--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৫ চনত গুজৰাটৰ আহমেদাবাদৰ মটেৰাত প্ৰতিষ্ঠা কৰা চৰ্দাৰ পেটেল ষ্টেডিয়াম ২০১৫ চনত ভাঙি পুনৰ নিৰ্মাণ কৰা হয়। ২০২১ চনৰ ২৪ ফেব্ৰুৱাৰীত যেতিয়া গুজৰাট ক্ৰিকেট সন্থাৰ এই নতুনকৈ নিৰ্মিত ষ্টেডিয়ামখন তদানীন্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে উদ্বোধন কৰে, তেতিয়া ইয়াৰ নাম সলনি কৰি ‘নৰেন্দ্ৰ মোদী ষ্টেডিয়াম’ ৰখা হয়।

ষ্টেডিয়ামখনৰ পুনৰ নিৰ্মাণৰ তথ্য দি জিচিএৰ ৱেবছাইটত লিখা আছে, ‘২০১৫ চনৰ অক্টোবৰ মাহত তেতিয়াৰ জিচিএৰ সভাপতি তথা বৰ্তমানৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দূৰদৰ্শী নেতৃত্বত গুজৰাট ক্ৰিকেট সন্থাই ষ্টেডিয়ামখন সংস্কাৰ কৰি সৰ্ববৃহৎ হিচাপে গঢ়ি তোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সেয়েহে ক্ৰিকেট ষ্টেডিয়ামক প্ৰধানমন্ত্ৰী মোদী সপোন বুলি অভিহিত কৰিছে জিচিএই।

সেই সময়ত গৃহমন্ত্ৰী অমিত শ্বাহে ক্ৰিকেট ষ্টেডিয়ামৰ বিষয়ে তথ্য দি কয় যে ‘.জিচিএৰ দলটোৱে সকলো দৃষ্টিকোণৰ পৰা ইয়াক সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিছে আৰু মই তেওঁলোকক এইটোও ক’ব বিচাৰো যে আপোনালোকৰ প্ৰচেষ্টা সফল হৈছে। বিশ্বৰ কোনো এখন ক্ৰিকেট ষ্টেডিয়ামতে একেলগে ১১খন খেলপথাৰ নাথাকে। চাৰিটা ড্ৰয়িং ৰুম একেলগে নাই দিনটোত দুখন মেচ খেলিবলগীয়া হ’লেও এই ষ্টেডিয়ামে কৰিব পাৰে।

তেওঁ আৰু যি দাবী কৰে তাক লৈ শেহতীয়াকৈ প্ৰশ্ন উত্থাপন হৈছে – বিশেষকৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ ২০২৩ৰ বৰষুণৰ ফলত কৰ্তন কৰা ফাইনেলৰ পাছত সেই প্ৰশ্ন অধিক উত্থাপিত হৈছে৷ তেতিয়া অমিত শ্বাহে ষ্টেডিয়ামৰ বৈশিষ্ট্য উল্লেখ কৰি দাবী কৰিছিল, ‘ষ্টেডিয়ামত সম্পূৰ্ণ অত্যাধুনিক নিষ্কাশন ব্যৱস্থাও নিৰ্মাণ কৰা হৈছে। যদি বৰষুণ হয়, যিমানেই বৰষুণ নকৰক কিয়, আধা ঘণ্টাত মেচখন অশান্তি নিদিয়াকৈ, বৰষুণ বন্ধ হোৱাৰ লগে লগে আমি পৰৱৰ্তী খেলখন আৰম্ভ কৰিব পাৰো।

অৱশ্যে আই পি এল-২০২৩ৰ অন্তিমখন খেলত আন কিবা এটা দৃশ্যহে দেখা গ’ল। প্ৰচণ্ড বৰষুণৰ বাবে ২৮ মে’ত অনুষ্ঠিত হ’বলগীয়া মেচখন ৰিজাৰ্ভ ডে’লৈ অৰ্থাৎ পিছদিনা ২৯ মে’লৈ পিছুৱাই দিয়া হয়। ২৯ মে'ত সময়মতে আৰম্ভ হোৱা মেচখন বৰষুণৰ কোনো বাধা নোহোৱাকৈ গুজৰাট টাইটানছৰ প্ৰথম ইনিংছ শেষ হয় যদিও দ্বিতীয় ইনিংছত চেন্নাই ছুপাৰ কিংছৰ বেটছমেনসকলে মাত্ৰ ৩টা বল খেলিছিল আৰু প্ৰচণ্ড বৰষুণ আৰম্ভ হৈছিল আৰু খেল বন্ধ হৈ গৈছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
'পকৱান'ৰ সফল মঞ্চায়ন
ডিব্ৰুগড় জিলাত কলেৰা ৰোগীৰ প্ৰাদুৰ্ভাৱক লৈ হাই এলাৰ্ট জাৰি ; স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকৰ সংবাদমেল সম্বোধন
ভাৰতীয় বায়ুসেনাই দেখুৱালে মানৱীয়তা! থাই নাগৰিকৰ জীৱন ৰক্ষাৰ বাবে দেখুৱালে অদম্য সাহস
'আগতে কোনো মুখ্যমন্ত্রী বি টি চিলৈ অহা নাছিল, মই ২০০ বাৰ আহিছোঁ', গোসাইগাঁৱত বিজয় সংকল্প সমাৰোহত মুখ্যমন্ত্রী
ভয়ানক বিপদৰ পৰা ৰক্ষা পৰিল দেৰগাঁও!  পেট্ৰ’ল পাম্পৰ চৌহদত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত
ৰাষ্ট্ৰপতি-প্ৰধানমন্ত্ৰীৰে বাৰ্তালাপৰ অভিজ্ঞতা বর্ণনা কৰি উৎফুল্ল দীপ্তি চহৰীয়া
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য