--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভূমিকম্পই কঁপালে হিমালয়ৰ কোলাত অৱস্থিত নেপালক। শুকুৰবাৰে নিশা ১১:৩২ বজাত নেপালত অনুভূত হোৱা ভূমিকম্পৰ প্ৰকৃত ক্ষয়-ক্ষতিৰ ছবি খন পুৱাহে পোহৰলৈ আহে।  ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল কাঠমাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম আৰু উত্তৰ-পশ্চিমত অৱস্থিত ভূগৰ্ভত । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল ভাৰতৰ  উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পৰা ২০৮ কিলোমিটাৰ, যোশীমঠৰ পৰা ৩১৭ কিলোমিটাৰ, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ২৫৩ কিলোমিটাৰ আৰু অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ দূৰৈত।

ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীকে ধৰি বহু ঠাইত ভূমিকম্পৰ কঁপনি অনুভূত হয়। যোৱা নিশা সংঘটিত শক্তিশালী ভূমিকম্পৰ ফলত নেপালত বহু ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে। এতিয়ালৈকে ৭০ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভূমিকম্পত শতাধিক লোক আহত হৈছে। আহত বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।   ভূমিকম্পই  উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলক জোকাৰি গৈছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৪ আছিল।এতিয়ালৈকে ভাৰতত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। নেপালৰ স্থানীয় প্ৰশাসনৰ মতে, ভূমিকম্পই বহু ঠাইৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি দিছে।  উদ্ধাৰ অভিযান নিশাৰ পৰাই আৰম্ভ হৈছে।  ভূমিকম্পত  আহতসকলক নেপালৰ বিভিন্ন  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

ভাৰতীয় ৰাষ্ট্ৰীয় ভূতাত্ত্বিক বিজ্ঞান  কেন্দ্ৰৰ মতে, শুকুৰবাৰে নিশা ১১:৩২ বজাত নেপালত ভূমিকম্প অনুভূত  হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম আৰু উত্তৰ-পশ্চিমত অৱস্থিত জাজাৰকোটত আছিল। ভূমিকম্পটো ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰত উৎপত্তি হৈছিল। 

নেপালে যোৱা এমাহত তিনিটা শক্তিশালী ভূমিকম্প অনুভৱ কৰিছে। ২০১৫ চনত নেপালত এক ভয়ংকৰ ভূমিকম্প হৈছিল। সেই ভূমিকম্পত প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল। ভূমিকম্পত প্ৰায় ২২,০০০ লোক আহত হৈছিল। যোৱা নিশাৰ ভূমিকম্পই নেপালবাসীৰ  মনত ২০১৫ চনৰ ত্ৰাস পুনৰ  জাগ্ৰত কৰি তুলিছে। নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে যে প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে উদ্ধাৰ অভিযানৰ তদাৰকী কৰি আছে।  উদ্ধাৰ অভিযানত দেশ খনৰ সেনাক ব্যৱহাৰ কৰা হৈছে। 
 
যোৱা নিশাৰ ভূমিকম্পৰ ফলত নেপালৰ ৰুকুম জিলাত বহু ঘৰ খহি পৰিছে। ইফালে, ভূমিকম্পৰ পিছতে  জাজাৰকোট গাঁৱত ধ্বংসলীলা সংঘটিত হৈছে।  এই গাওঁখনত বহু লোকে  বাস কৰে।  নিশাই জাজাৰকোটৰ জিলা বিষয়া সুৰেশ কুমাৰ চুনাৰে সংবাদমাধ্যমক কয় যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। বহুতো লোকক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলিও তেওঁ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
পৰকীয়া প্ৰেম! বিবাহিতা মহিলাৰ মুখত বিস্ফোৰক পাউডাৰ ঢালি দি হত্যা কৰিলে প্ৰেমিকে
হানীট্ৰেপিঙৰ চিকাৰ প্ৰতিষ্ঠিত সুৰা ব্যৱসায়ী! ৫ পৃষ্ঠাৰ ছুইচাইড নোট লিখি চৰম পন্থা গ্ৰহণ
৩১ আগষ্টত জিনপিঙৰে দ্বিপাক্ষিক বৈঠক প্রধানমন্ত্রী মোদীৰ
নির্বাচনী ডংকা বজাবলৈ আহিল অমিত শ্বাহ
আই এম এফৰ কাৰ্যবাহী সঞ্চালক হিচাপে নিযুক্তি আৰ বি আইৰ প্ৰাক্তন গৱৰ্ণৰ উৰ্জিত পেটেলক
ভাৰতীয় দম্পতীক তিনিটাকৈ সন্তান জন্ম দিয়াৰ আহ্বান
যৌতুকৰ বাবে মহিলাৰ মৃত্যু! ওলমি থকা অৱস্থাত উদ্ধাৰ সন্তানসম্ভৱা ইঞ্জিনীয়াৰৰ শৱদেহ
অসম চৰকাৰৰ উদ্যোগত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান