--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তৃতীয়বাৰৰ বাবে ক্ষমতালৈ অহাৰ পাছতো এইবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপি এন ডি এৰ অংশীদাৰৰ ওপৰত নিৰ্ভৰশীল। একক সংখ্যাগৰিষ্ঠতা নোপোৱাৰ পাছতো এন ডি এয়ে ক্ষমতালৈ অহাৰ বাবে ‘মেজিক নম্বৰ’টো দখল কৰিবলৈ সক্ষম হয়। সেই যাদুকৰী সংখ্যাত বিজেপি দল দুটাৰ ওপৰত সৰ্বাধিক নিৰ্ভৰশীলতা থাকিব। 

মঙলবাৰৰ ফলাফলত দেখা গৈছে যে কেৱল বিজেপিৰ ২৪০ আৰু মিত্ৰজোঁটৰ মুঠ শক্তি ২৯২। তাৰ ভিতৰত নীতিশ কুমাৰৰ দল জেডিইউৰ ১২খন আসন আৰু চন্দ্ৰবাবু নাইডুৰ দল টিডিপিৰ ১৬খন আসন। বাকীসকলৰ ওপৰত নিৰ্ভৰশীলতা থাকিলেও তৃতীয়খন মোডী চৰকাৰ গঠন হ’লে বিজেপিয়ে নীতিশ আৰু নাইডুৰ ওপৰত অধিক নিৰ্ভৰ কৰিব লাগিব। 

মিত্ৰতাৰ অংশীদাৰ হিচাপে নীতিশ-নৈডুৰ অতীতৰ ইতিহাস বিজেপিৰ বাবে একেবাৰেই সুখৰ নহয়। সেই কথা সোঁৱৰাই দিলে ৰাজ্যিক বিজেপিৰ প্ৰাক্তন সভাপতি দিলীপ ঘোষে। তেওঁ কয়, ‘নীতিশ আৰু নাইডুৰ সদায় পাল্টিবাজ। কেন্দ্ৰীয় নেতৃত্বই চিন্তা কৰা উচিত যে তেওঁলোকৰ ওপৰত নিৰ্ভৰ কৰাটো কিমান উচিত।’’

সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰাৰ বাহিৰে বিজেপিৰ চৰকাৰ গঠনৰ আন কোনো বিকল্প নাই। ফলত মোডী বা অমিত শ্বাহৰ বাবে এতিয়া একো কৰিব পৰা নাই। এই নিৰ্বাচনত বিজেপিৰ ফলাফলৰ কটা ঘাঁত নিমখ ছটিয়াই দিলে দিলীপে! বিগত সময়ত এনে বহু কথা কৈ তেওঁ দলৰ অস্বস্তি বৃদ্ধি কৰিছে। কিন্তু দলৰ এনে অস্বস্তিকৰ সময়ত এই কথা কৈ দিলীপে কেন্দ্ৰীয় নেতৃত্বৰ ওপৰত হেঁচা বৃদ্ধি কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু