--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০১৫ চনৰ ভয়াৱহ স্মৃতি পুনৰ  ঘূৰি আহিছে নেপাললৈ । শুকুৰবাৰে নিশা হোৱা শক্তিশালী  ভূমিকম্পত ভাৰতৰ চুবুৰীয়া দেশ  নেপাল কঁপি উঠিছিল। এতিয়ালৈকে, ভূমিকম্পত নিহত লোকৰ সংখ্যা ১২৮ গৰাকীলৈ বৃদ্ধি হৈছে। নেপালৰ প্ৰধানমন্ত্ৰী পুষ্প কমল দাহাল ওৰফে প্ৰচণ্ডই ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শনৰ বাবে ৰাওনা হৈছে। 


আহতৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাই গৈছে। কৰ্তৃপক্ষই আশংকা কৰিছে যে মৃতকৰ  সংখ্যা আৰু বৃদ্ধি পাব পাৰে। নেপালৰ ভূমিকম্পৰ প্ৰভাৱ ইমানে শক্তিশালী আছিল  যে ইয়াৰ প্ৰভাৱ দূৰৱৰ্তী দিল্লী-কলকাতাতো অনভূত হৈছিল। উত্তৰ ভাৰতৰ বৃহৎ অংশতো কম্পন অনুভৱ কৰা হৈছিল।  নেপাল প্ৰশাসনে প্ৰকাশ কৰা মতে ভূমিকম্পৰ ফলত ৰুকুম জিলা আৰু জাজাৰকোট আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। কেৱল ৰুকুমত কমেও ৩৬ জন লোকে প্ৰাণ হেৰুৱাইছে। ৰুকুম পশ্চিমৰ মুখ্য জিলা বিষয়া হৰিপ্ৰসাদ পন্তে কয়  যে কমেও ৩০ জন লোক আহত হৈছে  আৰু তেওঁলোকক  স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। বহুতৰে অৱস্থা সংকটজনক। আতংকিত স্থানীয় লোকে কৈছে  যে ভূমিকম্পৰ প্ৰভাৱ ইমানেই শক্তিশালী  আছিল যে নিমিষতে  কেইবাটাও ঘৰ তাচপাতৰ  ঘৰৰ দৰে খহি পৰিছিল। বহু ঘৰত বহল ফাট মেলিছে। ইটা-কাঠ-চিমেণ্টৰ ধ্বংসস্তূপৰ তলত পোত গৈ  বহু লোকৰ মৃত্যু হৈছে।

উল্লেখ্য ২০১৫ চনৰ ২৫ এপ্ৰিলতো নেপালত ৭.৮ ৰিখটাৰ স্কেল প্ৰাবল্যৰ ভূমিকম্পই হাজাৰ হাজাৰ লোকৰ প্ৰাণ হানি ঘটাইছিল।   ভাৰতীয় সময় অনুসৰি সেইদিনা  দিনৰ ১১ বাজি ৪১ মিনিট ২৬ চেকেণ্ডত নেপাল, ভাৰত, পাকিস্তান, চীন, তিব্বত, বাংলাদেশকে ধৰি সমগ্ৰ দক্ষিণ এছিয়াক জোকাৰি গৈছিল। কথা হ’ল ভূমিকম্প কিয় হয়? নেপাল কিয় ইমান ভূমিকম্প প্ৰৱণ?দৰাচলতে পৃথিবী মূলতঃ চাৰিটা স্তৰেৰে গঠিত। ভিতৰৰ কোৰ (Inner core) বাহিৰৰ কোৰ (Outer core) । ওপৰৰ মেণ্টেল কোৰক  লিথ’স্ফিয়াৰ বোলা হয়। ৫০ কিলোমিটাৰ ডাঠ এই স্তৰটো কেইবাটাও ভাগত বিভক্ত কৰা হৈছে যাক টেকটনিক প্লেট বুলি কোৱা হয়। পৃথিৱীৰ ভিতৰত ৭ খন প্লেট থাকে, যিবোৰ অহৰহ লৰচৰ কৰি  থাকে। যেতিয়া এই প্লেটবোৰে বেছিকৈ গতি কৰে তেতিয়াই ভূমিকম্প হ’ব পাৰে। 

ভূমিকম্পৰ তীব্ৰতা  ৰিখটাৰ স্কেলৰ দ্বাৰা জুখিব পাৰি। ইয়াক ৰিখটাৰ মেগনিটুড টেষ্ট স্কেল বোলা হয়। ৰিখটাৰ স্কেলত ১ৰ পৰা ৯ লৈকে ভূমিকম্পৰ জোখ লোৱা- হয়। ইয়াৰ উপকেন্দ্ৰ অৰ্থাৎ কেন্দ্ৰৰ পৰা ভূমিকম্প জুখিব পাৰি। ইয়াৰ জড়িয়তে ভূমিকম্পৰ সময়ত পৃথিৱীৰ ভিতৰৰ পৰা নিৰ্গত হোৱা শক্তিৰ তীব্ৰতা জুখিব পাৰে। এই তীব্ৰতাই ভূমিকম্পৰ কম্পনৰ পৰিমাণৰ ধাৰণা দিয়ে। ভূমিকম্পৰ তীব্ৰতা অনুমান কৰা হয় কেন্দ্ৰৰ পৰা নিৰ্গত হোৱা শক্তিৰ তৰংগৰ দ্বাৰা। এই তৰংগবোৰে শ শ কিলোমিটাৰ কম্পন কৰি পৃথিৱীত ফাট মেলাব পাৰে।ভূমিকম্পৰ কেন্দ্ৰবিন্দু হ'ল সেই ঠাই য'ৰ ঠিক তলত প্লেটবোৰৰ গতিৰ ফলত ভূতাত্ত্বিক শক্তি নিৰ্গত হয় । ভূমিকম্পৰ কম্পন সেই ঠাইতে বেছি হয়। যদি  ৭ বা ততোধিক  মাত্ৰাৰ ভূমিকম্প হয়, তেন্তে ৪০ কিলোমিটাৰ ব্যাসৰ  ভিতৰত কম্পন তীব্ৰতৰ হয়।মধ্য এছিয়াৰ ভাৰতীয় টেকটনিক প্লেটৰ সৈতে চীনা প্লেটৰ নিৰন্তৰ সংঘৰ্ষৰ বাবে নেপালৰ পৰ্বতবোৰ সৃষ্টি হৈছিল বুলি ভূ-বিজ্ঞানীসকলে কৈ আহিছে। পৃথিৱীৰ ভূত্বকৰ দুখন  বিশাল প্লেট  এতিয়াও বছৰত ৪ ৰ পৰা ৫ চেণ্টিমিটাৰ সিটোৱে সিটোৰ কাষ চাপি আহি  আছে।

ব্ৰিটিছ অপেন ইউনিভাৰ্চিটিৰ  ভূবিজ্ঞানৰ অধ্যাপক ডেভিদ ৰোথেৰীয়ে কয়, "হিমালয় পৰ্বতমালাই নিৰন্তৰ ভাৰতীয় প্লেটখন ঠেলি আছে, যাৰ ফলত দুইৰ পৰা তিনিটা বিশাল খাদৰ সৃষ্টি হৈছে। সচৰাচৰ ভূমিকম্প  এই খাদবোৰৰ  স্থানচ্যুত হোৱাৰ বাবে হৈ আহিছে। সাধাৰণতে নেপালৰ ভূগৰ্ভতেই হিমালয়ৰ তেনে খাদসমূহ আছে । "



FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ