--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ এদিন পিছতে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এৰ নেতাসকলে বুধবাৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত মিলিত হয়। এনডিএৰ বৈঠকতে মোদীক  মিত্ৰজোঁটৰ  নেতা হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডা, বিজেপি নেতা অমিত শ্বাহ, ৰাজনাথ সিং , জনতা দল (ইউনাইটেড)ৰ মুৰব্বী নীতিশ কুমাৰ, তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু, শিৱসেনাৰ মুৰব্বী একনাথ শিণ্ডে, জনতা দল (ছেকুলাৰ) ৰনেতা এইচ ডি কুমাৰস্বামী, জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণ, লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), অগপৰ সভাপতি অতুল বৰা , ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো, চিৰাগ পাছোৱান, এনচিপিৰ নেতা প্ৰফুল্ল পেটেলকে ধৰি অন্যান্যসকলে অংশগ্ৰহণ কৰে। 

এন ডি এৰ বৈঠকত নাইডু আৰু নীতিশ কুমাৰৰ অংশগ্ৰহণ এক উল্লেখযোগ্য দিশ হিচাবে পৰিলক্ষিত হৈছে।  কাৰণ চৰকাৰ গঠনৰ বাবে  তেওঁলোকৰ দলসমূহৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। এইবাৰ বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২ৰ পৰা ৩২ আসন কম হোৱাৰ বাবে চৰকাৰ গঠনৰ বাবে মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ২৪০ খন আসন আৰু কংগ্ৰেছে লাভ কৰে ৯৯ খন আসন। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ৩০৩খন আসন আৰু ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ২৮২খন আসন লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ