--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ভূমিকম্পই কঁপালে হিমালয়ৰ কোলাত অৱস্থিত নেপালক। শুকুৰবাৰে নিশা ১১:৩২ বজাত নেপালত অনুভূত হোৱা ভূমিকম্পৰ প্ৰকৃত ক্ষয়-ক্ষতিৰ ছবি খন পুৱাহে পোহৰলৈ আহে।  ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল কাঠমাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম আৰু উত্তৰ-পশ্চিমত অৱস্থিত ভূগৰ্ভত । ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল ভাৰতৰ  উত্তৰাখণ্ডৰ পিথোৰাগড়ৰ পৰা ২০৮ কিলোমিটাৰ, যোশীমঠৰ পৰা ৩১৭ কিলোমিটাৰ, উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ২৫৩ কিলোমিটাৰ আৰু অযোধ্যাৰ পৰা ২২৭ কিলোমিটাৰ দূৰৈত।

ভাৰতৰ ৰাজধানী চহৰ নতুন দিল্লীকে ধৰি বহু ঠাইত ভূমিকম্পৰ কঁপনি অনুভূত হয়। যোৱা নিশা সংঘটিত শক্তিশালী ভূমিকম্পৰ ফলত নেপালত বহু ঘৰ ধ্বংসপ্ৰাপ্ত হৈছে। এতিয়ালৈকে ৭০ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে। ভূমিকম্পত শতাধিক লোক আহত হৈছে। আহত বহুতৰে অৱস্থা সংকটজনক হোৱালৈ চাই নিহতৰ সংখ্যা বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।   ভূমিকম্পই  উত্তৰ ভাৰতৰ বৃহৎ অঞ্চলক জোকাৰি গৈছিল। ভূমিকম্পৰ প্ৰাবল্য ৰিখটাৰ স্কেলত ৬.৪ আছিল।এতিয়ালৈকে ভাৰতত কোনো লোক হতাহত হোৱাৰ খবৰ পোৱা হোৱা নাই। নেপালৰ স্থানীয় প্ৰশাসনৰ মতে, ভূমিকম্পই বহু ঠাইৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰি দিছে।  উদ্ধাৰ অভিযান নিশাৰ পৰাই আৰম্ভ হৈছে।  ভূমিকম্পত  আহতসকলক নেপালৰ বিভিন্ন  চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। 

ভাৰতীয় ৰাষ্ট্ৰীয় ভূতাত্ত্বিক বিজ্ঞান  কেন্দ্ৰৰ মতে, শুকুৰবাৰে নিশা ১১:৩২ বজাত নেপালত ভূমিকম্প অনুভূত  হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ পৰা ৩৩১ কিলোমিটাৰ পশ্চিম আৰু উত্তৰ-পশ্চিমত অৱস্থিত জাজাৰকোটত আছিল। ভূমিকম্পটো ভূগৰ্ভৰ ১০ কিলোমিটাৰ গভীৰত উৎপত্তি হৈছিল। 

নেপালে যোৱা এমাহত তিনিটা শক্তিশালী ভূমিকম্প অনুভৱ কৰিছে। ২০১৫ চনত নেপালত এক ভয়ংকৰ ভূমিকম্প হৈছিল। সেই ভূমিকম্পত প্ৰায় ১০,০০০ লোকৰ মৃত্যু হৈছিল। ভূমিকম্পত প্ৰায় ২২,০০০ লোক আহত হৈছিল। যোৱা নিশাৰ ভূমিকম্পই নেপালবাসীৰ  মনত ২০১৫ চনৰ ত্ৰাস পুনৰ  জাগ্ৰত কৰি তুলিছে। নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কৈছে যে প্ৰধানমন্ত্ৰী পুষ্প কমল দাহালে উদ্ধাৰ অভিযানৰ তদাৰকী কৰি আছে।  উদ্ধাৰ অভিযানত দেশ খনৰ সেনাক ব্যৱহাৰ কৰা হৈছে। 
 
যোৱা নিশাৰ ভূমিকম্পৰ ফলত নেপালৰ ৰুকুম জিলাত বহু ঘৰ খহি পৰিছে। ইফালে, ভূমিকম্পৰ পিছতে  জাজাৰকোট গাঁৱত ধ্বংসলীলা সংঘটিত হৈছে।  এই গাওঁখনত বহু লোকে  বাস কৰে।  নিশাই জাজাৰকোটৰ জিলা বিষয়া সুৰেশ কুমাৰ চুনাৰে সংবাদমাধ্যমক কয় যে উদ্ধাৰ অভিযান আৰম্ভ কৰা হৈছে। বহুতো লোকক আঘাতপ্ৰাপ্ত অৱস্থাত চিকিৎসালয়লৈ লৈ যোৱা হৈছে বুলিও তেওঁ জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ