--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেখাত অতি আড়ম্বৰপূৰ্ণ ৰূপত চলিছে ৰাজ্যৰ চৰকাৰ, প্ৰশাসন। নিত্য নতুন আঁচনিৰ চমক, চমক লগা চৰকাৰী কাৰ্যসূচী, ৰাজ্যৰ প্ৰান্তে প্ৰান্তে কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ ৰাজকীয় কাৰ্যসূচী। বিলাসবহুল কাৰ্যসূচী, হেলিকপ্টাৰ, চাৰ্টাৰ্ড বিমানৰ সঘন উৰণ আদিয়ে ৰাজ্যৰ ৰাজকোষৰ অতি স্বচ্ছল অৱস্থাৰ কথাকে ইংগিত দিয়ে। বহু সময়ত চৰকাৰে নিজেও ৰাজ্যৰ আৰ্থিক স্বচ্ছলতাৰ কথা সজোৰে উত্থাপন কৰি আহিছে। কিন্তু বাস্তৱত কি ঘটিছে? ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা সঁচাকৈয়ে ইমান সচ্ছল আৰু উভৈনদী হৈ আছেনে? ৰাজ্য ৰাজকোষত চৰকাৰে এতিয়া কৰি থকাৰ দৰে সোঁৱে-বাৱে খৰচ কৰিব পৰাকৈ ধন আছেনে? এই প্ৰশ্নৰ উত্তৰ বিচাৰিলেই কিন্তু চৰকাৰে দেখুৱাব খোজা ছবিখনৰ এখন বিপৰীত ছবি চকুৰ সন্মুখত ভাঁহি উঠে। এই ছবিখন কিন্তু বৰ সুখকৰ নহয়। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে মাত্ৰ ছমাহৰ ভিতৰতে বৃহৎ পৰিমাণৰ ঋণ গ্ৰহণ কৰা আৰু ৰাজ্য জনগণৰ মূৰৰ ওপৰত দিনে দিনে ঋণৰ বোজা বাঢ়ি হৈ থকাটোৱে এতিয়া চৰকাৰৰ আড়ম্বৰপূৰ্ণতাৰ বিপৰীত ছবি এখন তুলি ধৰিছে। শেহতীয়াকৈ পোহৰলৈ আহিছে ৰাজ্যৰ অৰ্থনীতিৰ নাজল-নাথল অৱস্থাৰ এখন জীয়া ছবি। চৰকাৰে লোকলজ্জা ঢাকিবলৈ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ দা-দৰমহা আদায় দি আছে যদিও সেয়াই এখন ৰাজ্যৰ অৰ্থনৈতিক অৱস্থাৰ সুস্থিৰতাক প্ৰতিফলিত নকৰে। বিভিন্ন উন্নয়নমূলক কামৰ অগ্ৰগতি আদিয়ো এইক্ষেত্ৰত নিসন্দেহে চৰ্চালৈ আনিবলগীয়া বিষয়। কিন্তু কথা হ’ল ৰাজ্যত এতিয়া উন্নয়নমূলক কাম-কাজ আৰু আঁচনিৰ সফল ৰূপায়ন হৈছে নে নাই সেই প্ৰশ্ন উত্থাপন কৰাৰ সময়তে পোহৰলৈ আহিছে ভালেমান উদ্বেগজনক তথ্য।


জানিব পৰা মতে, চৰকাৰে এতিয়া বিধায়ক পুঁজি মোকলাই দিয়া নাই, যাৰবাবে বিভিন্ন আঁচনিৰ সফল ৰূপায়ন হৈ পৰিছে বাধাগ্ৰস্ত। আঁচনিৰ সা-সুবিধাৰপৰা বঞ্চিত হ’বলগীয়া হৈছে হিতাধিকাৰীসকলো। কেৱল ইমানতে ৰাজ্যৰ বিত্ত বিভাগৰ ব্যৰ্থকা সীমাবদ্ধ হৈ থকা নাই, বৰং এইবাৰ বিভিন্ন জিলালৈ চৰকাৰে ধন মঞ্জুৰ নকৰাত সমস্যাৰ সন্মুখীন হৈছে বিভিন্ন জিলাৰ প্ৰশাসন। জানিব পৰা মতে জিলা উপায়ুক্তকে ধৰি প্ৰশাসনৰ অন্যান্য পদাধিকাৰীসকলে ব্যৱহাৰ কৰা বাহনৰ তেলৰ দাম দিবলৈও অপাৰগ হৈছে বিভিন্ন জিলাৰ প্ৰশাসন। যাৰ ফলত বিভিন্ন বিভাগীয় কাম-কাজ ব্যাহত হৈ পৰাৰ উপক্ৰম ঘটিছে। তেলৰ আদায় দিবলৈ বাকী থকা দাম পৰিশোধ কৰিবলৈ অপাৰগ হোৱাৰ পৰিপ্ৰেক্ষিতত নলবাৰী জিলাৰ ভালেকেইটা তেল ডিপোই জিলা প্ৰশাসনক তেলৰ যোগান ধৰা বন্ধ কৰি দিয়া বুলি জানিব পৰা গৈছে। জিলাখনৰ প্ৰশাসনে এতিয়া মাত্ৰ এটা ডিপোৰ পৰাহে তেল সংগ্ৰহ কৰি আছে। জিলা প্ৰশাসনক তেলৰ যোগান ধৰি আছে কেৱল এটা তেল ডিপোৱেহে।

জিলাখনৰ ভেলামাৰী তেল ডিপোক বাদ দি আছাম অটো এজেন্সি, আনোৱাৰ ডীপো, বিলাসৰায়, বালাজী, ডেকা এজেন্সি, প্ৰমিলা তেল ডিপো আদিয়ে জিলা প্ৰশাসনক তেলৰ যোগান ধৰা বন্ধ কৰি দিছে। এই ডিপোকেইটাক জিলা প্ৰশাসনে প্ৰায় ২০ লাখ টকা আদায় দিবলৈ আছে বুলি জানিব পৰা গৈছে। তিনিলাখৰো অধিক টকা দিবলৈ থকাৰ পাছতো কেৱল ভেলামাৰী ডিপোৱেহে তেল যোগান ধৰি আছে জিলা প্ৰশাসনক। উল্লিখিত ডিপোসমূহৰ একোটাক জিলা প্ৰশাসনে প্ৰায় চাৰি লাখৰপৰা ৮৭হাজাৰ টকালৈ দিবলৈ বাকী আছে প্ৰশাসনে। জিলা প্ৰশাসনৰ এনে কপৰ্দকশূন্য পৰিস্থিতিৰ কাৰণ হৈছে চৰকাৰে জিলাসমূহলৈ ধনৰ যোগান নধৰাটো। জিলা এখন চলিবলৈ ধনৰ যোগান ধৰিব নোৱৰা পৰিস্থিতি হোৱটোৱেও চৰকাৰৰ ধোঁৱাখুলীয়া মনোভাব সলনি কৰিব নোৱৰাটো ৰাজ্যৰ বাবে অশুভ লক্ষণ বিবেচিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
তৎকাল টিকট বুকিঙৰ নিয়ম সলনি: ১ জুলাইৰ পৰা IRCTC একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক
আধাৰ কাৰ্ড থাকিলেও হ’ব পাৰে ডাঙৰ সমস্যা! শীঘ্ৰেই কৰক এই কাম...
ৰাজা ৰঘুবংশী কাণ্ডত সঞ্জয় বৰ্মাৰ এন্ট্ৰি, কি সংযোগ সোণমৰ সৈতে...
যুৱচামৰ মাজতো বাঢ়িছে বাতবিষৰ সমস্যা
এইবাৰ ইণ্ডিগ' বিমানত বিপত্তি; লেহগামী বিমান পুনৰ উভতিল দিল্লীলৈ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত