ কৰাৰ বাবে ‘জন ঔষধী কেন্দ্ৰ’ স্থাপন কৰা। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দেওঘৰৰ ‘এইমছ’ত ১০,০০০ সংখ্যক ‘জন ঔষধী কেন্দ্ৰ’টো উচৰ্গা কৰে। তদুপৰি, দেশত ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবেও এক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে প্ৰধানমন্ত্ৰীয়ে।

উল্লেখ্য মহিলা ‘এছএইচজি’সমূহক ড্ৰোন প্ৰদান আৰু ‘জন ঔষধী কেন্দ্ৰ’ৰ সংখ্যা ১০,০০০ৰ পৰা ২৫,০০০ লৈ বৃদ্ধি কৰাৰ বাবে গ্ৰহণ কৰা এই দুয়োটা পদক্ষেপ প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ আৰম্ভণিতে স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত ঘোষণা কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক