--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নীতিশ কুমাৰৰ সৈতে সংঘাত বৃদ্ধি পাইছে প্ৰশান্ত কিশোৰৰ৷ শেহতীয়াকৈ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাক্যবাণ নিক্ষেপ কৰিছে প্ৰশান্ত কিশোৰে৷ শেহতীয়াকৈ নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ আসন এৰিলেও, কিশোৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হৈ কাম নকৰিব বুলি স্পষ্ট কৰি দিছে৷ প্ৰশান্ত কিশোৰে দাবী কৰিছে যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁক জনতা দল ইউনাইটেডৰ (জেডিইউ) দায়িত্ব ল'বলৈ অনুৰোধ জনাইছিল। কিশোৰে লগতে কয় যে তেওঁ নীতিশ কুমাৰক সহায় কৰিবলৈ সাজু নহয়। শেহতীয়াকৈ, বিহাৰত 'জন সূৰজ' নামৰ ৩,৫০০ কিলোমিটাৰজোৰা দীঘল পদযাত্ৰা আৰম্ভ কৰিছে প্ৰশান্ত কিশোৰে৷

এঅ পদযাত্ৰাৰে তেওঁ বিহাৰৰ প্ৰতিটো কোণত উপনীত হোৱাৰ লক্ষ্য থিৰ কৰিছে। নীতিশ কুমাৰৰ এসময়ৰ সহায়ক প্ৰশান্ত কিশোৰে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ জামুনিয়া গাঁৱত এখন ৰাজহুৱা সভা সম্বোধন কৰি নীতিশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়।

ৰাজহুৱা সভাৰ মঞ্চৰ পৰা কিশোৰে স্পষ্ট কৰি দিয়ে যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে কাম কৰাৰ তেওঁৰ কোনো ইচ্ছা নাই। আনকি তেওঁক মুখ্যমন্ত্ৰীৰ পদ দিয়া হ'লেও, তেওঁ কৈছে যে তেওঁ জেডি(ইউ)ত যোগদান নকৰে। একে সময়তে, তেওঁ নীতিশৰ সৈতে চুক্তি নকৰাৰ প্ৰতিশ্ৰুতিজনিত কথা জনসাধাৰণক সোঁৱৰাই দিয়ে।

ইয়াৰ পূৰ্বে বুধবাৰে নিৰ্বাচনী আলোচকসকলে দাবী কৰিছিল যে নীতিশে তেওঁক জনতা দল ইউনাইটেড (জেডিইউ)ৰ দায়িত্ব ল'বলৈ অনুৰোধ জনাইছিল। কিশোৰে কৈছিল যে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰীৰ দাবী নাকচ কৰিছে৷ ২০১৪ চনত বিহাৰত অনুষ্ঠিত লোকসভা নিৰ্বাচনত জেডিইউৰ পৰাজয়ৰ পিছত নীতিশে তেওঁক দিল্লীত লগ কৰিছিল আৰু সহায় বিচাৰিছিল বুলি তেওঁ দাবী কৰিছে। তেওঁ কৈছিল যে তেওঁ ২০১৫ চনত বিহাৰৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰক ক্ষমতালৈ অহাত সহায় কৰিছিল। অৱশ্যে, নীতিশে তেওঁক যিধৰণে জ্ঞান দি আছিল তাক লৈ কিশোৰ কিছু পৰিমাণে আচৰিত হৈছিল।

কিশোৰে ২০১৮ চনত নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)ত যোগদান কৰিছিল। কেইদিনমানৰ ভিতৰতে নীতিশে তেওঁক দলৰ উপ-সভাপতি হিচাপে মনোনীত কৰে৷ কিন্তু NRC আৰু CAR বিষয়ত দলৰ সৈতে তেওঁৰ দূৰত্ব বাঢ়ি গৈ আছিল। আইপিএচিৰ প্ৰতিষ্ঠাপকে বিবাদটোৰ ওপৰত জেডিইউৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিছিল। নীতিশ কুমাৰে বৰ্তমান ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ওপৰত চকু ৰাখি বিজেপি বিৰোধী দলসমূহক এটা ছাতিৰ তললৈ অনাৰ পৰিকল্পনা কৰি আছে। তেওঁ ইতিমধ্যে কংগ্ৰেছকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ