--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ ফলাফলৰ এদিন পিছতে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এন ডি এৰ নেতাসকলে বুধবাৰে  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত মিলিত হয়। এনডিএৰ বৈঠকতে মোদীক  মিত্ৰজোঁটৰ  নেতা হিচাপে নিৰ্বাচিত কৰাৰ প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হয়। বৈঠকত বিজেপিৰ সভাপতি জে পি নাড্ডা, বিজেপি নেতা অমিত শ্বাহ, ৰাজনাথ সিং , জনতা দল (ইউনাইটেড)ৰ মুৰব্বী নীতিশ কুমাৰ, তেলেগু দেশম পাৰ্টি (টিডিপি)ৰ মুৰব্বী এন চন্দ্ৰবাবু নাইডু, শিৱসেনাৰ মুৰব্বী একনাথ শিণ্ডে, জনতা দল (ছেকুলাৰ) ৰনেতা এইচ ডি কুমাৰস্বামী, জনসেনা পাৰ্টিৰ মুৰব্বী পৱন কল্যাণ, লোক জনশক্তি পাৰ্টি (ৰাম বিলাস), অগপৰ সভাপতি অতুল বৰা , ইউ পি পি এলৰ সভাপতি প্ৰমোদ বড়ো, চিৰাগ পাছোৱান, এনচিপিৰ নেতা প্ৰফুল্ল পেটেলকে ধৰি অন্যান্যসকলে অংশগ্ৰহণ কৰে। 

এন ডি এৰ বৈঠকত নাইডু আৰু নীতিশ কুমাৰৰ অংশগ্ৰহণ এক উল্লেখযোগ্য দিশ হিচাবে পৰিলক্ষিত হৈছে।  কাৰণ চৰকাৰ গঠনৰ বাবে  তেওঁলোকৰ দলসমূহৰ সমৰ্থন অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। এইবাৰ বিজেপিৰ সংখ্যাগৰিষ্ঠতাৰ সংখ্যা ২৭২ৰ পৰা ৩২ আসন কম হোৱাৰ বাবে চৰকাৰ গঠনৰ বাবে মিত্ৰশক্তিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে।মঙলবাৰে ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা ফলাফল অনুসৰি বিজেপিয়ে ২৪০ খন আসন আৰু কংগ্ৰেছে লাভ কৰে ৯৯ খন আসন। ২০১৯ৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ৩০৩খন আসন আৰু ২০১৪ চনৰ সাধাৰণ নিৰ্বাচনত ২৮২খন আসন লাভ কৰিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু