--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰত আৰু এছিয়াৰ দ্বিতীয় ধনী ব্যক্তি মুকেশ আম্বানী। কেৱল সেয়াই নহয়, বিশ্বৰ ১০ জন ধনী ব্যক্তিৰ তালিকাত মুকেশ আম্বানীৰ নাম ৭ নম্বৰত আছে। ক’ব পাৰি যে মুকেশ আম্বানী এই পৃথিৱীৰ অন্যতম ধনী আৰু বিখ্যাত ব্যৱসায়ী। ইয়াৰ বাহিৰেও মুকেশ আম্বানী আৰু তেওঁৰ পৰিয়াল ব্যৱসায়, ব্যক্তিগত জীৱন আৰু বিশেষকৈ বিলাসী জীৱনশৈলীৰ বাবে প্ৰায়ে চৰ্চাত থাকে। আটাইতকৈ দামী ঘৰৰ পৰা আৰম্ভ কৰি আটাইতকৈ দামী গাড়ীলৈকে সকলো আছে আম্বানী পৰিয়ালৰ।

উদ্যোগপতি মুকেশ আম্বানীৰ বাহিৰেও আম্বানী পৰিয়ালৰ যিজন সদস্য চৰ্চাত থাকে তেওঁ হৈছে মুকেশ আম্বানীৰ পত্নী নীতা আম্বানী। সামাজিক কাৰ্যকলাপ আৰু ব্যৱসায়ৰ বাহিৰেও বিলাসী জীৱনশৈলীৰ বাবে প্ৰায়ে চৰ্চিত হৈ পৰে নীতা আম্বানী। আজি এই লেখাটোত আমি আপোনালোকক ক’ম যে নীতা আম্বানীয়ে আম্বানী পৰিয়ালৰ বিলাসী ঘৰত থকা বিলাসী বাথৰুমটো কেনেদৰে ব্যৱহাৰ কৰে।

আম্বানী পৰিয়ালটো বাস কৰে মুম্বাইত অৱস্থিত বিশ্বৰ আটাইতকৈ বিলাসী ঘৰ এণ্টিলিয়াত। এণ্টিলিয়া নামৰ ঘৰটো দক্ষিণ মুম্বাইত অৱস্থিত। এই ঘৰটো ২৭ মহলীয়া অট্টালিকা।

এই ঘৰটোত মুম্বাই চহৰত অৱস্থিত সকলো সুবিধা বা বিলাসী বস্তু আছে যদিও এই ঘৰটোত এনে কিছুমান সুবিধা বা বস্তু উপলব্ধ যিবোৰ এণ্টিলিয়াৰ বাহিৰে ভাৰতৰ আন ক’তো উপলব্ধ নহয়। এণ্টিলিয়াৰ এটা ব্যক্তিগত চিনেমা হলো আছে য’ত ৫০ জন লোকে বহি চিনেমা চাব পাৰে, চুইমিং পুল, জাকুজী, স্পা, জিম, ডান্স ষ্টুডিঅ’, যোগাসন কেন্দ্ৰ, আইচক্ৰীম পাৰ্লাৰ, গাড়ী পাৰ্কিং, লঞ্চ সুবিধা, লিফ্ট, বাগিচা, হেলিপেড, আইচ হাউচ আৰু বহুতো বিলাসী বস্তুৰ সুবিধা আছে এণ্টিলিয়াত। এই ঘৰটোত প্ৰায় ৬০০ কৰ্মচাৰীয়ে কাম কৰে।

কিন্তু ইমান বিলাসী ঘৰত থাকিও মুকেশ আম্বানীয়ে অতি সহজ-সৰল জীৱন যাপন কৰে। কিন্তু মুকেশ আম্বানীৰ পত্নীয়ে অতি বিলাসী জীৱনশৈলী যাপন কৰে। নীতা আম্বানীৰ কাপোৰ, আনুষংগিক বস্তু, মোবাইল, গাড়ী আদি ইমানেই দামী যে সাধাৰণ মানুহে ইয়াৰ দাম শুনিলে হাৰ্ট এটেক হ’ব পাৰে। আনকি নীতা আম্বানীয়ে অতি বিলাসীভাৱে গা ধুৱে। যদিও এন্টিলিয়া হাউচৰ প্ৰতিটো বস্তু অতি বিলাসী, তথাপিও নীতা আম্বানীৰ বাবে বিশেষভাৱে নিৰ্মাণ কৰা হৈছে এটা বিলাসী বাথৰুম। এই বাথৰুমৰ বৈশিষ্ট্যসমূহৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব। নীতা আম্বানীৰ বিলাসী বাথৰুমটো এটা অটোমেটিক বাথৰুম। এই বাথৰুমত কম্পিউটাৰৰ সহায়ত উষ্ণতাৰ পৰা আৰম্ভ কৰি শ্বাৱাৰৰ পানীলৈকে সকলো ছেট কৰিব পাৰি।

এই বিলাসী বাথৰুমৰ বিশেষত্ব হ’ল ই প্ৰকৃতি অনুকূল। অৰ্থাৎ যেতিয়াই মন যায় চৌপাশৰ প্ৰকৃতিৰ ফটো তুলিব বিচাৰে তেন্তে কম্পিউটাৰৰ সহায়ত সহজেই সেই কাম কৰিব পাৰিব। আৰু আপুনি এটা স্ক্ৰীণ চেভাৰৰ সহায়ত এই সুবিধা লাভ কৰিব পাৰে যিয়ে আপোনাক দেৱালত ছবি ৰখাৰ সুবিধা প্ৰদান কৰে। আৰু এই ছবিবোৰো সলনি কৰিব পাৰি। যিহেতু নীতা আম্বানীয়ে চাউণ্ড টাইপ বাথৰুম ব্যৱহাৰ কৰি ভাল পায় গতিকে বাথৰুমত সেই ব্যৱস্থাও কৰা হৈছে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী