--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৫ চনত গুজৰাটৰ আহমেদাবাদৰ মটেৰাত প্ৰতিষ্ঠা কৰা চৰ্দাৰ পেটেল ষ্টেডিয়াম ২০১৫ চনত ভাঙি পুনৰ নিৰ্মাণ কৰা হয়। ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত যেতিয়া গুজৰাট ক্ৰিকেট সন্থাৰ এই নতুনকৈ নিৰ্মিত ষ্টেডিয়ামখন তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে, তেতিয়া ইয়াৰ নাম সলনি কৰি ‘নৰেন্দ্ৰ মোদী ষ্টেডিয়াম’ ৰখা হয়।

ষ্টেডিয়ামখনৰ পুনৰ নিৰ্মাণৰ তথ্য দি জিচিএৰ ৱেবছাইটত লিখা আছে, ‘২০১৫ চনৰ অক্টোবৰ মাহত তেতিয়াৰ জিচিএৰ সভাপতি তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত গুজৰাট ক্ৰিকেট সন্থাই ষ্টেডিয়ামখন সংস্কাৰ কৰি সৰ্ববৃহৎ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়েহে ক্ৰিকেট ষ্টেডিয়ামক প্ৰধানমন্ত্ৰী মোদী সপোন বুলি অভিহিত কৰিছে জিচিএই।

সেই সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে ক্ৰিকেট ষ্টেডিয়ামৰ বিষয়ে তথ্য দি কয় যে ‘.জিচিএৰ দলটোৱে সকলো দৃষ্টিকোণৰ পৰা ইয়াক সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে আৰু মই তেওঁলোকক এইটোও ক’ব বিচাৰো যে আপোনালোকৰ প্ৰচেষ্টা সফল হৈছে। বিশ্বৰ কোনো এখন ক্ৰিকেট ষ্টেডিয়ামতে একেলগে ১১খন খেলপথাৰ নাথাকে। চাৰিটা ড্ৰয়িং ৰুম একেলগে নাই দিনটোত দুখন মেচ খেলিবলগীয়া হ’লেও এই ষ্টেডিয়ামে কৰিব পাৰে।

তেওঁ আৰু যি দাবী কৰে তাক লৈ শেহতীয়াকৈ প্ৰশ্ন উত্থাপন হৈছে – বিশেষকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ বৰষুণৰ ফলত কৰ্তন কৰা ফাইনেলৰ পাছত সেই প্ৰশ্ন অধিক উত্থাপিত হৈছে৷ তেতিয়া অমিত শ্বাহে ষ্টেডিয়ামৰ বৈশিষ্ট্য উল্লেখ কৰি দাবী কৰিছিল, ‘ষ্টেডিয়ামত সম্পূৰ্ণ অত্যাধুনিক নিষ্কাশন ব্যৱস্থাও নিৰ্মাণ কৰা হৈছে। যদি বৰষুণ হয়, যিমানেই বৰষুণ নকৰক কিয়, আধা ঘণ্টাত মেচখন অশান্তি নিদিয়াকৈ, বৰষুণ বন্ধ হোৱাৰ লগে লগে আমি পৰৱৰ্তী খেলখন আৰম্ভ কৰিব পাৰো।

অৱশ্যে আই পি এল-২০২৩ৰ অন্তিমখন খেলত আন কিবা এটা দৃশ্যহে দেখা গ’ল। প্ৰচণ্ড বৰষুণৰ বাবে ২৮ মে’ত অনুষ্ঠিত হ’বলগীয়া মেচখন ৰিজাৰ্ভ ডে’লৈ অৰ্থাৎ পিছদিনা ২৯ মে’লৈ পিছুৱাই দিয়া হয়। ২৯ মে'ত সময়মতে আৰম্ভ হোৱা মেচখন বৰষুণৰ কোনো বাধা নোহোৱাকৈ গুজৰাট টাইটানছৰ প্ৰথম ইনিংছ শেষ হয় যদিও দ্বিতীয় ইনিংছত চেন্নাই ছুপাৰ কিংছৰ বেটছমেনসকলে মাত্ৰ ৩টা বল খেলিছিল আৰু প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছিল আৰু খেল বন্ধ হৈ গৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
অসমৰ পর্যটনক নতুন গতি প্ৰদানৰ লক্ষ্য; গুৱাহাটীলৈ আহিব ‘গানছ এন ৰ’জেছ’
পৃথিৱীক চুই যাব সৌৰ ধুমুহাই
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement