--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইৱানত মাৰ্কিন হস্তক্ষেপকলৈ চীন আৰু আমেৰিকাৰ মাজত সংঘাত তুংগত উঠিছে। আশংকা কৰা হৈছে যে চীনে হয়তো যিকোনো মুহূৰ্ততে টাইৱান আক্ৰমণ কৰিব পাৰে। টাইৱানলৈ চীনে ২১ খনকৈ অত্যাধুনিক যুদ্ধ বিমান প্ৰেৰণ কৰাৰ পিছতে যুদ্ধৰ আশংকা অধিক ঘনীভূত হৈ পৰিছে। কিন্তু যুদ্ধ বিমান প্ৰেৰণ কৰিও যেন আশ্বস্ত হ’ব পৰা নাই ৰঙা চীন। ৰঙা চীনৰ নিদ্ৰা হৰণ কৰিছে টাইৱানৰ এগৰাকী মহিলাই। 

চীনৰ  মূৰৰ বিষৰ কাৰণ হৈ পৰা মহিলাগৰাকীয়ে স্পষ্ট ভাষাৰে কৈছে  কমিউনিষ্ট দেশ খনক টাইৱানে এক ইঞ্চি মাটিও এৰি নিদিয়ে। চীনক কঠোৰ সকিয়নী দিয়া টাইৱানৰ এইগৰাকী ’লৌহ মানৱী’ কোন বাৰু?  তেওঁ  টাইৱানৰ 'গাৰ্ডিয়ান এঞ্জেল'। নাম তেওঁৰ চাই ইং-ৱেন। টাইৱানৰ ভৱিষ্যত এতিয়া তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিছে। কাৰণ চীনৰ ৰঙা চকুলৈ ভয় নকৰা এইগৰাকী সাহসী মহিলা হৈছে টাইৱানৰ ৰাষ্ট্ৰপতি। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ  অধ্যক্ষ নেন্সি পেলোচিৰ শেহতীয়া টাইৱান ভ্ৰমণক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে চীনৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে টাইৱানৰ ৰাষ্ট্ৰপতি চাই ইং-ৱেন । টাইৱানৰ ৰাষ্ট্ৰপতি চাই ইং-ৱেনে কোনো কাৰণতে চীনৰ ভাবুকিত ভীতিগ্ৰস্ত হোৱা নাই।ইয়াৰ বিপৰীতে তেওঁ কৈছে চীনে আহি যুদ্ধ দিলে আমিও সুদাই নেৰো। তেওঁ স্পষ্ট কৰি দিছে যে চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ দেশৰ স্বাধীনতাৰ যুঁজখনত শেষ টোপাল তেজ থকালৈকে তেওঁ যুঁজি যাব।

চীনৰ সন্মুখত প্ৰত্যহ্বানৰ প্ৰাচীৰ হৈ ছিয় দিয়া ’লৌহ মানৱী’ চাই ইং-ৱেনৰ জন্ম দক্ষিণ টাইৱানত ১৯৫৬ চনত  হৈছিল। ১১ বছৰ বয়সত তেওঁ ৰাজধানী টাইপেইলৈ গুচি যায়। বিদ্যালয়ৰ  শিক্ষাৰ অন্তত তেওঁ টাইৱান নেচনেল ইউনিভাৰ্চিটিৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮০ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰোনেল বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৮৪ চনত লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল চায়েন্সৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

চাই ইং-ৱেনৰ ৰাজনৈতিক জীৱনো বৰ্ণিল ঘটনাক্ৰমেৰে ভৰি আছে। ২০১৬ চনত  তেওঁ টাইৱানৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হৈ  ইতিহাস ৰচনা কৰে। তেওঁৰ সময়তে টাইৱানে সমকামী বিবাহক স্বীকৃতি দিয়ে।  চাই ইং-ৱেনৰ অৱদান কেৱল সামাজিক সংস্কাৰৰ ক্ষেত্ৰতেই নাই, দেশৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰতো তেওঁ নিৰ্ভীকভাবে কাম কৰি গৈছে। 

 চীনা আক্ৰমণৰ সন্মুখীন হৈ ৰাষ্ট্ৰপতি চাই ইং-ৱেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ইখনৰ পিছত সিখন  সামৰিক চুক্তি কৰি গৈছে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ  ভাবুকি স্বত্বেও  তেওঁ দেশৰ চাবমেৰিন বাহিনীক শক্তিশালী কৰি তুলিছে। ফলত চীনৰ  ৰেড আৰ্মীৰ নৌ বাহিনী শলঠেকত পৰি আহিছে। ২০২০ চনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন স্বাস্থ্য সচিব এলেক্স আজাৰে টাইৱান ভ্ৰমণ কৰিছিল।সেই সময়তো টাইৱান চীনৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। কিন্তু দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত তেতিয়াও অটল হৈ আছিল চাই ইং-ৱেন।

 সেই সময়তো চীনে টাইৱানৰ বিৰুদ্ধে চলাই গৈছিল ছাঁয়া যুদ্ধ। কিন্তু হাৰ মনা নাছিল চাই ইং-ৱেন।  চীনৰ আক্ৰমণ প্ৰতিহত কৰি  ২০২০ চনতো  তেওঁ  পুনৰ ক্ষমতালৈ আহিছিল। আকৌ এবাৰ চীনে 
 চাই ইং-ৱেনলৈ ভাবুকি মাতি আনিছে। কিন্তু লৌহ মানৱীক এইবাৰ বলে পৰা নাই চীনে।  চাই ইং-ৱেনে মাথো কৈছে "আমি সদায় গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে যুঁজ দিম। চীনে প্ৰতিটো আক্ৰমণৰ মূল্য ভৰিব লাগিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
'উইজডেন'ৰ বিশ্বৰ ৪০জন উদীয়মান ক্রিকেটাৰৰ তালিকাত ৰিয়ান পৰাগ
টিংখাঙত শোকাৱহ পথ দুৰ্ঘটনা! দুচকীয়া বাহনৰ মুখামুখি সংঘৰ্ষত দুজন নিহত, আহত দুজন
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক