--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ প্ৰেক্ষাপটত প্ৰশান্ত কিশোৰ৷ বিগত এপ্ৰিলত নিৰ্বাচনী ৰণনীতিবিদগৰাকী কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰে একপ্ৰকাৰ দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছিল৷ পাছলৈ কিশোৰে নিজেই আঁতৰিছিল প্ৰেক্ষাপটৰ পৰা৷ কংগ্ৰেছৰ নেতৃত্ব সলনিৰ প্ৰসংগৰে ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতৃত্বৰ সৈতে কেইবালানিও বৈঠকত অংশ লৈছিল৷ 

প্ৰায় চাৰিমাহৰ অন্তত পুনৰ কংগ্ৰেছ নেতৃত্বৰে বৈঠকত মিলিত  হৈছে প্ৰশান্ত কিশোৰ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিক লৈ নিৰ্বাচনী ৰণনীতিবিদগৰাকীয়ে কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰে বৈঠক অনুষ্ঠিত কৰিছে৷ বিগত পাঁচ দিনৰ ভিতৰত কালি তৃতীয়বাৰৰ বাবে ছোনিয়া গান্ধীৰে ৰুদ্ধদ্বাৰ বৈঠকত অংশ লয় প্ৰশান্ত কিশোৰে৷

ছোনিয়া গান্ধীৰ দিল্লীস্থ বাসভৱনত প্ৰশান্ত কিশোৰৰে বৈঠকত অংশ লয় কংগ্ৰেছৰ জ্যেষ্ঠনেতা কমল নাথ, দিগ্বিজয় সিং, মুকুল ৱাছনিক, কেচি বেণুগোপাল, জয়ৰাম ৰমেশ, একে এন্থনী, অম্বিকা ছোনী আৰু ৰণদীপ সূৰ্যেৱালাই৷

পূৰ্বেও পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ওচৰত বিস্তৃত ৰণকৌশল দাখিল কৰিছিল প্ৰশান্ত কিশোৰে৷ কালিৰ বৈঠকৰ অন্তত কেচি বেণুগোপালে জনায় যে এসপ্তাহৰ ভিতৰত কংগ্ৰেছত প্ৰশান্ত কিশোৰৰ ভূমিকা কি হ’ব, সেয়া ৰাজহুৱা হ’ব৷ 

প্ৰশান্ত কিশোৰে পূৰ্বৰ বৈঠকত কংগ্ৰেছ নেতৃত্বৰ ওচৰত দাবী উত্থাপন কৰিছিল যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অৰ্থাৎ সভাপতি পদটোত গান্ধী পৰিয়ালৰ বাহিৰৰ নেতাক অধিষ্ঠিত কৰাব লাগে৷ আৰু সেই দাবী এটা পৰ্যায়লৈ মানি লৈছিল কংগ্ৰেছে৷ আৰু শেহতীয়াকৈ ৰাহুল গান্ধীয়ে নিজে সভাপতি পদত নাথাকে বুলি ঘোষণা কৰাৰ পাছত সলনি হৈছে পৰিবেশ৷

সভাপতি পদৰ বাবে অশোক গেহলট, ভূপেশ বাঘেল আৰু শচীন পাইলটৰ নাম উচ্চাৰিত হৈছে৷ এনে সময়তে বৈঠকত অংশ লৈছে প্ৰশান্ত কিশোৰে৷ নিঃসন্দেহে প্ৰশান্ত কিশোৰৰ এই বৈঠকে কংগ্ৰেছক এক নতুন মাত্ৰা দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু