--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত "কা" সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই কৰা মন্তব্যৰ পিছতেই উত্তাল হৈ পৰিছে দেশৰ ৰাজনৈতিক পৰিবেশ। অসমত কোনো কাৰণতে 'কা' কাৰ্যকৰী হ'ব নিদিয়াৰ হুংকাৰ অসম তৃণমূল কংগ্ৰেছৰ। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই "কা" কাৰ্যকৰী কৰিব বিচৰা বিষয়টো অসম আৰু অসমীয়াৰ আৱেগ, স্বাভিমানক কৰা চুড়ান্ত অপমান বুলি উল্লেখ কৰে।
 
নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, "এয়া বিজেপি চৰকাৰৰ ধ্বংসৰ আগজাননী, বিৰোধীৰ উত্থানত বিজেপি শংকিত হৈ ভয় আৰু শংকাতেই এনেধৰণৰ কথা কৈ আছে। আমি অসমীয়াই কোনোপধ্যেই "কা" মানি ল'ব নোৱাৰোঁ। "কা"ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আমি অসমীয়াই পাঁচগৰাকীকৈ নিৰীহক হেৰুৱালো, তাৰ পিছতো যদি বিজেপিয়ে কা কাৰ্য্যকৰী কৰাৰ কথা কবলৈ সাহস কৰিছে, এয়া অসম আৰু অসমীয়াৰ আৱেগ আৰু স্বাভিমানক কৰা চুড়ান্ত অপমান আৰু ভেঙুচালি। এইবাৰ বিজেপি চৰকাৰৰ পতন নিশ্চিত। 'চগাৰ পাখি গজে মৰিবলৈ, উৰিবলৈ নহয়', ঠিক সেইদৰে বিজেপিৰ পাখি গজিছে। প্ৰত্যেক দিনাই বিজেপিয়ে নতুন নতুন বিতৰ্কৰ সূচনা কৰি দেশৰ পৰিস্থিতি বিনষ্ট কৰাৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বস্তু বোৰৰ পৰা জনসাধাৰণৰ দৃষ্টি অন্যদিশে নিবলৈ চেষ্টা কৰি আহিছে, সাধাৰণ জনগনক বিজেপিয়ে মূৰ্খ বুলি ভাবিছে। পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে 'কা' বলবৎ কৰাৰ কথা কৈছিল, এইবাৰ তেওঁলোকে 'কা'ৰ অধিনিয়ম প্ৰস্তুত কৰাৰ কথা কৈছে। তেওঁলোকে এনেধৰনৰ এক জাতি ধ্বংসী আইনক নিৰ্বাচনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। 'কা' আন্দোলনত নিহত পঞ্চ শ্বহীদৰ প্ৰতি তিলমাত্ৰাও শ্ৰদ্ধা নাই বিজেপি চৰকাৰ খনৰ, ধিক্কাৰ বিজেপি চৰকাৰ। বিদেশীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। বিজেপিয়ে হিন্দু বিদেশীৰ নামত ৰাজনীতি কৰিছে, ধৰ্মীয় মেৰুকৰণ কৰিছে। যদি ইমানেই বিজেপিৰ বিদেশীৰ প্ৰতি দৰদ তেন্তে সেই বিদেশীক নৰেন্দ্ৰ মোডী বা অমিত শ্বাহৰ নিজৰ ৰাজ্যত ৰাখক কিন্তু অসমত নহয়। আমি অসম তৃণমূল কংগ্ৰেছে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা কোনো অপশক্তিকে সফল হ'বলৈ নিদিও। অনাগত সময়ত অসম আৰু অসমীয়াৰ স্বাৰ্থত জংগী আন্দোলন কৰিবলৈও আমি প্ৰস্তুত।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক