--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি শাসিত কৰ্ণাটকত ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰাত আজি ছোনিয়া গান্ধীয়ে যোগদান কৰে
ইতিমধ্যে জনজাগৰণ আনিবলৈ সক্ষম হোৱা এই ভাৰত জোড়ো যাত্ৰাত ছোনিয়া গান্ধীৰ অংশগ্ৰহণে কংগ্ৰেছৰ কাৰ্যসূচীটোক নতুন গতিৰে উজ্জীৱিত কৰি তুলিব বুলি আশাবাদী দলটো৷ ছোনিয়া গান্ধীয়ে আজি কৰ্ণাটকত 'ভাৰত জোড়ো যাত্ৰা'ত যোগদান কৰে৷ স্বাস্থ্যজনিত বিশ্ৰামৰ দীঘলীয়া ব্যৱধানৰ পাছত এক ৰাজহুৱা অনুষ্ঠানত আজি অংশগ্ৰহণ কৰে ছোনিয়াই৷ মাণ্ডিয়াত ৰাহুল গান্ধীৰ পদযাত্ৰাত যোগদান কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে গাড়ীত উঠাৰ পূৰ্বে শ্ল'গান দিয়া দলীয় কৰ্মীৰ বৃহৎ সমাবেশৰ মাজে মাজে কিছুদূৰ খোজ কাঢ়িছিল। তেওঁ পাছত পদযাত্ৰালৈ উভতি আহিছিল। তেওঁ বিজেপিশাসিত ৰাজ্যখনত দলটোক উৎসাহিত কৰিবলৈ বল্লাৰীত এক ৰেলী সম্বোধন কৰিব বুলি আশা কৰা হৈছে৷ তেওঁ পূৰ্বে বেগুৰ গাঁৱৰ এটা মন্দিৰ দৰ্শন কৰিছিল আৰু বুধবাৰে প্ৰাৰ্থনা কৰিছিল। কংগ্ৰেছে খোজ কঢ়াৰ সময়ত ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃৰ জোতাৰ ফিটা বান্ধি থকা এখন ফটো আজি ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত৷ 

৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীত আৰম্ভ হোৱা কংগ্ৰেছৰ দেশব্যাপী প্ৰচাৰ অভিযান ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰে।

ছোনিয়া গান্ধী সোমবাৰে আবেলি মাইচুৰত উপস্থিত হৈছিল। এই বছৰৰ আৰম্ভণিতে কোভিড সংক্ৰমণৰ পাছত এইটো তেওঁৰ প্ৰথম ৰাজহুৱা ভ্ৰমণ। তেওঁ শেষবাৰৰ বাবে ২০১৬ চনত বাৰাণসীত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল। কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কৈছিল যে ছোনিয়া গান্ধীয়ে দলটোৰ বাবে গৌৰৱৰ বিষয়। 

শিৱকুমাৰে কয়, বিজয়া দশমীৰ পাছত কৰ্ণাটকত দলটোৰ বিজয় হ'ব। আমি গৌৰৱান্বিত যে ছোনিয়া গান্ধীজীয়ে কৰ্ণাটকৰ ৰাজপথত খোজ কাঢ়িবলৈ আহিছে। আমি ৰাজ্যখনত ক্ষমতালৈ আহি আছোঁ আৰু বিজেপিয়ে তেওঁলোকৰ দোকান বন্ধ কৰিবলৈ গৈ আছে৷

ৰাহুল গান্ধীয়ে ভাৰতক একত্ৰিত কৰিবলৈ আৰু তেওঁ বিজেপিৰ বিভাজনমূলক ৰাজনীতি বুলি কোৱাৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণ কৰিবলৈ তেওঁৰ প্ৰচাৰত ১২ খন ৰাজ্যৰ মাজেৰে ৩,৫৭০ কিলোমিটাৰ খোজ কাঢ়িবলৈ পৰিকল্পনা যুগুত কৰিছে।

ঐক্যৰ বাবে দলটোৰ পদযাত্ৰা এনে এক সময়ত আৰম্ভ হৈছে, যিসময়ত কংগ্ৰেছে সভাপতি পদৰ আভ্যন্তৰীণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে৷ দলটোৱে ২৫ বছৰৰ পাছত এজন অ-গান্ধীক দলৰ সভাপতি হিচাপে নিৰ্বাচন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু