--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ সৰৱ হৈ উঠিছে নৰেন্দ্ৰ মোদী ৷ সাধাৰণতে নৰেন্দ্ৰ মোদীয়ে এজন Dynamic প্ৰধানমন্ত্ৰী বুলি সকলোৱে জানে৷ নিজৰ কামৰ গতিশীলতাৰ বিষয়ে নৰেন্দ্ৰ মোদীয়ে দেশবাসীক বিভিন্ন সময়ত উমান দি আহিছে৷ এক অনানুষ্ঠানিক সূত্ৰমতে, নৰেন্দ্ৰ মোদীয়ে নিশা কেৱল ৪ ঘণ্টাহে শুৱে আৰু বাকী সময়খিনি তেওঁ কেৱল দেশৰ কামতেই উচৰ্গিত কৰে৷


এইবাৰ নৰেন্দ্ৰ মোদীয়ে তেওঁলোকৰ সাংসদসকলক উদ্দেশ্যি এক প্ৰকাৰৰ ধমক দিয়ে৷ সংসদত শীতকালীন অধিৱেশন চলি থকা সময়তে নৰেন্দ্ৰ মোদীয়ে সংসদসকলক শীতকালীন অধিৱেশনৰ কাৰ্যসূচীত নিয়মীয়াকৈ উপস্থিত থাকিবলৈ সতৰ্ক কৰি দিছে৷ তেওঁ কয়, ‘আপোনালোকে যদি নিজক সলনি নকৰে, তেনেহলে সময়ৰ লগে-লগে আপোনালোককো সলনি কৰি পেলোৱা হ’ব৷ সংসদতত আৰু সংসদীয় সমিতিৰ বৈঠকতসমূহত উপস্থিতি নিয়মীয়া কৰক৷ আপোনালোকক শিশুৰ দৰে একেৰাহে এই কথাবোৰ কৈ থকাটো মোৰ বাবেও ভাল লগা কথা নহয়৷ সংসদত অনুপস্থিত থকা অথবা অনিয়মীয় উপস্থিতিৰ ৰেকৰ্ড থকা বিজেপি সাংসদসকলৰ প্ৰতি এইদৰে কছোৰতা প্ৰদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে৷ এই বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বাণিজ্য মন্ত্ৰী পীয়ুষ গোৱেল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী উপস্থিত থাকে, তদুপৰি বিজেপি ৰাষ্ট্ৰীয় সভাপতি জে পি নড্ডাও উপস্থিত থাকে৷


উল্লেখ্য যে, সংসদৰ চলিত শীতকালীন অধিৱেশনত অগ্নিবৰ্ষা বিৰোধীৰ বিৰোধীৰ প্ৰত্যাহ্বানৰ সন্মুখীন হোৱাৰ পৰিপ্ৰেক্ষিতত প্ৰধানমন্ত্ৰীয়ে এই কঠোৰ নিৰ্দেশনা জাৰি কৰিছে৷ সাংসদসকলক উদ্দেশ্যি মোদীৰ পৰামৰ্শ সূৰ্য নমস্কাৰ কৰি সংসদত উপস্থিত হোৱাক লৈ নিজৰ মাজত প্ৰতিযোগিতা কৰক৷ ইয়াৰ ফলত আপোনালোক সকলোৱে সুস্থ হৈ থাকিব৷ প্ৰধানমন্ত্ৰীয়ে তেওলোকৰ সাংসদসকলক নিজৰ নিৰ্বাচনী এলেকাত খেলা-ধূলা ক্ৰীয়া অনুষ্ঠান পাতিবলৈকো নিৰ্দেশনা দিয়ে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ