--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যু অনিবাৰ্য বুলি অনুভৱ কৰা স্বত্বেও, এজন যাত্ৰীয়ে নেপালত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ আগৰ মুহূৰ্তটোৰ দৃশ্য বন্দী কৰিছিল। দেওবাৰে পুৱা পোখৰা বিমানবন্দৰত অৱতৰণ কৰাৰ ঠিক আগতে ৭২ জন যাত্ৰীৰ সৈতে ইয়েতি এয়াৰলাইনছৰ এটিআৰ-৭২ বিমানখন  দুৰ্ঘটনাগ্ৰস্ত হয়।

উদ্ধাৰকাৰীসকলে দুৰ্ঘটনাগ্ৰস্ত বিমানখনৰ ধ্বংসাৱশেষৰ মাজত  এটা মোবাইল ফোন বিচাৰি পাইছে। আৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ ঠিক আগতে  সেই মোবাইল ফোনটোৰেই এজন যাত্ৰীয়ে ভয়ংকৰ সময় খিনি ধৰি ৰাখিছিল৷ ভিডিঅ'টো চাই এতিয়া সকলোৱে শোকাহত হৈ পৰিছে৷ 

ভিডিঅ'টো ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত,এজন যাত্ৰীক বিমানখনৰ ভিতৰত সহযাত্ৰীসকলৰ অন্তিম মুহূৰ্তটো কেমেৰাত বন্দী কৰা দেখা গৈছে। বিমানখন অৱতৰণ কৰাৰ আগতে তেওঁ খিৰিকীৰে  গোটেই চহৰখনৰ ফটোও তুলিছিল। কিন্তু হঠাতে বিস্ফোৰণৰ শব্দই বিমানখন কঁপাই তুলিলে। ফোনটো অজ্ঞাত যাত্ৰীৰ হাতৰ পৰা পৰি গৈছিল। ভিডিঅ'টোৰ শেষৰ কেইছেকেণ্ডত, খিৰিকীৰ বাহিৰত প্ৰচণ্ড জুইশিখা আৰু যাত্ৰীসকলৰ কান্দোন শুনা গৈছে।

বিমান দুৰ্ঘটনাৰ কিছুমান ভিডিঅ' মাটিৰ পৰাও লোৱা হৈছিল। য'ত দেখা গৈছে যে বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিল৷ ভিডিঅ'টো ভাৰতৰ সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰিছে  নেপালৰ প্ৰাক্তন সাংসদ আৰু নেপালী কংগ্ৰেছৰ কেন্দ্ৰীয় সমিতিৰ সদস্য অভিষেক প্ৰতাপ শ্বাহে। তেওঁ কৈছে যে তেওঁ এজন বন্ধুৰ পৰা ভিডিঅ'টো পাইছে আৰু ভিডিঅ'টো বিমানখনৰ ধ্বংসাৱশেষৰ ওচৰত পৰি থকা এটা মোবাইল ফোনত পোৱা গৈছিল।

প্ৰতিবেদন প্ৰকাশ কৰাৰ সময়লৈকে ঘটনাটোত প্ৰায় ৬৮ জন লোক নিহত হৈছে। দুৰ্ভাগ্যজনক বিমানখনত পাঁচজন ভাৰতীয় যাত্ৰীও আছিল। তেওঁলোক আটাইকেইজন উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা আছিল। তেওঁলোকৰ মাজৰে এজন, চনু জয়ছোৱালে ভিডিঅ'টো ৰেকৰ্ডিং কৰিছিল। চনুকে ধৰি মুঠ পাঁচজন ভাৰতীয় বিমান খনত আছিল। তেওঁলোক আটাইকেইজন উত্তৰ প্ৰদেশৰ গাজীপুৰৰ বাসিন্দা। দুৰ্ঘটনাটোত চনুৰো মৃত্যু ঘটিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা