--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ ৰোষত কংগ্ৰেছ মুখপাত্ৰ পৱন খেৰা৷কংগ্ৰেছ নেতা তথা মুখপাত্ৰ পৱন খেৰাৰ বিৰুদ্ধে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত কৰা কথিত ‘নৰেন্দ্ৰ গৌতম দাস মোদী’ মন্তব্যৰ সৈতে জড়িত অপৰাধমূলক কাৰ্যবিধি বাতিল কৰিব বিচৰা আবেদন বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

এই মন্তব্যক লৈ খেৰাৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক কাৰ্যবিধি বাতিল কৰিবলৈ অস্বীকাৰ কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে ছুপ্ৰীম কোৰ্টৰ ন্যায়াধীশ গাভাই আৰু সন্দীপ মেহতাই বিশেষ ছুটী আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

উল্লেখ্য যে ২০২৩ চনৰ ১৭ ফেব্ৰুৱাৰীত আদানী-হিণ্ডেনবাৰ্গ বিষয়ক সংবাদমেলৰ সময়ত খেৰাই মোদীৰ নাম ভুলকৈ লৈছিল।পৱন খেৰাৰ অধিবক্তাই শীৰ্ষ আদালতত কৈছিল যে এইটো জিভাৰ ভুল আৰু তাৰ বাবে খেৰাই ক্ষমা খুজিছিল।তেওঁৰ এই মন্তব্যৰ ফলত এফআইআৰ আৰু পৰৱৰ্তী সময়ত একে মাহতে খেৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

২৩ ফেব্ৰুৱাৰীত খেৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে একেদিনাই খেৰাক অস্থায়ী সকাহ প্ৰদান কৰে। ইয়াৰ জৰিয়তে তেওঁক পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছত অন্তৱৰ্তীকালীন সকাহৰ সময়সীমা প্ৰথমে ৩ মাৰ্চলৈকে বৃদ্ধি কৰা হয়, আৰু পিছলৈ পুনৰ ১৭ মাৰ্চলৈকে বৃদ্ধি কৰা হয়।

লাইভল’ৰ মতে খেৰা ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ (সাম্প্ৰদায়িক শত্ৰুতাক প্ৰসাৰ কৰা), ১৫৩বি (ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি ক্ষতিকাৰক অভিযোগ), ৫০০ (মানহানি), ৫০৪ (শান্তি ভংগৰ প্ৰৰোচনাৰ উদ্দেশ্যেৰে অপমান) আৰু অন্যান্য বিধানৰ ধাৰাৰ অভিযোগৰ সন্মুখীন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক