--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বহুদিনীয়া সপোন পূৰণ হ’বলৈ বাকী আছিল মাত্ৰ কেইটামান ছেকেণ্ড। কিন্তু তাৰ আগতেই সকলো শেষ হৈ গ’ল। কালি দুৰ্ঘটনাত পতিত নেপালৰ বিমান খনৰ সহ-পাইলট অঞ্জু খাতিবাদাৰ পাইলট হোৱাৰ সপোন পূৰণ নহ’ল। মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে তেওঁৰ সপোন থানবান হৈ গ’ল। 

এক শোকাৱহ দুৰ্ঘটনাই কাঢ়ি লৈ গ’ল সকলো।   নেপালৰ পোখৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ সহ-পাইলট আছিল অঞ্জু খাতিবাদা। যদি তেওঁ এই বিমানখনৰ সেই দিনাৰ উৰণ  সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন তেন্তে তেওঁ সহ-পাইলটৰ পৰা  পাইলট পদলৈ পদোন্নতি পালেহেঁতেন। সেয়ে সপোন পূৰণ হোৱাৰ আশাত তেওঁ উদগ্ৰীৱ হৈ পৰিছিল। কিন্তু তেওঁ চলাই থকা বিমান খনে হঠাতে তেওঁৰ নিৰ্দেশ নমনা হৈ পৰিছিল। মাতাল লোকৰ দৰে বিমানখনে যেনি-তেনি গতি কৰিবলৈ লৈছিল। এটা সময়ত অগ্নিকুণ্ডত পৰিণত হৈছিল বিমান খন। সেই দুৰ্ঘটনাতে চিৰদিনৰ বাবে চকু মুদিছিল সহ-পাইলট অঞ্জু খাতিবাদায়েও। 
১৬  বছৰ আগতে অঞ্জু খাতিবাদাই একেধৰণৰ বিমান দুৰ্ঘটনাত তেওঁৰ স্বামী দীপক পোখৰেলক হেৰুৱাইছিল। তেওঁৰ স্বামীও ইয়েতি বিমান এখনৰেই  সহ-পাইলট আছিল।
স্বামীৰ মৃত্যুৰ পিছত অঞ্জুৱে স্বামীৰ অসম্পূৰ্ণ সপোন পূৰণ কৰিবলৈ  আমেৰিকালৈ গৈছিল আৰু পাইলটৰ প্ৰশিক্ষণ লৈছিল। উভতি অহাৰ পিছততেওঁ ইয়েতি এয়াৰলাইনছত যোগদান কৰিছিল। দেওবাৰে, সপোন পূৰণৰ পূবেই সহ-পাইলট অঞ্জু খাতিবাদাৰ জীৱন বন্তি নুমাই যায়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে