--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চিনেমাখনে মুম্বাইৰ ২২সংখ্যক 'এছিয়ান ফিল্ম ফেষ্টিভেল'ত ভাৰতীয় চিনেমাৰ প্রতিযোগিতা শাখাত শ্রেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছে।

ডিজিটেল ডেস্ক: বছৰটোৰ আৰম্ভণিতে অসমীয়া চিনেমাই কঢ়িয়াইছে অন্য এক আশাৰ বতৰা। মুম্বাইত অনুষ্ঠিত থার্ড আই এছিয়ান চলচ্চিত্র মহোৎসৱত জিলিকিল সঞ্জীৱ সভাপণ্ডিত পৰিচালিত 'আকাশ হেনো নদীৰ নাম'।


চিনেমাখনে মুম্বাইৰ ২২সংখ্যক 'এছিয়ান ফিল্ম ফেষ্টিভেল'ত ভাৰতীয় চিনেমাৰ প্রতিযোগিতা শাখাত শ্রেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছে। যোৱা ১৬ জানুৱাৰীত তেওঁক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। 


উল্লেখযোগ্য যে একেখন ছবিৰ বাবে সঞ্জীৱ সভাপণ্ডিতে অষ্টম 'শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা' অনুষ্ঠানতো শ্রেষ্ঠ চিত্রনাট্যকাৰৰ সন্মান লাভ কৰিছিল। লগতে 'আকাশ হেনো নদীৰ নাম' চিনেমাখনৰ বাবেই সৌৰভ মহন্ত আৰু বিষ্ণু খাৰঘৰীয়াই হায়দৰাবাদত অনুষ্ঠিত 'নিৰি নাইন আন্তর্জাতিক চিনেমা মহোৎসৱ'ত শ্ৰেষ্ঠ সংগীত পৰিচালক আৰু শ্রেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰে। 


বিষ্ণু খাৰঘৰীয়া, ৰীণা বৰা, অতুল পাচনি, অতনু ভূঞা আৰু চাংকু নিৰঞ্জনে অভিনয় কৰা চিনেমাখনৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ সঞ্জীৱ সভাপণ্ডিত। প্রযোজনা কৰিছে উৎপল কুমাৰ দাসে। সংগীত পৰিচালক ড° সৌৰভ মহন্ত, চিত্ৰগ্ৰহণকাৰী পৰাশৰ বৰা, শব্দযন্ত্ৰী ৰুক্মজিত বৰুৱা আৰু সম্পাদনা সৌৰভ দত্তৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি