--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা বহুদিনীয়া সপোন পূৰণ হ’বলৈ বাকী আছিল মাত্ৰ কেইটামান ছেকেণ্ড। কিন্তু তাৰ আগতেই সকলো শেষ হৈ গ’ল। কালি দুৰ্ঘটনাত পতিত নেপালৰ বিমান খনৰ সহ-পাইলট অঞ্জু খাতিবাদাৰ পাইলট হোৱাৰ সপোন পূৰণ নহ’ল। মাত্ৰ কেইছেকেণ্ডমানৰ ভিতৰতে তেওঁৰ সপোন থানবান হৈ গ’ল। 

এক শোকাৱহ দুৰ্ঘটনাই কাঢ়ি লৈ গ’ল সকলো।   নেপালৰ পোখৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ সহ-পাইলট আছিল অঞ্জু খাতিবাদা। যদি তেওঁ এই বিমানখনৰ সেই দিনাৰ উৰণ  সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন তেন্তে তেওঁ সহ-পাইলটৰ পৰা  পাইলট পদলৈ পদোন্নতি পালেহেঁতেন। সেয়ে সপোন পূৰণ হোৱাৰ আশাত তেওঁ উদগ্ৰীৱ হৈ পৰিছিল। কিন্তু তেওঁ চলাই থকা বিমান খনে হঠাতে তেওঁৰ নিৰ্দেশ নমনা হৈ পৰিছিল। মাতাল লোকৰ দৰে বিমানখনে যেনি-তেনি গতি কৰিবলৈ লৈছিল। এটা সময়ত অগ্নিকুণ্ডত পৰিণত হৈছিল বিমান খন। সেই দুৰ্ঘটনাতে চিৰদিনৰ বাবে চকু মুদিছিল সহ-পাইলট অঞ্জু খাতিবাদায়েও। 
১৬  বছৰ আগতে অঞ্জু খাতিবাদাই একেধৰণৰ বিমান দুৰ্ঘটনাত তেওঁৰ স্বামী দীপক পোখৰেলক হেৰুৱাইছিল। তেওঁৰ স্বামীও ইয়েতি বিমান এখনৰেই  সহ-পাইলট আছিল।
স্বামীৰ মৃত্যুৰ পিছত অঞ্জুৱে স্বামীৰ অসম্পূৰ্ণ সপোন পূৰণ কৰিবলৈ  আমেৰিকালৈ গৈছিল আৰু পাইলটৰ প্ৰশিক্ষণ লৈছিল। উভতি অহাৰ পিছততেওঁ ইয়েতি এয়াৰলাইনছত যোগদান কৰিছিল। দেওবাৰে, সপোন পূৰণৰ পূবেই সহ-পাইলট অঞ্জু খাতিবাদাৰ জীৱন বন্তি নুমাই যায়। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
হৰমুজ প্রণালীক লৈ আমেৰিকাক চৰ্ত আৰোপ ইৰানৰ; গুৰুত্বপূৰ্ণ জলপথটোৰ মুকলিত পুনৰ অনিশ্চয়তা
পাহাৰৰ মাটি কটাৰ ভয়ংকৰ পৰিণতি! ৰঙা মাটি-পানীয়ে বুৰালে হাতীশিলা গণেশ মন্দিৰ
আৰক্ষী আৰু আছাম ৰাইফলছৰ যৌথ অভিযানত কাছাৰৰ বদৰপুৰ ঘাটত ১৩ কোটি টকাৰ ড্ৰাগছ জব্দ; এজনক গ্ৰেপ্তাৰ
১২ আগষ্টত ঘটিব ৩টা মহাজাগতিক ঘটনা
প্রলয়ংকৰী বানত পোত গ’ল উজনিৰ ৪ জিলাৰ হাজাৰ হাজাৰ বিঘা খেতিপথাৰ
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ