--°C
Loading...
Listen to Article
5 min read
80%

In Short

  • নেহাই ইনষ্টাগ্ৰামত ধাৰাবাহিকভাৱে আৱেগিক ষ্ট'ৰী পোষ্ট কৰাৰ পিছত হঠাতে সেইবোৰ ডিলিট কৰি ছ’চিয়েল মিডিয়াত বিভ্ৰান্তি আৰু বিতৰ্কৰ সৃষ্টি কৰে

ডিজিটেল ডেস্ক:পুনৰবাৰ শিৰোনামত বলীউডৰ অন্যতম জনপ্ৰিয় গায়িকা নেহা কক্কৰ । এইবাৰ নতুন গীত বা অভিনয়ৰ বাবে নহয়, গভীৰ আৱেগিক ছ’চিয়েল মিডিয়া পোষ্টৰ বাবেহে চৰ্চাত নেহা। তেওঁৰ জনপ্ৰিয় গীতৰ দৰে নেহাই প্ৰায়ে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড কৰে।


অৱশ্যে শেহতীয়াকৈ তেওঁ শ্বেয়াৰ কৰা এটা পোষ্টে তেওঁৰ লাখ লাখ অনুৰাগীক আচৰিত আৰু চিন্তিত কৰি তুলে। নেহাই ইনষ্টাগ্ৰামত ধাৰাবাহিকভাৱে আৱেগিক ষ্ট'ৰী পোষ্ট কৰাৰ পিছত হঠাতে সেইবোৰ ডিলিট কৰি ছ’চিয়েল মিডিয়াত বিভ্ৰান্তি আৰু বিতৰ্কৰ সৃষ্টি কৰে।



আচলতে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত নেহা কক্কাৰে নিজৰ জীৱনত ডাঙৰ পৰিৱৰ্তন আনি সকলো কথাৰ পৰা বিৰতি লোৱাৰ কথা কয়। তেওঁৰ প্ৰথম ষ্ট’ৰীয়ে অনুৰাগীক আচৰিত কৰি তুলে। এই পোষ্টটোত তেওঁ বৰ্তমানৰ জীৱনশৈলীক বিদায় দিয়াৰ বাৰ্তা আগবঢ়াইছে। নেহাই লিখিছে যে তেওঁৰ বাবে দায়িত্ব, সম্পৰ্ক, কাম, আৰু এতিয়াই ভাবিব পৰা সকলো কথাৰ পৰা নিজকে আঁতৰাই ৰখাৰ সময় আহি পৰিছে। তেওঁ উভতি আহিব নে নাজানে বুলি লিখি ধন্যবাদ জনাই সামৰণি মাৰিলে। এই পোষ্টটোত অনুৰাগীসকল আতংকিত হৈ জল্পনা-কল্পনা কৰিবলৈ ধৰিলে।



হঠাৎ লোৱা এই সিদ্ধান্তৰ আঁৰৰ কাৰণ সন্দৰ্ভত এতিয়াও নেহা কক্কৰে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই। অৱশ্যে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰী আৰু অনুৰাগীয়ে ইয়াৰ আঁৰৰ বিভিন্ন কাৰণক লৈ জল্পনা-কল্পনা কৰিছে। বহুতে বিশ্বাস কৰে যে এই প্ৰতিক্ৰিয়াৰ কাৰণ হ'ব পাৰে তেওঁৰ শেহতীয়াকৈ গীত "কেণ্ডি শ্বপ"ৰ প্ৰতি দিয়া নেতিবাচক সঁহাৰি। ২০২৫ চনৰ ১৫ ডিচেম্বৰত মুক্তি পোৱা এই গীতটোত নেহাই তেওঁৰ ভাতৃ টনি কক্কৰৰ সৈতে সহযোগিতা কৰিছিল। মুক্তিৰ পিছত এই গীতটোৱে অনলাইনত বহু সমালোচনাৰ সন্মুখীন হয়, যাৰ ফলত নেহাৰ ছ’চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ পৰিৱৰ্তন ঘটে।


নেহা কক্কৰ বলিউড জগতৰ এক জনপ্ৰিয় নাম। প্ৰখ্যাত গায়ক টনি কক্কৰ আৰু ছণু কক্কৰৰ কনিষ্ঠ ভগ্নী। নেহাই অতি কম বয়সৰ পৰাই ধৰ্মীয় অনুষ্ঠান আৰু জাগৰণত গান গাবলৈ আৰম্ভ কৰিছিল। ২০০৫ চনত ৰিয়েলিটি শ্ব’ ইণ্ডিয়ান আইডলৰ দ্বিতীয় ছিজনত অংশগ্ৰহণ কৰি তেওঁক স্বীকৃতি লাভ কৰে। "মিৰাবাই নট আউট" ছবিখনত কোৰাছ গায়িকা হিচাপে বলীউডত অভিষেক ঘটায় যদিও ২০১২ চনৰ "ককটেল" ছবিখনৰ "ছেকেণ্ড হেণ্ড জৱানী" গীতটোৰ জৰিয়তে তেওঁ প্ৰকৃত স্বীকৃতি লাভ কৰে। পৰৱৰ্তী সময়ত "য়াৰিয়ান"ৰ "ছানি ছানি" আৰু "কুইন"ৰ ছুপাৰহিট "লণ্ডন থুমকদা"ৰ দৰে পাৰ্টি গীতে তেওঁক জনপ্ৰিয় কৰি তুলিছিল। নেহাই কেইবাটাও মিউজিক ভিডিঅ’তো অভিনয় কৰাৰ লগতে ইণ্ডিয়ান আইডলৰ দৰে টিভিৰ ৰিয়েলিটি শ্ব’ত বিচাৰক হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু