--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • চিনেমাখনে মুম্বাইৰ ২২সংখ্যক 'এছিয়ান ফিল্ম ফেষ্টিভেল'ত ভাৰতীয় চিনেমাৰ প্রতিযোগিতা শাখাত শ্রেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছে।

ডিজিটেল ডেস্ক: বছৰটোৰ আৰম্ভণিতে অসমীয়া চিনেমাই কঢ়িয়াইছে অন্য এক আশাৰ বতৰা। মুম্বাইত অনুষ্ঠিত থার্ড আই এছিয়ান চলচ্চিত্র মহোৎসৱত জিলিকিল সঞ্জীৱ সভাপণ্ডিত পৰিচালিত 'আকাশ হেনো নদীৰ নাম'।


চিনেমাখনে মুম্বাইৰ ২২সংখ্যক 'এছিয়ান ফিল্ম ফেষ্টিভেল'ত ভাৰতীয় চিনেমাৰ প্রতিযোগিতা শাখাত শ্রেষ্ঠ চিনেমাৰ সন্মান লাভ কৰিছে। যোৱা ১৬ জানুৱাৰীত তেওঁক এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। 


উল্লেখযোগ্য যে একেখন ছবিৰ বাবে সঞ্জীৱ সভাপণ্ডিতে অষ্টম 'শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা' অনুষ্ঠানতো শ্রেষ্ঠ চিত্রনাট্যকাৰৰ সন্মান লাভ কৰিছিল। লগতে 'আকাশ হেনো নদীৰ নাম' চিনেমাখনৰ বাবেই সৌৰভ মহন্ত আৰু বিষ্ণু খাৰঘৰীয়াই হায়দৰাবাদত অনুষ্ঠিত 'নিৰি নাইন আন্তর্জাতিক চিনেমা মহোৎসৱ'ত শ্ৰেষ্ঠ সংগীত পৰিচালক আৰু শ্রেষ্ঠ অভিনেতাৰ সন্মানো লাভ কৰে। 


বিষ্ণু খাৰঘৰীয়া, ৰীণা বৰা, অতুল পাচনি, অতনু ভূঞা আৰু চাংকু নিৰঞ্জনে অভিনয় কৰা চিনেমাখনৰ পৰিচালক আৰু চিত্ৰনাট্যকাৰ সঞ্জীৱ সভাপণ্ডিত। প্রযোজনা কৰিছে উৎপল কুমাৰ দাসে। সংগীত পৰিচালক ড° সৌৰভ মহন্ত, চিত্ৰগ্ৰহণকাৰী পৰাশৰ বৰা, শব্দযন্ত্ৰী ৰুক্মজিত বৰুৱা আৰু সম্পাদনা সৌৰভ দত্তৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু