--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীনগৰৰ লালচ’কত আজি ৰাহুল গান্ধীয়ে উন্মুক্ত কৰিলে ৰাষ্ট্ৰীয় পতাকা৷ শ্ৰীনগৰৰ লালচ’কত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল নাগৰিক৷ ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তিৰ এদিন পূৰ্বে শ্ৰীনগৰত ৰাহুল গান্ধীয়ে চমক দেখুৱায়৷ 

কংগ্ৰেছে লালচ’কত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো ‘আৰএছএছৰ কাৰ্যসূচীৰ অংশ’ বুলি কোৱাৰ এসপ্তাহ পাছত দলৰ নেতা ৰাহুল গান্ধীয়ে হঠাতে পৰিকল্পনা সলনি কৰি আজি শ্ৰীনগৰত ত্ৰিৰংগা উত্তোলন কৰে। মূল পৰিকল্পনাটো আছিল সোমবাৰে দলৰ শ্ৰীনগৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা।

ৰাহুলৰ প্ৰপিতামহ জৱাহৰলাল নেহৰুৱে লালচ’কত ৭৫ বছৰ পূৰ্বে উত্তোলন কৰিছিল ৰাষ্ট্ৰীয় পতাকা৷ আৰু আজি ৭৫ বছৰ পাছত ৰাহুল গান্ধীয়েও উন্মুক্ত কৰে ত্ৰিৰংগা৷ য’ত তেওঁ জম্মু-কাশ্মীৰৰ লোকসকলক স্বাধিকাৰ ৰক্ষাৰ প্ৰতিশ্ৰুতিও দিছিল।

লালচ’কত ত্ৰিৰংগা উন্মুক্ত কৰি আজি ভাৰতক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ল বুলি ৰাহুলে টুইট কৰে। ৰাহুল গান্ধীয়ে কয়, ঘৃণা হাৰিব, প্ৰেম সদায় জিকিব৷ ভাৰতত আশাৰ এক নতুন পুৱা হ’ব৷

কংগ্ৰেছে ইয়াৰ পৰিকল্পনাৰ আকস্মিক পৰিৱৰ্তনৰ বাবে প্ৰশাসনে প্ৰদান কৰা শেষ মুহূৰ্তৰ অনুমতিক দায়ী কৰে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয়, মূলতঃ পৰিকল্পনা আছিল যে আমি কাইলৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিম, যিটো ভাৰত জোড়ো যাত্ৰাৰ অন্তিম দিন। আমি ৩০ জানুৱাৰীৰ বাবে লালচ’কৰ বাবে অনুমতি পোৱা নাছিলোঁ৷ 

তেওঁ লগতে কয়, কালি ৰাজ্যিক বিষয়াসকলৰ সৈতে আলোচনাৰ পাছত তেওঁলোকে আমাৰ দাবী স্বীকাৰ কৰিছিল কিন্তু ২৯ তাৰিখৰ বাবেহে। তেওঁলোকে কৈছিল যে আমি ২৯ তাৰিখেহে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পাৰিম। সেয়েহে আমি শেষ মুহূৰ্তত আমাৰ কাৰ্যসূচী সলনি কৰিছো আৰু আজি ৰাহুল গান্ধীয়ে লালচ’কত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে, য’ত ৭৫ বছৰ পূৰ্বে পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক