--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু অনিবাৰ্য বুলি অনুভৱ কৰা স্বত্বেও, এজন যাত্ৰীয়ে নেপালত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগৰ মুহূৰ্তটোৰ দৃশ্য বন্দী কৰিছিল। দেওবাৰে পুৱা পোখৰা বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক আগতে ৭২ জন যাত্ৰীৰ সৈতে ইয়েতি এয়াৰলাইনছৰ এটিআৰ-৭২ বিমানখন  দুৰ্ঘটনাগ্ৰস্ত হয়।

উদ্ধাৰকাৰীসকলে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষৰ মাজত  এটা মোবাইল ফোন বিচাৰি পাইছে। আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঠিক আগতে  সেই মোবাইল ফোনটোৰেই এজন যাত্ৰীয়ে ভয়ংকৰ সময় খিনি ধৰি ৰাখিছিল৷ ভিডিঅ'টো চাই এতিয়া সকলোৱে শোকাহত হৈ পৰিছে৷ 

ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত,এজন যাত্ৰীক বিমানখনৰ ভিতৰত সহযাত্ৰীসকলৰ অন্তিম মুহূৰ্তটো কেমেৰাত বন্দী কৰা দেখা গৈছে। বিমানখন অৱতৰণ কৰাৰ আগতে তেওঁ খিৰিকীৰে  গোটেই চহৰখনৰ ফটোও তুলিছিল। কিন্তু হঠাতে বিস্ফোৰণৰ শব্দই বিমানখন কঁপাই তুলিলে। ফোনটো অজ্ঞাত যাত্ৰীৰ হাতৰ পৰা পৰি গৈছিল। ভিডিঅ'টোৰ শেষৰ কেইছেকেণ্ডত, খিৰিকীৰ বাহিৰত প্ৰচণ্ড জুইশিখা আৰু যাত্ৰীসকলৰ কান্দোন শুনা গৈছে।

বিমান দুৰ্ঘটনাৰ কিছুমান ভিডিঅ' মাটিৰ পৰাও লোৱা হৈছিল। য'ত দেখা গৈছে যে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল৷ ভিডিঅ'টো ভাৰতৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে  নেপালৰ প্ৰাক্তন সাংসদ আৰু নেপালী কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অভিষেক প্ৰতাপ শ্বাহে। তেওঁ কৈছে যে তেওঁ এজন বন্ধুৰ পৰা ভিডিঅ'টো পাইছে আৰু ভিডিঅ'টো বিমানখনৰ ধ্বংসাৱশেষৰ ওচৰত পৰি থকা এটা মোবাইল ফোনত পোৱা গৈছিল।

প্ৰতিবেদন প্ৰকাশ কৰাৰ সময়লৈকে ঘটনাটোত প্ৰায় ৬৮ জন লোক নিহত হৈছে। দুৰ্ভাগ্যজনক বিমানখনত পাঁচজন ভাৰতীয় যাত্ৰীও আছিল। তেওঁলোক আটাইকেইজন উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা আছিল। তেওঁলোকৰ মাজৰে এজন, চনু জয়ছোৱালে ভিডিঅ'টো ৰেকৰ্ডিং কৰিছিল। চনুকে ধৰি মুঠ পাঁচজন ভাৰতীয় বিমান খনত আছিল। তেওঁলোক আটাইকেইজন উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা। দুৰ্ঘটনাটোত চনুৰো মৃত্যু ঘটিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ