--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ইতিহাসত আৰু এই শতিকাৰ অন্যতম ভয়াৱহ ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে ২৮৮ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত শ শ লোক আহত হৈছে, যিসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শনিবাৰে (৩ জুন) স্থান পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসালয়ত ভুক্তভোগীক সাক্ষাৎ কৰে। ইয়াৰ মাজতে তেওঁ দুৰ্ঘটনাটোৰ বাবে দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও কয়। এই সকলোবোৰৰ মাজতে এটা প্ৰশ্ন সৰ্বাধিক সোধা হৈছে যে ইমান ডাঙৰ ৰেল দুৰ্ঘটনা কেনেকৈ হ’ল।

ওড়িশাত এই ৰেল দুৰ্ঘটনাৰ ২৪ ঘণ্টাৰো অধিক সময় পাৰ হৈ গ’ল। অৱশ্যে এই ভয়াবহ ট্ৰেজেডী কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অতি কম তথ্যৰে ৰে’লৱেই এক চমু আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে। ৰে’লৱে ব’ৰ্ডে জনোৱা মতে, আপ লাইনত কৰমণ্ডল এক্সপ্ৰেছ সম্পূৰ্ণ গতিৰে চলি থকাৰ বিপৰীতে বেংগালুৰু-হাওৰা য়েছৱন্তপুৰ এক্সপ্ৰেছ ডাউন লাইনত চলি আছিল। মাল ট্ৰেইনখন তেতিয়া কমন লুপত থিয় হৈ আছিল। ইয়াৰ পিছতে কৰমণ্ডল এক্সপ্ৰেছ ৰেলপথৰ পৰা ওলাই যায় আৰু ইয়াৰ কিছুমান ডবা মাল ট্ৰেইনৰ লগত খুন্দা মাৰে আৰু তাৰ পিছত কিছুমান ডবা য়েছৱন্তপুৰ এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।


এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ তদন্তৰ পিছতহে জানিব পৰা যাব, কিন্তু অনুমান কৰা হৈছে যে চিগনেল ফল্টৰ বাবে কৰমণ্ডল এক্সপ্ৰেছখনে নিৰ্ধাৰিত ট্ৰেকৰ পৰা বিচ্যুত হৈ পিছফালৰ পৰা মাল ৰে’লখনত খুন্দা মাৰে। অৱশ্যে ঘটনাৰ আনুষ্ঠানিক তদন্তৰ পিছতহে সম্পূৰ্ণ ছবি স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বামীৰ সৈতে বিবাহ বিচ্ছেদ, ইৰফানৰ সৈতে লিভ-ইন ৰিলেছনশ্বিপ; ওলমি থকা অৱস্থাত উদ্ধাৰ বিউটিচিয়ান মীনুৰ মৃতদেহ
হৃদৰোগৰ পৰা হাত সাৰিবলৈ কি কৰিব লাগে? জানি লওক ভালদৰে
পৰিয়ালে প্ৰেমত দিছিল বাধা, প্ৰেমিক-প্ৰেমিকা পালেহি থানা ; মন্দিৰত বিয়া পাতি দিলে আৰক্ষীয়ে
ভাৰতমাতাৰ সাহসী কন্যা! ২০ হাজাৰ ফুটতকৈও অধিক ওখ এটা শিখৰত উৰুৱালে ত্ৰিৰংগা; বৰফ খাই গুচাইছিল পিয়াহ
খেলুৱৈৰ জীৱনত আটাইতকৈ শোচনীয় পৰাজয়! খেলপথাৰতে হুকহুকাই কান্দিলে নেইমাৰে
এন এছ এফৰ শীৰ্ষ পদৰ বাবে নিয়ম শিথিল
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক