--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • নেহাই ইনষ্টাগ্ৰামত ধাৰাবাহিকভাৱে আৱেগিক ষ্ট'ৰী পোষ্ট কৰাৰ পিছত হঠাতে সেইবোৰ ডিলিট কৰি ছ’চিয়েল মিডিয়াত বিভ্ৰান্তি আৰু বিতৰ্কৰ সৃষ্টি কৰে

ডিজিটেল ডেস্ক:পুনৰবাৰ শিৰোনামত বলীউডৰ অন্যতম জনপ্ৰিয় গায়িকা নেহা কক্কৰ । এইবাৰ নতুন গীত বা অভিনয়ৰ বাবে নহয়, গভীৰ আৱেগিক ছ’চিয়েল মিডিয়া পোষ্টৰ বাবেহে চৰ্চাত নেহা। তেওঁৰ জনপ্ৰিয় গীতৰ দৰে নেহাই প্ৰায়ে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড কৰে।


অৱশ্যে শেহতীয়াকৈ তেওঁ শ্বেয়াৰ কৰা এটা পোষ্টে তেওঁৰ লাখ লাখ অনুৰাগীক আচৰিত আৰু চিন্তিত কৰি তুলে। নেহাই ইনষ্টাগ্ৰামত ধাৰাবাহিকভাৱে আৱেগিক ষ্ট'ৰী পোষ্ট কৰাৰ পিছত হঠাতে সেইবোৰ ডিলিট কৰি ছ’চিয়েল মিডিয়াত বিভ্ৰান্তি আৰু বিতৰ্কৰ সৃষ্টি কৰে।



আচলতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নেহা কক্কাৰে নিজৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনি সকলো কথাৰ পৰা বিৰতি লোৱাৰ কথা কয়। তেওঁৰ প্ৰথম ষ্ট’ৰীয়ে অনুৰাগীক আচৰিত কৰি তুলে। এই পোষ্টটোত তেওঁ বৰ্তমানৰ জীৱনশৈলীক বিদায় দিয়াৰ বাৰ্তা আগবঢ়াইছে। নেহাই লিখিছে যে তেওঁৰ বাবে দায়িত্ব, সম্পৰ্ক, কাম, আৰু এতিয়াই ভাবিব পৰা সকলো কথাৰ পৰা নিজকে আঁতৰাই ৰখাৰ সময় আহি পৰিছে। তেওঁ উভতি আহিব নে নাজানে বুলি লিখি ধন্যবাদ জনাই সামৰণি মাৰিলে। এই পোষ্টটোত অনুৰাগীসকল আতংকিত হৈ জল্পনা-কল্পনা কৰিবলৈ ধৰিলে।



হঠাৎ লোৱা এই সিদ্ধান্তৰ আঁৰৰ কাৰণ সন্দৰ্ভত এতিয়াও নেহা কক্কৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু অনুৰাগীয়ে ইয়াৰ আঁৰৰ বিভিন্ন কাৰণক লৈ জল্পনা-কল্পনা কৰিছে। বহুতে বিশ্বাস কৰে যে এই প্ৰতিক্ৰিয়াৰ কাৰণ হ'ব পাৰে তেওঁৰ শেহতীয়াকৈ গীত "কেণ্ডি শ্বপ"ৰ প্ৰতি দিয়া নেতিবাচক সঁহাৰি। ২০২৫ চনৰ ১৫ ডিচেম্বৰত মুক্তি পোৱা এই গীতটোত নেহাই তেওঁৰ ভাতৃ টনি কক্কৰৰ সৈতে সহযোগিতা কৰিছিল। মুক্তিৰ পিছত এই গীতটোৱে অনলাইনত বহু সমালোচনাৰ সন্মুখীন হয়, যাৰ ফলত নেহাৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ পৰিৱৰ্তন ঘটে।


নেহা কক্কৰ বলিউড জগতৰ এক জনপ্ৰিয় নাম। প্ৰখ্যাত গায়ক টনি কক্কৰ আৰু ছণু কক্কৰৰ কনিষ্ঠ ভগ্নী। নেহাই অতি কম বয়সৰ পৰাই ধৰ্মীয় অনুষ্ঠান আৰু জাগৰণত গান গাবলৈ আৰম্ভ কৰিছিল। ২০০৫ চনত ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ দ্বিতীয় ছিজনত অংশগ্ৰহণ কৰি তেওঁক স্বীকৃতি লাভ কৰে। "মিৰাবাই নট আউট" ছবিখনত কোৰাছ গায়িকা হিচাপে বলীউডত অভিষেক ঘটায় যদিও ২০১২ চনৰ "ককটেল" ছবিখনৰ "ছেকেণ্ড হেণ্ড জৱানী" গীতটোৰ জৰিয়তে তেওঁ প্ৰকৃত স্বীকৃতি লাভ কৰে। পৰৱৰ্তী সময়ত "য়াৰিয়ান"ৰ "ছানি ছানি" আৰু "কুইন"ৰ ছুপাৰহিট "লণ্ডন থুমকদা"ৰ দৰে পাৰ্টি গীতে তেওঁক জনপ্ৰিয় কৰি তুলিছিল। নেহাই কেইবাটাও মিউজিক ভিডিঅ’তো অভিনয় কৰাৰ লগতে ইণ্ডিয়ান আইডলৰ দৰে টিভিৰ ৰিয়েলিটি শ্ব’ত বিচাৰক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ