--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত চলি থকাৰ মাজতে প্ৰশ্ন হয়, ক’ৰ পৰা কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব? ইফালে, ৰাহুল গান্ধীয়ে পুনৰ ৱায়ানাডৰ আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব বুলি সূত্ৰই প্ৰকাশ কৰিছে।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ অংশ ভাৰতীয় কমিউনিষ্ট পাৰ্টীয়ে কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক ৱায়ানাডৰ আসন এৰিবলৈ কৈছিল। চিপিআইয়ে কয় যে ৱায়ানাডৰ আসন বাওঁপন্থীৰ বাবে এৰি দিব লাগে।

আচলতে ৰাহুল গান্ধীয়ে ইউ পিৰ আমেঠী আৰু কেৰালাৰ ৱায়ানাড আসনৰ পৰা ২০১৯ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। তেওঁ আমেথিৰ পৰা নিৰ্বাচনত পৰাস্ত হৈছিল যদিও ৱায়ানাদৰ পৰা ৪ লাখতকৈ অধিক ভোটৰ বিশাল ব্যৱধানত জয়ী হৈছিল। অৱশ্যে আমেঠী আসন সন্দৰ্ভত এতিয়াও চাচপেন্স আছে কাৰণ কংগ্ৰেছে ইয়াৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰা নাই। যোৱা নির্বাচনত ইয়াৰ পৰাই জয়ী হৈছিল কেন্দ্রীয় মন্ত্রী স্মৃতি ইৰাণী৷

কেৰালাৰ তাৰিক আনোৱাৰেও নৱেম্বৰ মাহত কৈছিল যে ৰাহুল গান্ধীয়ে পুনৰ ৱায়ানাডৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। আনোৱাৰে কৈছিল, "অৱশ্যেই তেওঁ (ৰাহুল গান্ধীয়ে) ৱায়ানাডৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব। ৱায়ানাডৰ জনসাধাৰণৰ প্ৰতি তেওঁৰ অতি মৰম আছে।"

২০১৯ চনৰ লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ মিত্ৰ কেৰালা কংগ্ৰেছ (মণি) দলৰ মাজত বিভাজন হ’লেও আলাপ্পুজাৰ বাহিৰে কেৰালাৰ ২০খন লোকসভাৰ আসনৰ ভিতৰত ১৯খন আসনত কংগ্ৰেছ নেতৃত্বাধীন ইউডিএফে জয়লাভ কৰিছিল। এনে পৰিস্থিতিত থমাছ চাজিকাডান এতিয়া বাওঁ ডেম’ক্ৰেটিক ফ্ৰণ্টৰ সাংসদ।

উল্লেখ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ, টিএমচি, ডিএমকে, আম আদমি পাৰ্টীকে ধৰি বহু দলৰে গঠিত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰশ্নটো হৈছে আসন ভাগ-বতৰা৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক