--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শ্ৰীনগৰৰ লালচ’কত আজি ৰাহুল গান্ধীয়ে উন্মুক্ত কৰিলে ৰাষ্ট্ৰীয় পতাকা৷ শ্ৰীনগৰৰ লালচ’কত এক ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰ’ল নাগৰিক৷ ভাৰত জোড়ো যাত্ৰাৰ সমাপ্তিৰ এদিন পূৰ্বে শ্ৰীনগৰত ৰাহুল গান্ধীয়ে চমক দেখুৱায়৷ 

কংগ্ৰেছে লালচ’কত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰাটো ‘আৰএছএছৰ কাৰ্যসূচীৰ অংশ’ বুলি কোৱাৰ এসপ্তাহ পাছত দলৰ নেতা ৰাহুল গান্ধীয়ে হঠাতে পৰিকল্পনা সলনি কৰি আজি শ্ৰীনগৰত ত্ৰিৰংগা উত্তোলন কৰে। মূল পৰিকল্পনাটো আছিল সোমবাৰে দলৰ শ্ৰীনগৰ কাৰ্যালয়ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা।

ৰাহুলৰ প্ৰপিতামহ জৱাহৰলাল নেহৰুৱে লালচ’কত ৭৫ বছৰ পূৰ্বে উত্তোলন কৰিছিল ৰাষ্ট্ৰীয় পতাকা৷ আৰু আজি ৭৫ বছৰ পাছত ৰাহুল গান্ধীয়েও উন্মুক্ত কৰে ত্ৰিৰংগা৷ য’ত তেওঁ জম্মু-কাশ্মীৰৰ লোকসকলক স্বাধিকাৰ ৰক্ষাৰ প্ৰতিশ্ৰুতিও দিছিল।

লালচ’কত ত্ৰিৰংগা উন্মুক্ত কৰি আজি ভাৰতক দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হ’ল বুলি ৰাহুলে টুইট কৰে। ৰাহুল গান্ধীয়ে কয়, ঘৃণা হাৰিব, প্ৰেম সদায় জিকিব৷ ভাৰতত আশাৰ এক নতুন পুৱা হ’ব৷

কংগ্ৰেছে ইয়াৰ পৰিকল্পনাৰ আকস্মিক পৰিৱৰ্তনৰ বাবে প্ৰশাসনে প্ৰদান কৰা শেষ মুহূৰ্তৰ অনুমতিক দায়ী কৰে। কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয়, মূলতঃ পৰিকল্পনা আছিল যে আমি কাইলৈ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিম, যিটো ভাৰত জোড়ো যাত্ৰাৰ অন্তিম দিন। আমি ৩০ জানুৱাৰীৰ বাবে লালচ’কৰ বাবে অনুমতি পোৱা নাছিলোঁ৷ 

তেওঁ লগতে কয়, কালি ৰাজ্যিক বিষয়াসকলৰ সৈতে আলোচনাৰ পাছত তেওঁলোকে আমাৰ দাবী স্বীকাৰ কৰিছিল কিন্তু ২৯ তাৰিখৰ বাবেহে। তেওঁলোকে কৈছিল যে আমি ২৯ তাৰিখেহে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পাৰিম। সেয়েহে আমি শেষ মুহূৰ্তত আমাৰ কাৰ্যসূচী সলনি কৰিছো আৰু আজি ৰাহুল গান্ধীয়ে লালচ’কত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিছে, য’ত ৭৫ বছৰ পূৰ্বে পণ্ডিত জৱাহৰলাল নেহৰুৱে প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু