--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিজেপি শাসিত কৰ্ণাটকত ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো যাত্ৰাত আজি ছোনিয়া গান্ধীয়ে যোগদান কৰে
ইতিমধ্যে জনজাগৰণ আনিবলৈ সক্ষম হোৱা এই ভাৰত জোড়ো যাত্ৰাত ছোনিয়া গান্ধীৰ অংশগ্ৰহণে কংগ্ৰেছৰ কাৰ্যসূচীটোক নতুন গতিৰে উজ্জীৱিত কৰি তুলিব বুলি আশাবাদী দলটো৷ ছোনিয়া গান্ধীয়ে আজি কৰ্ণাটকত 'ভাৰত জোড়ো যাত্ৰা'ত যোগদান কৰে৷ স্বাস্থ্যজনিত বিশ্ৰামৰ দীঘলীয়া ব্যৱধানৰ পাছত এক ৰাজহুৱা অনুষ্ঠানত আজি অংশগ্ৰহণ কৰে ছোনিয়াই৷ মাণ্ডিয়াত ৰাহুল গান্ধীৰ পদযাত্ৰাত যোগদান কৰি কংগ্ৰেছ সভাপতিগৰাকীয়ে গাড়ীত উঠাৰ পূৰ্বে শ্ল'গান দিয়া দলীয় কৰ্মীৰ বৃহৎ সমাবেশৰ মাজে মাজে কিছুদূৰ খোজ কাঢ়িছিল। তেওঁ পাছত পদযাত্ৰালৈ উভতি আহিছিল। তেওঁ বিজেপিশাসিত ৰাজ্যখনত দলটোক উৎসাহিত কৰিবলৈ বল্লাৰীত এক ৰেলী সম্বোধন কৰিব বুলি আশা কৰা হৈছে৷ তেওঁ পূৰ্বে বেগুৰ গাঁৱৰ এটা মন্দিৰ দৰ্শন কৰিছিল আৰু বুধবাৰে প্ৰাৰ্থনা কৰিছিল। কংগ্ৰেছে খোজ কঢ়াৰ সময়ত ৰাহুল গান্ধীয়ে তেওঁৰ মাতৃৰ জোতাৰ ফিটা বান্ধি থকা এখন ফটো আজি ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত৷ 

৭ ছেপ্টেম্বৰত তামিলনাডুৰ কন্যাকুমাৰীত আৰম্ভ হোৱা কংগ্ৰেছৰ দেশব্যাপী প্ৰচাৰ অভিযান ৩০ ছেপ্টেম্বৰত কৰ্ণাটকত প্ৰৱেশ কৰে।

ছোনিয়া গান্ধী সোমবাৰে আবেলি মাইচুৰত উপস্থিত হৈছিল। এই বছৰৰ আৰম্ভণিতে কোভিড সংক্ৰমণৰ পাছত এইটো তেওঁৰ প্ৰথম ৰাজহুৱা ভ্ৰমণ। তেওঁ শেষবাৰৰ বাবে ২০১৬ চনত বাৰাণসীত এটা ৰোড শ্ব'ত অংশগ্ৰহণ কৰিছিল। কৰ্ণাটক কংগ্ৰেছৰ মুৰব্বী ডি কে শিৱকুমাৰে কৈছিল যে ছোনিয়া গান্ধীয়ে দলটোৰ বাবে গৌৰৱৰ বিষয়। 

শিৱকুমাৰে কয়, বিজয়া দশমীৰ পাছত কৰ্ণাটকত দলটোৰ বিজয় হ'ব। আমি গৌৰৱান্বিত যে ছোনিয়া গান্ধীজীয়ে কৰ্ণাটকৰ ৰাজপথত খোজ কাঢ়িবলৈ আহিছে। আমি ৰাজ্যখনত ক্ষমতালৈ আহি আছোঁ আৰু বিজেপিয়ে তেওঁলোকৰ দোকান বন্ধ কৰিবলৈ গৈ আছে৷

ৰাহুল গান্ধীয়ে ভাৰতক একত্ৰিত কৰিবলৈ আৰু তেওঁ বিজেপিৰ বিভাজনমূলক ৰাজনীতি বুলি কোৱাৰ বিৰুদ্ধে বাৰ্তা প্ৰেৰণ কৰিবলৈ তেওঁৰ প্ৰচাৰত ১২ খন ৰাজ্যৰ মাজেৰে ৩,৫৭০ কিলোমিটাৰ খোজ কাঢ়িবলৈ পৰিকল্পনা যুগুত কৰিছে।

ঐক্যৰ বাবে দলটোৰ পদযাত্ৰা এনে এক সময়ত আৰম্ভ হৈছে, যিসময়ত কংগ্ৰেছে সভাপতি পদৰ আভ্যন্তৰীণ নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাই আছে৷ দলটোৱে ২৫ বছৰৰ পাছত এজন অ-গান্ধীক দলৰ সভাপতি হিচাপে নিৰ্বাচন কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক