--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত "কা" সন্দৰ্ভত কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অজয় মিশ্ৰই কৰা মন্তব্যৰ পিছতেই উত্তাল হৈ পৰিছে দেশৰ ৰাজনৈতিক পৰিবেশ। অসমত কোনো কাৰণতে 'কা' কাৰ্যকৰী হ'ব নিদিয়াৰ হুংকাৰ অসম তৃণমূল কংগ্ৰেছৰ। অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই "কা" কাৰ্যকৰী কৰিব বিচৰা বিষয়টো অসম আৰু অসমীয়াৰ আৱেগ, স্বাভিমানক কৰা চুড়ান্ত অপমান বুলি উল্লেখ কৰে।
 
নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় যে, "এয়া বিজেপি চৰকাৰৰ ধ্বংসৰ আগজাননী, বিৰোধীৰ উত্থানত বিজেপি শংকিত হৈ ভয় আৰু শংকাতেই এনেধৰণৰ কথা কৈ আছে। আমি অসমীয়াই কোনোপধ্যেই "কা" মানি ল'ব নোৱাৰোঁ। "কা"ৰ বিৰুদ্ধে কৰা প্ৰতিবাদত আমি অসমীয়াই পাঁচগৰাকীকৈ নিৰীহক হেৰুৱালো, তাৰ পিছতো যদি বিজেপিয়ে কা কাৰ্য্যকৰী কৰাৰ কথা কবলৈ সাহস কৰিছে, এয়া অসম আৰু অসমীয়াৰ আৱেগ আৰু স্বাভিমানক কৰা চুড়ান্ত অপমান আৰু ভেঙুচালি। এইবাৰ বিজেপি চৰকাৰৰ পতন নিশ্চিত। 'চগাৰ পাখি গজে মৰিবলৈ, উৰিবলৈ নহয়', ঠিক সেইদৰে বিজেপিৰ পাখি গজিছে। প্ৰত্যেক দিনাই বিজেপিয়ে নতুন নতুন বিতৰ্কৰ সূচনা কৰি দেশৰ পৰিস্থিতি বিনষ্ট কৰাৰ লগতে অন্যান্য গুৰুত্বপূৰ্ণ বিষয়বস্তু বোৰৰ পৰা জনসাধাৰণৰ দৃষ্টি অন্যদিশে নিবলৈ চেষ্টা কৰি আহিছে, সাধাৰণ জনগনক বিজেপিয়ে মূৰ্খ বুলি ভাবিছে। পূৰ্বৰ নিৰ্বাচনত বিজেপিয়ে 'কা' বলবৎ কৰাৰ কথা কৈছিল, এইবাৰ তেওঁলোকে 'কা'ৰ অধিনিয়ম প্ৰস্তুত কৰাৰ কথা কৈছে। তেওঁলোকে এনেধৰনৰ এক জাতি ধ্বংসী আইনক নিৰ্বাচনৰ আহিলা হিচাপে ব্যৱহাৰ কৰিবলৈ লৈছে। 'কা' আন্দোলনত নিহত পঞ্চ শ্বহীদৰ প্ৰতি তিলমাত্ৰাও শ্ৰদ্ধা নাই বিজেপি চৰকাৰ খনৰ, ধিক্কাৰ বিজেপি চৰকাৰ। বিদেশীৰ কোনো জাতি নাই, কোনো ধৰ্ম নাই। বিজেপিয়ে হিন্দু বিদেশীৰ নামত ৰাজনীতি কৰিছে, ধৰ্মীয় মেৰুকৰণ কৰিছে। যদি ইমানেই বিজেপিৰ বিদেশীৰ প্ৰতি দৰদ তেন্তে সেই বিদেশীক নৰেন্দ্ৰ মোডী বা অমিত শ্বাহৰ নিজৰ ৰাজ্যত ৰাখক কিন্তু অসমত নহয়। আমি অসম তৃণমূল কংগ্ৰেছে অসম আৰু অসমীয়াৰ অস্তিত্বৰ প্ৰতি ভাবুকি অনা কোনো অপশক্তিকে সফল হ'বলৈ নিদিও। অনাগত সময়ত অসম আৰু অসমীয়াৰ স্বাৰ্থত জংগী আন্দোলন কৰিবলৈও আমি প্ৰস্তুত।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু