--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ প্ৰেক্ষাপটত প্ৰশান্ত কিশোৰ৷ বিগত এপ্ৰিলত নিৰ্বাচনী ৰণনীতিবিদগৰাকী কংগ্ৰেছত যোগদান কৰিব বুলি ওলোৱা খবৰে একপ্ৰকাৰ দেশৰ ৰাজনীতিত খলকনিৰ সৃষ্টি কৰিছিল৷ পাছলৈ কিশোৰে নিজেই আঁতৰিছিল প্ৰেক্ষাপটৰ পৰা৷ কংগ্ৰেছৰ নেতৃত্ব সলনিৰ প্ৰসংগৰে ছোনিয়া গান্ধী আৰু কংগ্ৰেছ নেতৃত্বৰ সৈতে কেইবালানিও বৈঠকত অংশ লৈছিল৷ 

প্ৰায় চাৰিমাহৰ অন্তত পুনৰ কংগ্ৰেছ নেতৃত্বৰে বৈঠকত মিলিত  হৈছে প্ৰশান্ত কিশোৰ৷ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতিক লৈ নিৰ্বাচনী ৰণনীতিবিদগৰাকীয়ে কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীৰে বৈঠক অনুষ্ঠিত কৰিছে৷ বিগত পাঁচ দিনৰ ভিতৰত কালি তৃতীয়বাৰৰ বাবে ছোনিয়া গান্ধীৰে ৰুদ্ধদ্বাৰ বৈঠকত অংশ লয় প্ৰশান্ত কিশোৰে৷

ছোনিয়া গান্ধীৰ দিল্লীস্থ বাসভৱনত প্ৰশান্ত কিশোৰৰে বৈঠকত অংশ লয় কংগ্ৰেছৰ জ্যেষ্ঠনেতা কমল নাথ, দিগ্বিজয় সিং, মুকুল ৱাছনিক, কেচি বেণুগোপাল, জয়ৰাম ৰমেশ, একে এন্থনী, অম্বিকা ছোনী আৰু ৰণদীপ সূৰ্যেৱালাই৷

পূৰ্বেও পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ ওচৰত বিস্তৃত ৰণকৌশল দাখিল কৰিছিল প্ৰশান্ত কিশোৰে৷ কালিৰ বৈঠকৰ অন্তত কেচি বেণুগোপালে জনায় যে এসপ্তাহৰ ভিতৰত কংগ্ৰেছত প্ৰশান্ত কিশোৰৰ ভূমিকা কি হ’ব, সেয়া ৰাজহুৱা হ’ব৷ 

প্ৰশান্ত কিশোৰে পূৰ্বৰ বৈঠকত কংগ্ৰেছ নেতৃত্বৰ ওচৰত দাবী উত্থাপন কৰিছিল যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্ব অৰ্থাৎ সভাপতি পদটোত গান্ধী পৰিয়ালৰ বাহিৰৰ নেতাক অধিষ্ঠিত কৰাব লাগে৷ আৰু সেই দাবী এটা পৰ্যায়লৈ মানি লৈছিল কংগ্ৰেছে৷ আৰু শেহতীয়াকৈ ৰাহুল গান্ধীয়ে নিজে সভাপতি পদত নাথাকে বুলি ঘোষণা কৰাৰ পাছত সলনি হৈছে পৰিবেশ৷

সভাপতি পদৰ বাবে অশোক গেহলট, ভূপেশ বাঘেল আৰু শচীন পাইলটৰ নাম উচ্চাৰিত হৈছে৷ এনে সময়তে বৈঠকত অংশ লৈছে প্ৰশান্ত কিশোৰে৷ নিঃসন্দেহে প্ৰশান্ত কিশোৰৰ এই বৈঠকে কংগ্ৰেছক এক নতুন মাত্ৰা দিব পাৰে বুলি ধাৰণা কৰা হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ