--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ টাইৱানত মাৰ্কিন হস্তক্ষেপকলৈ চীন আৰু আমেৰিকাৰ মাজত সংঘাত তুংগত উঠিছে। আশংকা কৰা হৈছে যে চীনে হয়তো যিকোনো মুহূৰ্ততে টাইৱান আক্ৰমণ কৰিব পাৰে। টাইৱানলৈ চীনে ২১ খনকৈ অত্যাধুনিক যুদ্ধ বিমান প্ৰেৰণ কৰাৰ পিছতে যুদ্ধৰ আশংকা অধিক ঘনীভূত হৈ পৰিছে। কিন্তু যুদ্ধ বিমান প্ৰেৰণ কৰিও যেন আশ্বস্ত হ’ব পৰা নাই ৰঙা চীন। ৰঙা চীনৰ নিদ্ৰা হৰণ কৰিছে টাইৱানৰ এগৰাকী মহিলাই। 

চীনৰ  মূৰৰ বিষৰ কাৰণ হৈ পৰা মহিলাগৰাকীয়ে স্পষ্ট ভাষাৰে কৈছে  কমিউনিষ্ট দেশ খনক টাইৱানে এক ইঞ্চি মাটিও এৰি নিদিয়ে। চীনক কঠোৰ সকিয়নী দিয়া টাইৱানৰ এইগৰাকী ’লৌহ মানৱী’ কোন বাৰু?  তেওঁ  টাইৱানৰ 'গাৰ্ডিয়ান এঞ্জেল'। নাম তেওঁৰ চাই ইং-ৱেন। টাইৱানৰ ভৱিষ্যত এতিয়া তেওঁৰ ওপৰতেই নিৰ্ভৰ কৰিছে। কাৰণ চীনৰ ৰঙা চকুলৈ ভয় নকৰা এইগৰাকী সাহসী মহিলা হৈছে টাইৱানৰ ৰাষ্ট্ৰপতি। 

আমেৰিকা যুক্তৰাষ্ট্ৰৰ সংসদৰ  অধ্যক্ষ নেন্সি পেলোচিৰ শেহতীয়া টাইৱান ভ্ৰমণক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে চীনৰ বিৰুদ্ধে অধিক আক্ৰমণাত্মক হৈ পৰিছে টাইৱানৰ ৰাষ্ট্ৰপতি চাই ইং-ৱেন । টাইৱানৰ ৰাষ্ট্ৰপতি চাই ইং-ৱেনে কোনো কাৰণতে চীনৰ ভাবুকিত ভীতিগ্ৰস্ত হোৱা নাই।ইয়াৰ বিপৰীতে তেওঁ কৈছে চীনে আহি যুদ্ধ দিলে আমিও সুদাই নেৰো। তেওঁ স্পষ্ট কৰি দিছে যে চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ দেশৰ স্বাধীনতাৰ যুঁজখনত শেষ টোপাল তেজ থকালৈকে তেওঁ যুঁজি যাব।

চীনৰ সন্মুখত প্ৰত্যহ্বানৰ প্ৰাচীৰ হৈ ছিয় দিয়া ’লৌহ মানৱী’ চাই ইং-ৱেনৰ জন্ম দক্ষিণ টাইৱানত ১৯৫৬ চনত  হৈছিল। ১১ বছৰ বয়সত তেওঁ ৰাজধানী টাইপেইলৈ গুচি যায়। বিদ্যালয়ৰ  শিক্ষাৰ অন্তত তেওঁ টাইৱান নেচনেল ইউনিভাৰ্চিটিৰ পৰা আইনৰ স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৮০ চনত তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কৰোনেল বিশ্ববিদ্যালয়ৰ পৰা আইনৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। তেওঁ ১৯৮৪ চনত লণ্ডন স্কুল অৱ ইকনমিক্স এণ্ড পলিটিকেল চায়েন্সৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

চাই ইং-ৱেনৰ ৰাজনৈতিক জীৱনো বৰ্ণিল ঘটনাক্ৰমেৰে ভৰি আছে। ২০১৬ চনত  তেওঁ টাইৱানৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি হিচাবে নিৰ্বাচিত হৈ  ইতিহাস ৰচনা কৰে। তেওঁৰ সময়তে টাইৱানে সমকামী বিবাহক স্বীকৃতি দিয়ে।  চাই ইং-ৱেনৰ অৱদান কেৱল সামাজিক সংস্কাৰৰ ক্ষেত্ৰতেই নাই, দেশৰ নিৰাপত্তা নিশ্চিত কৰাৰ ক্ষেত্ৰতো তেওঁ নিৰ্ভীকভাবে কাম কৰি গৈছে। 

 চীনা আক্ৰমণৰ সন্মুখীন হৈ ৰাষ্ট্ৰপতি চাই ইং-ৱেনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈতে ইখনৰ পিছত সিখন  সামৰিক চুক্তি কৰি গৈছে। চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ  ভাবুকি স্বত্বেও  তেওঁ দেশৰ চাবমেৰিন বাহিনীক শক্তিশালী কৰি তুলিছে। ফলত চীনৰ  ৰেড আৰ্মীৰ নৌ বাহিনী শলঠেকত পৰি আহিছে। ২০২০ চনতো আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন স্বাস্থ্য সচিব এলেক্স আজাৰে টাইৱান ভ্ৰমণ কৰিছিল।সেই সময়তো টাইৱান চীনৰ প্ৰতিৰোধৰ সন্মুখীন হৈছিল। কিন্তু দেশৰ সুৰক্ষাৰ ক্ষেত্ৰত তেতিয়াও অটল হৈ আছিল চাই ইং-ৱেন।

 সেই সময়তো চীনে টাইৱানৰ বিৰুদ্ধে চলাই গৈছিল ছাঁয়া যুদ্ধ। কিন্তু হাৰ মনা নাছিল চাই ইং-ৱেন।  চীনৰ আক্ৰমণ প্ৰতিহত কৰি  ২০২০ চনতো  তেওঁ  পুনৰ ক্ষমতালৈ আহিছিল। আকৌ এবাৰ চীনে 
 চাই ইং-ৱেনলৈ ভাবুকি মাতি আনিছে। কিন্তু লৌহ মানৱীক এইবাৰ বলে পৰা নাই চীনে।  চাই ইং-ৱেনে মাথো কৈছে "আমি সদায় গণতন্ত্ৰৰ সুৰক্ষাৰ বাবে যুঁজ দিম। চীনে প্ৰতিটো আক্ৰমণৰ মূল্য ভৰিব লাগিব।"

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু