--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নীতিশ কুমাৰৰ সৈতে সংঘাত বৃদ্ধি পাইছে প্ৰশান্ত কিশোৰৰ৷ শেহতীয়াকৈ বৰ্ষীয়ান ৰাজনীতিবিদগৰাকীৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে বাক্যবাণ নিক্ষেপ কৰিছে প্ৰশান্ত কিশোৰে৷ শেহতীয়াকৈ নীতিশ কুমাৰে মুখ্যমন্ত্ৰীৰ আসন এৰিলেও, কিশোৰে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ হৈ কাম নকৰিব বুলি স্পষ্ট কৰি দিছে৷ প্ৰশান্ত কিশোৰে দাবী কৰিছে যে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে তেওঁক জনতা দল ইউনাইটেডৰ (জেডিইউ) দায়িত্ব ল'বলৈ অনুৰোধ জনাইছিল। কিশোৰে লগতে কয় যে তেওঁ নীতিশ কুমাৰক সহায় কৰিবলৈ সাজু নহয়। শেহতীয়াকৈ, বিহাৰত 'জন সূৰজ' নামৰ ৩,৫০০ কিলোমিটাৰজোৰা দীঘল পদযাত্ৰা আৰম্ভ কৰিছে প্ৰশান্ত কিশোৰে৷

এঅ পদযাত্ৰাৰে তেওঁ বিহাৰৰ প্ৰতিটো কোণত উপনীত হোৱাৰ লক্ষ্য থিৰ কৰিছে। নীতিশ কুমাৰৰ এসময়ৰ সহায়ক প্ৰশান্ত কিশোৰে বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ জামুনিয়া গাঁৱত এখন ৰাজহুৱা সভা সম্বোধন কৰি নীতিশ কুমাৰক আক্ৰমণৰ লক্ষ্য কৰি লয়।

ৰাজহুৱা সভাৰ মঞ্চৰ পৰা কিশোৰে স্পষ্ট কৰি দিয়ে যে বিহাৰৰ মুখ্যমন্ত্ৰীৰ সৈতে কাম কৰাৰ তেওঁৰ কোনো ইচ্ছা নাই। আনকি তেওঁক মুখ্যমন্ত্ৰীৰ পদ দিয়া হ'লেও, তেওঁ কৈছে যে তেওঁ জেডি(ইউ)ত যোগদান নকৰে। একে সময়তে, তেওঁ নীতিশৰ সৈতে চুক্তি নকৰাৰ প্ৰতিশ্ৰুতিজনিত কথা জনসাধাৰণক সোঁৱৰাই দিয়ে।

ইয়াৰ পূৰ্বে বুধবাৰে নিৰ্বাচনী আলোচকসকলে দাবী কৰিছিল যে নীতিশে তেওঁক জনতা দল ইউনাইটেড (জেডিইউ)ৰ দায়িত্ব ল'বলৈ অনুৰোধ জনাইছিল। কিশোৰে কৈছিল যে তেওঁ বিহাৰৰ মুখ্যমন্ত্ৰীৰ দাবী নাকচ কৰিছে৷ ২০১৪ চনত বিহাৰত অনুষ্ঠিত লোকসভা নিৰ্বাচনত জেডিইউৰ পৰাজয়ৰ পিছত নীতিশে তেওঁক দিল্লীত লগ কৰিছিল আৰু সহায় বিচাৰিছিল বুলি তেওঁ দাবী কৰিছে। তেওঁ কৈছিল যে তেওঁ ২০১৫ চনত বিহাৰৰ বিধানসভা নিৰ্বাচনত নীতিশ কুমাৰক ক্ষমতালৈ অহাত সহায় কৰিছিল। অৱশ্যে, নীতিশে তেওঁক যিধৰণে জ্ঞান দি আছিল তাক লৈ কিশোৰ কিছু পৰিমাণে আচৰিত হৈছিল।

কিশোৰে ২০১৮ চনত নীতিশ কুমাৰৰ জনতা দল (ইউনাইটেড)ত যোগদান কৰিছিল। কেইদিনমানৰ ভিতৰতে নীতিশে তেওঁক দলৰ উপ-সভাপতি হিচাপে মনোনীত কৰে৷ কিন্তু NRC আৰু CAR বিষয়ত দলৰ সৈতে তেওঁৰ দূৰত্ব বাঢ়ি গৈ আছিল। আইপিএচিৰ প্ৰতিষ্ঠাপকে বিবাদটোৰ ওপৰত জেডিইউৰ সৈতে সকলো সম্পৰ্ক ছিন্ন কৰিছিল। নীতিশ কুমাৰে বৰ্তমান ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ওপৰত চকু ৰাখি বিজেপি বিৰোধী দলসমূহক এটা ছাতিৰ তললৈ অনাৰ পৰিকল্পনা কৰি আছে। তেওঁ ইতিমধ্যে কংগ্ৰেছকে ধৰি কেইবাটাও ৰাজনৈতিক দলৰ সৈতে বৈঠকত মিলিত হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু