--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অৰ্জুন কাপুৰ আৰু মালাইকা আৰোৰাৰ প্ৰেমকাহিনী সকলোৱে জানে। আৰবাজ খানৰ পৰা মালাইকাই ২০১৭ চনত বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ এই সম্পৰ্কত তীব্ৰ গতি লাভ কৰে। বিচ্ছেদৰ আগৰে পৰাই তেওঁলোকৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল, ডেটিঙো কৰিছিল।

সম্পৰ্কত ছলমান খানৰ নবৌয়েক আছিল মালাইকা। সেয়ে ককায়েক আৰবাজৰ স’তে বিচ্ছেদ কৰি অৰ্জুনৰ স’তে মালাইকাৰ প্ৰেমক লৈ অসন্তুষ্ট বলিউডৰ ভাইজান। তাৰ বহিঃপ্ৰকাশ ঘটিছিল ২০১৭ চনত।

২০১৭ চনত ছলমান আৰু অৰ্জুনে এটা অনুষ্ঠানত একেলগে অনুষ্ঠান পৰিৱেশন কৰাৰ কথা আছিল। কিন্তু অনুষ্ঠানটোত অৰ্জুনক দেখা পাই অসন্তুষ্টি প্ৰকাশ কৰে ছলমানে। শ্ব’টোৰ আয়োজকসকলক ছলমানে জনায় যে তেওঁ অৰ্জুনৰ সৈতে কোনো ধৰণে মুখামুখি হ’বলৈ ৰাজী নহয়।

নিজৰ অনুষ্ঠান পৰিৱেশনৰ পিছতে ছলমানে এক মুহূৰ্তও নষ্ট নকৰাকৈয়ে শ্ব’টো এৰি গুছি গৈছিল। ইয়াৰ পিছত অৰ্জুনৰ অনুষ্ঠান আৰম্ভ হয়। অৰ্জুনৰ পেছাদাৰী দলৰ পৰাও দূৰত্ব বজাই ৰাখিছিল ছলমানে।

কিন্তু এটা সময়ত দুয়োৰে মাজত ভাল সম্পৰ্ক আছিল। 'বম্বে টাইমছ’ক দিয়া এক সাক্ষাৎকাৰত অৰ্জুনে ছলমানৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুকলিকৈ কয়। তেওঁ কয় যে ছলমানৰ সৈতে তেওঁৰ প্ৰথম যোগাযোগ ঘটিছিল ‘মেইনে প্যাৰ কিউ কিয়া’ ছবিৰ চেটত। তেতিয়া অৰ্জুনৰ বয়স আছিল ১৮ বছৰ। সেই সময়ত তেওঁ ছলমানৰ ভগ্নী অৰ্পিতাৰ লগত সম্পৰ্কত আছিল অৰ্জুন।

কিন্তু অৰ্পিতাৰ সৈতে থকা সম্পৰ্কৰ কথা খান পৰিয়ালৰ লোকক ক’ব নোৱাৰিলে অৰ্জুনে। সাক্ষাৎকাৰত তেওঁ কয় যে তেওঁ ছলমানক বহুত ভয় কৰিছিল। কিন্তু সকলো ভয় কাটি-কৰি অৰ্জুনে ছলমানৰ ঘৰত অৰ্পিতাৰ স’তে সম্পৰ্ক থকাৰ কথা মুকলিকৈ কৈছিল।

২০০৭ চনত মুক্তি লাভ কৰিছিল ‘ছালাম-ই-ইছক’ ছবিখন। অৰ্জুনে নিখিল আদবানীক এই ছবি পৰিচালনাত সহায় কৰিছিল। অৰ্জুনক অভিনয় কৰিবলৈ প্ৰথম উদ্গণি যোগাইছিল ছলমানেই। অৰ্জুনে কয় যে- ''পূৰ্বে মই ছলমানক পিতৃৰূপে গণ্য কৰিছিলোঁ। তেওঁ মোক পৰিচালনা বাদ দি অভিনয়ত সোমাবলৈ ক’লে। তেওঁ মোক সদায় জ্যেষ্ঠ ভাতৃৰ দৰে পথ প্ৰদৰ্শন কৰিছিল।’’

কিন্তু দুবছৰৰ ভিতৰতে অৰ্পিতাৰ সৈতে অৰ্জুনৰ সম্পৰ্ক শেষ হৈছিল। অৰ্জুনে দাবী কৰে যে তেওঁৰ ওজন আছিল ১৪০ কিলোগ্ৰাম। সেইবাবেই অৰ্পিতাই তেওঁক এৰি থৈ গৈছিল।

বিচ্ছেদৰ পিছত অৰ্জুনে নিজৰ কেৰিয়াৰ আগুৱাই লৈ গৈছিল। ২০১২ চনত মুক্তি পোৱা ‘ইছাকজাদে’ ছবিখনত অৰ্জুনে প্ৰথম অভিনয় কৰিছিল। পৰিনীতি চোপ্ৰাই তেওঁৰ বিপৰীতে অভিনয় কৰিছিল। ইয়াৰ পিছত অৰ্জুনে ‘গুণ্ডে’, ‘টু ষ্টেট’, ‘কি এণ্ড কা’, ‘তেৱৰ’, ‘হাফ গাৰ্লফ্ৰেণ্ড’, ‘নমস্তে ইংলেণ্ড’, ‘পানীপথ’, ‘চৰ্দাৰ কা নাতি’ আদি ছবিত অভিনয় কৰে।

২০১৪ চনৰ ২১ নৱেম্বৰত অভিনেতা আয়ুষ শৰ্মাৰ সৈতে অৰ্পিতাই বিবাহপাশত আবদ্ধ হয়। তেতিয়াই ছলমানৰ নবৌয়েক মালাইকাৰ সৈতে অৰ্জুনৰ সম্পৰ্ক বাঢ়িবলৈ ধৰিলে। সেয়ে অৰ্জুনৰ ছলমানৰ পৰা দূৰত্ব বাঢ়ি আহে। এতিয়া অৰ্জুনক প্ৰায় ছলমান খানৰ পৰিয়ালে এঘৰীয়া কৰি তুলিছে। অৰ্জুনৰ সৈতে কোনো যোগাযোগ ৰখা নাই তেওঁলোকে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement