--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ইতিহাসত আৰু এই শতিকাৰ অন্যতম ভয়াৱহ ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে ২৮৮ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত শ শ লোক আহত হৈছে, যিসকল চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। শনিবাৰে (৩ জুন) স্থান পৰিদৰ্শন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে চিকিৎসালয়ত ভুক্তভোগীক সাক্ষাৎ কৰে। ইয়াৰ মাজতে তেওঁ দুৰ্ঘটনাটোৰ বাবে দোষী সাব্যস্ত হোৱাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথাও কয়। এই সকলোবোৰৰ মাজতে এটা প্ৰশ্ন সৰ্বাধিক সোধা হৈছে যে ইমান ডাঙৰ ৰেল দুৰ্ঘটনা কেনেকৈ হ’ল।

ওড়িশাত এই ৰেল দুৰ্ঘটনাৰ ২৪ ঘণ্টাৰো অধিক সময় পাৰ হৈ গ’ল। অৱশ্যে এই ভয়াবহ ট্ৰেজেডী কেনেকৈ সংঘটিত হ’ল সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অতি কম তথ্যৰে ৰে’লৱেই এক চমু আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰে। ৰে’লৱে ব’ৰ্ডে জনোৱা মতে, আপ লাইনত কৰমণ্ডল এক্সপ্ৰেছ সম্পূৰ্ণ গতিৰে চলি থকাৰ বিপৰীতে বেংগালুৰু-হাওৰা য়েছৱন্তপুৰ এক্সপ্ৰেছ ডাউন লাইনত চলি আছিল। মাল ট্ৰেইনখন তেতিয়া কমন লুপত থিয় হৈ আছিল। ইয়াৰ পিছতে কৰমণ্ডল এক্সপ্ৰেছ ৰেলপথৰ পৰা ওলাই যায় আৰু ইয়াৰ কিছুমান ডবা মাল ট্ৰেইনৰ লগত খুন্দা মাৰে আৰু তাৰ পিছত কিছুমান ডবা য়েছৱন্তপুৰ এক্সপ্ৰেছৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।


এই দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ তদন্তৰ পিছতহে জানিব পৰা যাব, কিন্তু অনুমান কৰা হৈছে যে চিগনেল ফল্টৰ বাবে কৰমণ্ডল এক্সপ্ৰেছখনে নিৰ্ধাৰিত ট্ৰেকৰ পৰা বিচ্যুত হৈ পিছফালৰ পৰা মাল ৰে’লখনত খুন্দা মাৰে। অৱশ্যে ঘটনাৰ আনুষ্ঠানিক তদন্তৰ পিছতহে সম্পূৰ্ণ ছবি স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস