--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ ৰোষত কংগ্ৰেছ মুখপাত্ৰ পৱন খেৰা৷কংগ্ৰেছ নেতা তথা মুখপাত্ৰ পৱন খেৰাৰ বিৰুদ্ধে যোৱা বছৰৰ ফেব্ৰুৱাৰী মাহত কৰা কথিত ‘নৰেন্দ্ৰ গৌতম দাস মোদী’ মন্তব্যৰ সৈতে জড়িত অপৰাধমূলক কাৰ্যবিধি বাতিল কৰিব বিচৰা আবেদন বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ে খাৰিজ কৰে।

এই মন্তব্যক লৈ খেৰাৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক কাৰ্যবিধি বাতিল কৰিবলৈ অস্বীকাৰ কৰা এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশৰ বিৰুদ্ধে ছুপ্ৰীম কোৰ্টৰ ন্যায়াধীশ গাভাই আৰু সন্দীপ মেহতাই বিশেষ ছুটী আবেদনৰ শুনানি গ্ৰহণ কৰিছিল।

উল্লেখ্য যে ২০২৩ চনৰ ১৭ ফেব্ৰুৱাৰীত আদানী-হিণ্ডেনবাৰ্গ বিষয়ক সংবাদমেলৰ সময়ত খেৰাই মোদীৰ নাম ভুলকৈ লৈছিল।পৱন খেৰাৰ অধিবক্তাই শীৰ্ষ আদালতত কৈছিল যে এইটো জিভাৰ ভুল আৰু তাৰ বাবে খেৰাই ক্ষমা খুজিছিল।তেওঁৰ এই মন্তব্যৰ ফলত এফআইআৰ আৰু পৰৱৰ্তী সময়ত একে মাহতে খেৰাক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে।

২৩ ফেব্ৰুৱাৰীত খেৰাক গ্ৰেপ্তাৰ কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে একেদিনাই খেৰাক অস্থায়ী সকাহ প্ৰদান কৰে। ইয়াৰ জৰিয়তে তেওঁক পৰৱৰ্তী শুনানিৰ তাৰিখলৈকে অন্তৱৰ্তীকালীন জামিনত মুকলি কৰি দিয়াৰ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পাছত অন্তৱৰ্তীকালীন সকাহৰ সময়সীমা প্ৰথমে ৩ মাৰ্চলৈকে বৃদ্ধি কৰা হয়, আৰু পিছলৈ পুনৰ ১৭ মাৰ্চলৈকে বৃদ্ধি কৰা হয়।

লাইভল’ৰ মতে খেৰা ভাৰতীয় দণ্ডবিধিৰ ১৫৩এ (সাম্প্ৰদায়িক শত্ৰুতাক প্ৰসাৰ কৰা), ১৫৩বি (ৰাষ্ট্ৰীয় সংহতিৰ প্ৰতি ক্ষতিকাৰক অভিযোগ), ৫০০ (মানহানি), ৫০৪ (শান্তি ভংগৰ প্ৰৰোচনাৰ উদ্দেশ্যেৰে অপমান) আৰু অন্যান্য বিধানৰ ধাৰাৰ অভিযোগৰ সন্মুখীন হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু